Tag সমাজ

মোহবন্দী

 ৰঞ্জু শৰ্মা এইখিনিতে নৈখন তেনেই শান্ত৷ চহৰীয়া কোলাহলৰ পৰা বহু নিলগৰ এই নিৰিবিলি ঠাইডোখৰত নৈখন অলপ ঠেক আৰু তৰাঙো৷ উদ্যোগ নগৰীখনৰ শ শ কাৰখানাৰ পৰা নিষ্কাষিত পদাৰ্থ আৰু দৈনিক টনৰ হিচাপত জমা হোৱা চহৰৰ পেলনীয়া আৱৰ্জনাৰ দ’মবোৰে নৈখনক দুয়োপাৰৰ পৰা…

উলাহেৰে উভতি চাওঁ-১২

ড° পোনা মহন্ত আমাৰ আগৰ লেখাত সত্ৰীয়া বিহুৰ কথা কওঁতে ব’হাগ বিহুৰ হুঁচৰি আৰু বোকা ভাওনাৰ দৰে পুৰুষসকলে হালধি-পানীৰ খেলা কৰাৰ কথা উল্লেখ কৰিছিলোঁ৷ এই কথাও কোৱা হৈছিল যে সামাজিক, লৌকিক বা ধৰ্মীয় যি অনুষ্ঠানেই নহওক, সত্ৰৰ সীমাৰ ভিতৰত এই আটাইবিলাক…

মা

সঞ্জীৱ সভাপণ্ডিত চিত্ৰশিল্পী পুলক গগৈয়ে এখন ছবি আঁকি আছে৷ বহুদিনৰ পৰা৷ নিজৰ মাকৰ ছবি৷ তেখেতৰ নিজৰ বয়স এতিয়া প্ৰায় আশী বছৰ৷ মাক ঢুকোৱা বহু দিন হ’ল৷ মাকৰ মুখখন ভালকৈ মনত নাই৷ তেওঁ ঠিক ধৰিব পৰা নাই কোনখন মুখ আঁকিব— কেঁচুৱা…

নিজকে টুকুৰা টুকুৰ কৰি

ৰাশ্বেল চৌধুৰী    পথৰ মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি চিয়ঁৰিলোঁ যাৰ যি লাগে লৈ যাওক। ট্ৰেফিক পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি লাইচেঞ্চ বিচৰাত দুশৰীয়া কবিতা এটি লিখি দিলোঁ সি সন্তুষ্ট হৈ গুচি গ’ল নতুন চাইকেল এখন…

শামুকৰ মালা

অংকুৰ জ্যোতি বুঢ়াগোহাঁই ৰ’দ লৈ শুই আছে মানুহজনতেওঁৰ চোলাটোএটা শিলৰ ওপৰত শুকুৱাইছে! শিলটোৰ কাষতেমূৰ্চ্ছা গৈ পৰি আছে এখন নদী,পাতগাভৰুহঁতেশামুকৰ খোলাবোৰ বুটলি মালা গাঁঠিছে বালিচৰত শামুকৰ মালাবোৰকিনিবলৈ মানুহবোৰৰ হেতা-ওপৰা,অথচ কোনেও এবাৰো চোৱা নাইশুই থকা সেই মানুহজন…।—————————-  কবিৰ ঠিকনা:  তিতাবৰ বেবেজীয়া গাঁও ডাকঘৰ: পুৰণা তিতাবৰ…

বজাৰ

শ্ৰী সুশান্ত বড়া  *দোকানীক সুধিলোঁ, আপেল কেনে? বুকুৰ কাষলৈ নি ক’লে চাই লওক,  বয়স ত্ৰিছ হ’ব, অভিজ্ঞ…!ক’লোঁ এক কিল’, মই জানো ইয়াৰ অধিকাংশই গেলা৷ *পোহাৰীক সুধিলোঁ জীয়া মাছ নাইনে, ক’লে লৈ যাওক ছাৰ, হাত পাতি চকুযোৰ ল’লোঁ শুকান পুখুৰীত পালোঁ জী থকা মাছ৷* পাচলিৰ দোকানত চিনাকি মানুহটো চালোঁ বাচ্ছাক বিহ দি…

প্রাণ কপোঁৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ… ইত্যাদি

দেৱাশিস বুঢ়াগোহাঁই এজন কবি আহিছিল, হাতত আধালিখা কবিতা এটা কবিতাটোৰ দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ দুটামানত হ’মাৰৰ দুটামানত বাইৰনৰ (জঁপিয়াই থকা, তেজাল) দুটামানত নেডাৰ (স্ফুলিংগযুক্ত) শেষলৈ ৰিণি ৰিণি দেখিলোঁ, এটা শাৰী। নহয় এটা ৰিং হৰিৎ প্রান্তৰত হঠাৎ বাজি উঠা ঘণ্টাৰ ধ্বনি… শাৰীবোৰৰ কোনোবাটো— পাখিৰে লিখা, অস্পষ্ট…

নিৰ্মাণ

লক্ষ্যজিৎ বৰা কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ৷ শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷ ফৰ্ম ইম্‌পৰ্টেণ্ট। যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷…

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (তেৰ) নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ সন্মিলিত শক্তিয়ে ছ্যু-খান্‌–‌ফাৰ আগ্ৰাসী কাহিনীক তিনি ফালৰ পৰা বাধা দিলে৷ কিন্তু ছ্যু-খান্‌–ফাৰ বিৰাট  সৈন্যদলৰ দ্বাৰা প্ৰথম আঘাততে সন্মিলিত শক্তিৰ সৈন্য ছেদেলি-ভেদেলি হৈ গ’ল। ছ্যু-কা-ফাই নিৰীক্ষণ কৰি চালে ছ্যু-খান্‌-ফাৰ সৈন্য-সংখ্যাৰ তুলনাত নয়-ছান্‌-ফা, ছ্যু-জৎ-ফা আৰু…

মন-বিষণ্ণতা-কৰ্ম

 ইপ্সিতা কন্দলী শৰ্মা         মানুহ আন প্ৰাণীতকৈ পৃথক এই কাৰণেই যে মানুহৰ এটি মন আছে, মানুহে চিন্তা কৰিব পাৰে, শুদ্ধ–অশুদ্ধৰ বিচাৰেৰে নিজ ইচ্ছাৰে কাম কৰিব পাৰে। সময়ত ই ফুলৰ দৰে পাখিও মেলে; কিন্তু এই মনেই হঠাতে বিষাদৰ চাদৰ মেৰিয়াই মানুহৰ দৈনন্দিন…