Tag সমাজ

জীৱন বাটৰ কেঁকুৰি

 প্ৰতীক্ষা প্ৰিয়ম বিজয়া দশমীৰ সন্ধ‍্যা। দেৱীক স্বামীগৃহলৈ পঠিয়াই মাতৃসম ধৰাতলে ক্লান্তিত জোবোৰা মাৰিছে। সুদীৰ্ঘ চাৰি দিন ধৰি দেৱীৰ আৰাধনা চলিল, ‘মা’য়ে বছৰটোলৈ বুলি আশিস বৰষি থকাৰ আশাৰে সহস্ৰ মূৰ দোঁ খাই থাকিল। অহাবছৰ আকৌ আহিব ‘মা’, আমি বাট চাই থাকিম – বুলি…

হাত

 খনিন্দ্ৰ ভূষণ মহন্ত কণমানিটোৱে হাতখন মুখলৈ নি চুপি থাকে হাতে-গালে বগাই থাকে লেলাৱতি চকুৱে-মুখে নাচে স্বর্গীয় সুখৰ ফুল আইতাই কয় “গোসাঁয়ে অমৃত সানি পঠিয়াইছে। চুপি খা গোসাঁই, চুপি খা।”   হাতবোৰ ডাঙৰ হয় ফলিত অ-আ লিখি অমিতা আঁকি ভালপোৱা হাতবোৰে উকা…

ঈশ্বৰ কোন

অত্ৰেয়ী গোস্বামী সৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা কুকুৰ এটাক দেখুৱাই কৈছিল, “সৌৱা চা ঈশ্বৰ”৷ এদিন পিতায়ে কাৰ্শলা এডালকো  ঈশ্বৰ বুলি কৈছিল৷   ডাঙৰ হৈ দেখিলোঁ শালগ্ৰাম, বুজিলো ৰাস্তাৰ শিলগুটিও ঈশ্বৰ৷ বাৰিষা কুমজেলেকুৱাবোৰ দেখিলে মণি-মুকুতা খচিত  ৰাজকীয় সজ্জাৰ মানুহৰূপী ঈশ্বৰ শামুক…

লেণ্ডস্কেপ

গায়ত্ৰী দেৱী বৰঠাকুৰ  (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল   এটি মুদ্ৰাৰ দৰে খলকনি সুক্ষ্ম ঝনঝননি   উজ্জ্বলতাত তীব্ৰতাৰ অস্বাভাৱিক উপস্থিতি   (দুই)  চোৱাঁচোন মাটিছ মানুহ বোৰে  কিছুমান কথা ক‘ব লাগে বাবেই কৈ থাকে   তুমি…

অভিব্যক্তি নে আত্মপ্ৰত্যয়

 আকাশ দীপ্ত ঠাকুৰ         “ইমান কিয় ভাবনাবিভোৰ মন মৈথিলী ! আমিতো আজি কেৱল মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷ আচৰিত…তোমাৰ নিৰৱতাই যদি এতিয়া মোকো ভাষাহীন কৰি তোলে…? ”         খিলখিলাই হাঁহি দিলে ৰাধাই৷        ক্ষণিকৰ বাবে যেন…

চ্যালুইনৰ পৰা লুইতলৈ

 ড° চন্দ্ৰধৰ চমুৱা (চৈধ্য) ৰাজ্য আৰু ৰাজ–পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা–বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই থাকে। যাত্রাপথত কোনো এজনে মন্তব্য কৰিলে। সন্ধিয়া গাৰ নোম নেদেখা আন্ধাৰ হৈছে। ৰাজধানীৰ গড়ৰ বাহিৰত ৰাজ–বাটৰ পৰা অলপ নিলগত এখন বাৰীৰ ঢাপৰ কাষতে…

নাম বদল

অভিজিত শর্মা বৰুৱা         ইয়’ৰ অনাৰ, মোৰ নাম সুপ্রিয় চৌধুৰী। … হয়, হয়, ময়ে মোৰ নাম সলনি কৰিবৰ বাবে আবেদন কৰিছিলোঁ। … কি ক’লে? … এডভোকেট? … নাই, মোৰ কোনো উকীল নাই। মানে মই ক’ব খুজিছোঁ যে মই এইটো এটা…

বাঘৰাণী খইৰী

বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম আগে আগে গৈছে বিদিয়া, বিলন্দা, গৌৰ আৰু কলাকৰ। ঠাইটুকুৰাৰ ওপৰলৈ উঠি যাওঁতে দেখা গ‘ল ঠাইকণৰ এবুকুমান ওখত দুটা ডাঙৰ ডাঙৰ শিলৰ মাজত এটা ফাঁক।…

কেইটিমান জাপানী কবিতা

অনুবাদ: ড০ প্ৰাণজিৎ বৰা পখিলা ছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975) নমুনা সংগ্ৰহকৰা কোঠাটোত শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে মোৰ শ’টোও পৰি আছিল পিন এটাৰে ক্ষত–বিক্ষত হৈ যেন কোনোবা মৃতকৰ শোক পালনৰ বাবেহে পৰি আছিলোঁ তেনেকৈ, নিৰৱে   শ্ৰান্ত,…

ৰাজনৈতিক শিক্ষা আৰু শিক্ষক হিচাপে সময়ৰ ব্যৰ্থতা

 [ক]         অসমৰ মানুহক সাধাৰণভাৱে অসমীয়া বোলা হয়৷ অৱশ্যে শব্দটোৰ প্ৰকৃত পৰিধি আজিও নিৰ্ধাৰণ নহ’ল৷ আমি লক্ষ্য কৰিছোঁ যে অসম এনে এক ভৌগোলিক অঞ্চল য’লৈ বিভিন্ন স্থানৰ মানুহ বিনা বাধাই আহিব পাৰে, আহি ইয়াত স্থায়ী বসতি স্থাপন কৰিব পাৰে৷…