Tag সমাজ

মুক্তি

 স্বপ্না দত্ত ভৰালী     “ইচ্! কেনেকৈ?”  “কি হৈছিল?”  “বৰ ভাল মানুহ আছিল দেহি!”  ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা…

মই ঈশ্বৰী নহওঁ – (মানুহেই সেৱ মানুহেই দেৱ)

দিব্যাশ্ৰী নিয়ৰ বৰুৱা           ঈশ্বৰো হয়তো কেতিয়াবা ফুৰিবলৈ যায়৷ মন মন্দিৰত ৰৈ থকা ঈশ্বৰগৰাকীৰ যে ক’ত ঘৰ নাই, অথচ তেওঁ অঘৰী৷ আমি বিচাৰি ফুৰোঁ ঈশ্বৰক মন্দিৰে, মছজিদে, গীৰ্জাই, হস্পিতালে!   ঈশ্বৰ চকু মুদি ধ্যানত আছে৷ চকু মুদিয়েই সমস্ত বিশ্ব…

পানীৰ শিল

 কল্পনা শৰ্মা    লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্রকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰিত কথা এইটো! সাধুকথাত হে শুনিছিল মানুহবোৰে “লাও তল যোৱা- শিল ওপঙা”ৰ কথা৷ ঘোৰ কলিযুগত যেন এয়া সাক্ষাৎ ঈশ্বৰৰ…

ইয়াত এজোপা গছ থকা হ’লে

লক্ষী প্ৰসাদ ৰেগন ঘৰ্ষণত ক্ষয় যায় শিলো হাতুৰীৰ কোব নালাগে কথাৰ কোবত চূচুৰ্মৈ হৃদয় যুগ যুগ ধৰি মানুহবোৰ জয়ী হৈ আহিছে হিংসুক জন্তুবোৰ হেনো হাবিত থাকে তল ওপৰ কৰি যুঁজিছে নিজৰ মাজতে নিজে উস্ বৰ গৰম। এতিয়া কবিতাৰো জ্বৰ উঠিছে…

দুৰ্গতিনাশিনী

 পৰিস্মিতা বৰদলৈ   “কাৰাগাৰতনো কিহৰ উৎসৱ-পাৰ্ৱণ!” খীণকৈ কোৱা কথাষাৰ কাণত পৰামাত্ৰেই মানুহজনীয়ে জকজকাই উঠিল, “অত বছৰে থাকি থাকি এয়াই আমাৰ ঘৰ হোৱাদি হৈছে, গতিকে কি বিহু! কি পূজা! উছৱৰ আনন্দ আমি ইয়াতেই ল’ব লাগিব নিজৰ ধৰণেৰেই৷ বেদীত অধিষ্ঠিত কৰা দুৰ্গতিনাশিনীতকৈ…

অদাহ্য

 আকাশ দীপ্ত ঠাকুৰ          জুইকুৰা হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম সময় লৈছিল৷ দুয়োপাৰৰ দুখন গাঁও ধোঁৱাময় হৈ পৰিছিল৷        জুই জ্বলিলেতো ধোঁৱা ওলাবই– সেয়া সাধাৰণ কথা৷ ক’ৰবাত…

ৰাজকীয় ক্ষমা লাভেৰে স্ববন্দিত এলেন টুৰিং

  ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ ক্ষেত্ৰত নোবেল বঁটা সকলোতকৈ ওখ খাপৰ।অতি সন্মান জনক।এই বঁটা বিজ্ঞান, সাহিত্য, অৰ্থনীতি, শান্তিৰ বাবে প্ৰত্যেক বছৰে দিয়া হয়। চুইডেনৰ বিজ্ঞান…

মানৱ গ্ৰহাণুবোৰ

প্ৰশান্ত মিশ্ৰ মানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ’ব। কাৰ বাবে আকাশ মুকলি আছিল  আছিল মেঘৰ দ্যুতি পথাৰৰ পৰা ঘূৰি অহাৰ পথত আঁহত গছৰ ছাঁ; নৈৰ চেঁচা পৰশ হাবিয়নিৰ এন্ধাৰৰ ভীতি  পাহাৰৰ স্থিতপ্ৰজ্ঞ চাৱনি  তধা লাগি চাইছিল ডোঙাত ভাহি যোৱা মাছবোৰে…

অনুভৱ তুলসী : মোৰ অনুভৱেৰে

ড০ স্বাতী কিৰণ                                      কিছুমান মানুহে পোহৰ আৰু কোমলতা কঢ়িয়াই ফুৰে।মোৰ বাবে অনুভৱ তুলসীও তেনে এক সত্তা।তেখেতক গুৱাহাটী গ্ৰন্থমেলাত লগ পালেই মনটো এনেয়ে ভাল লাগি গৈছিল, এই মুগ্ধতাক ভাষাৰে বুজাব নোৱাৰি, যদিও কবি হিচাপে অনুভৱ তুলসী নামটো কৈশোৰৰ পৰা পৰিচিত কিন্তু…