চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা

(তেৰ)

নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ
সন্মিলিত শক্তিয়ে ছ্যু-খান্‌
‌ফাৰ আগ্ৰাসী কাহিনীক তিনি
ফালৰ পৰা বাধা দিলে৷ কিন্তু ছ্যু-খান্‌
ফাৰ বিৰাট  সৈন্যদলৰ দ্বাৰা প্ৰথম আঘাততে সন্মিলিত শক্তিৰ সৈন্য ছেদেলি-ভেদেলি হৈ গল।

ছ্যু-কা-ফাই নিৰীক্ষণ কৰি চালে ছ্যু-খান্‌-ফাৰ
সৈন্য-সংখ্যাৰ তুলনাত নয়-ছান্‌-ফা
, ছ্যু-জৎ-ফা আৰু ছ্যু-কা-ফাৰ সৈন্য সংখ্যা এক
চতুৰ্থাংশও নহয়৷ এই যুদ্ধ
  চলাই নিলে শত্ৰুপক্ষক অযথা নৰ সংহাৰৰ সুযোগ
দিয়াৰ বাহিৰে একো লাভ নহ
ব৷ গতিকে বশ্যতা স্বীকাৰ কৰি সি শত্ৰুৰ চাউনীলৈ
দূত পঠালে। নয়-ছান্‌-ফায়ো সেইটোকে কৰিলে। নিজৰ নিজৰ ৰাজ্যত চাওফা হৈ শাসন কৰিবলৈ
দিয়াৰ বিনিময়ত বছৰি হাতী
, ঘোঁৰা, গৰু-মহ আৰু সোণ-ৰূপৰ মুদ্ৰা কৰ হিচাপে
মাও-লুঙক সোধোৱাৰ চুক্তি
  ল। কিন্তু শেষ পৰ্যন্ত ছ্যু-জৎ-ফাই বশ
নামানিলে। ঐক্যৰ উপদেশ কিমান সহজ
  আৰু বাস্তৱত কিমান জটিল
এইবাৰ ছ্যু-কা-ফাই পুনৰ উপলব্ধি কৰিলে৷

শত্ৰুপক্ষই ছু-জৎ-ফাক তাইপ
ফালে খেদি নিলে। ৰাজধানী চুংকোত তেওঁক বন্দী কৰি
  বধ কৰা হল।

ককায়েক ছ্যু-জৎ-ফাৰ মৃত্যুৱে ছ্যুকা-ফাৰ
জীৱনত সপ্তমটো গভীৰ মানসিক
  আঘাত বহুৱাই থৈ গল।
শোকাকুল মুহূৰ্তবোৰ পাৰ কৰি জীৱন ৰথৰ চকৰি ঘূৰাই থাকিল৷ এই মুহূৰ্তবোৰত কাষত
জ্ঞানী
, পণ্ডিত লোকৰ প্ৰয়োজন বৰ বেছি। তেওঁলোকৰ সান্নিধ্যই মনত কিছু বল দিয়ে৷ এজন মলুঙে
কৈছিল বোলে ঘাত-প্রতিঘাতবোৰে জীৱনক গতিময় কৰে
, জ্যোতিৰ্ময় কৰে৷ সংসাৰখন হৈছে জীৱনৰ পৰীক্ষাভূমি, 
অনেক ওখোৰা
মোখোৰা বাট আছে৷ এইবোৰ বাটত খোজ দি আগবাঢ়িব
নোৱৰা ব্যক্তিৰ জীৱন বৈচিত্ৰ্যহীন
, খালৰ পানীৰ দৰে অচল, ময়লা আৰু পোকপতঙ্গৰ
বাহ৷ কিমান সংঘাত আহে আহকচোন
, সি নজকে বুজনি দিলে৷

সি জীৱনৰ অষ্টমটো ডাঙৰ সংঘাতৰ মুখামুখি হবলৈ
এতিয়া আগবাঢ়িছে৷

পৰাধীন ৰজা যদিও ছ্যুকাফাই
দক্ষতাৰে ৰাজ্য শাসন কৰিছে৷
 শান্তি হৈছে প্ৰগতিৰ চাবিকাঠি৷
যুদ্ধ হ
লে জীৱন নাশ হয়, ত জীৱন নাশ হয়, 
উৎসৱৰ আনন্দ
উল্লাস নাথাকে, 
আনন্দ
-উল্লাস নাথাকে, তত জাতিৰ প্ৰাণ নাথাকে, 
জাতিৰ প্ৰাণ নাথাকে, ত
ত কিয়েইবা সৃষ্টি হয়! খেতিবাতিনো
হয় কেনেকৈ
, কোন প্ৰেৰণাৰে বাঢ়ৈখনিকৰে নতুন নতুন বস্তু গঢ়ে৷ আপোনজনক হেৰুৱাই
কোন সুখত শিল্পীয়ে গীত-বাদ্য নৃত্যৰ আনকো সুখ দিয়ে! সম্ৰাট অশোকৰ বাণী এহেজাৰ
বছৰৰ পূৰ্বেই ইয়াংচিকিয়াং
, মেকং, মেনাম, চ্যালুইন, ইৰাৱতীৰ সাৰুৱা উপত্যকালৈ বৌদ্ধ ভিক্ষু্
ছ্যাৰাসকলৰ মুখেদি অহাৰ ঐতিহাসিক কথাবোৰ ম
হুং পণ্ডিতৰ মুখৰ পৰা সি
জানিছিল। অশোকৰ বাণী আছিল:
  সকলোৰে সুখৰ বাবে সকলোৰে হিতৰ বাবে কাম কৰা।
অৰ্থাৎ যুদ্ধ পৰিহাৰ কৰা। যি‍ পাইছা তাতে সুখী হৈ আনৰ বাবে কাম কৰি যোৱা ৷ এই
শিকনিৰেই ছ্যু-কা-ফায়ো খোজ
  দিব খুজিছে শান্তিৰ পথত। আজি
সি এজন ককায়েকক হেৰুৱালে
, শোকৰ চকুলো মচি পুনৰ সি আগবাঢ়িছে, আগবাঢ়িছে জীৱনত যি পাইছে
তাকে লৈ সুখী হোৱাৰ প্রয়াসেৰে
; পৰাধীনতাৰ গ্লানিকে সি মূৰ পাতি লৈছে, তথাপি অনাহকত হত্যা আৰু
অন্যায়-অনীতিৰ পৰা সি যেন আঁতৰি থাকিব পাৰে। ককাই-ভাই
, কুটুম্বৰ মাজত যেন কোনো এখন
ৰণ নহ
ক। ফ্ৰা-ত্ৰাৰ ওচৰত তাৰ এই প্ৰাৰ্থনা৷ মৃত্যু বহুত দেখিলে
সি
, আৰু যেন দেখা নহওক।বুদ্ধ আৰু তাওৰ পথেই মানুহৰ আচল পথ হক।
চাই চাও মীৰু তাই
 —  অকাৰণত কোনো প্রাণী নামাৰোঁ, মীৰীত্‌ঙুন্‌
আও দাই
— আনক ঠগি ধন-সম্পত্তি নলওঁ…
ইত্যাদি। তাই বেতৰ প্ৰতিজ্ঞাৰ পোহৰতে সি নিজৰ প্রজাক শাসন কৰিবলৈ লৈছে। এতিয়া
ৰাজ্যৰ সমৃদ্ধি আৰু প্রজাৰ সুখ-স্বাচ্ছন্দ্য বৃদ্ধি পথত। ৰজাই সময় মতে মাও-লুঙলৈ
কৰ-কাটল পঠাব পাৰিছে। ছ্যু-কা-ফা আজি প্ৰজাৰ অতি প্রিয় ৰজা। তাৰ লগত মৰণপথৰ
যাত্ৰী হ
বলৈও শ শ প্ৰজা, প্ৰস্তুত। ডা-ডাঙৰীয়া আৰু প্ৰান্তীয়
বিষয়াসকলেও স্বতঃস্ফূ
ৰ্ত আনুগত্যৰে নিজৰ কাম কৰি গৈছে।

সি নিশ্চয় জানে যে বাস্তৱ কেতিয়াবা অতি
নিষ্ঠুৰ হয়৷ ভুক্তভোগীৰ অজ্ঞাতে সেই নিষ্ঠুৰতাই
 গঢ় লয়৷ ছ্যু-কা-ফাৰ অজ্ঞাতে গঢ় লোৱা তেনে এক নিষ্ঠুৰতাই তাৰ বন্ধ হৈ থকা এটা চকু যেন মুকলি কৰি দিলে; শান্তিৰে শয্যাত শয়ন কৰি
থাকিলেও পৰাধীন জীৱনৰ কোনো৷ মূল্য নাই। এই উপলব্ধি আহিল প্রায় এঅঁৰা
  বছৰ পৰাধীন ৰজা হৈ ৰাজত্ব কৰাৰ পাছত। এয়া
সম্ৰাট ছ্যু-খান্‌-ফাৰ এটা অন্যায়
  প্ৰস্তাৱৰ বাবে। এইটোৱেই হৈছে ছ্যু-কা-ফাৰ
জীৱনৰ অষ্টম অতি নিদাৰুণ আৰু
  অতি গুৰত্বপূৰ্ণ আঁচোৰ।

ছ্যু-খান্‌-ফাই দূত পঠিয়াই চিঠি দিছে: “জুন্‌-লুঙ্
ৰাজ্য আমাৰ সীমাতে আছে
, কিন্তু মাও-লুঙৰ বশ্যতা স্বীকাৰ কৰা নাই। মই
সৈন্য পঠাইছোঁ
, তুমি সিফালৰ পৰা  আগবাঢ়ি আহি সহায় কৰা৷

কি যে অযুক্তিকৰ নিৰ্দেশ! মাও-লুঙৰ লগত জুন্‌-লুঙৰ যুদ্ধ
বলৈ গৈছে, তাত ছ্যু-কা-ফাই কিয় সহায় কৰিব
লাগে
? পৰাধীন ৰজা হল বুলিয়েই তেনেহলে ছ্যু-খান্‌-ফাই
তাক এই অন্যায় কামত লগাব খুজিছে
? সি এইবাৰ সম্পূৰ্ণ সজাগ-সৰ্ক
হৈ উঠিল। বুজি পালে যে মঙ্-মি
ত্‌‌-কুপ্‌ক্লিন্‌-দাওত
তাৰ চাউল উকলিছে। ক
ৰবাত হাবি ভাঙি ন-পমুৱাই ঘৰ-বাৰী পতাৰ দৰে
আঁচনিৰে এখন নতুন ঠাইৰ সন্ধানত ওলাবৰ সময় হ
ল। পৰীৰ সাধুৰ দৰে শুনা
ৱাইছালি দেশৰ কথা তাৰ মনত আছে। এতিয়া এই দেশখনৰ ধান্দাই তাৰ মনত শয়নে-সপোনে
ক্ৰিয়া কৰিবলৈ ধৰিলে৷

চিঠিৰ উত্তৰত সি ছ্যু-খান্‌-ফালৈ লিখিলে: মানচাও
মাও-লুঙ্‌ সাজ্ৰাজ্যৰ গৰাকী ছ্যু-খান্‌-ফা ককাইদেউ! খ্ৰুপ্তাং গ্ৰহণ কৰক। কথাটো হ
, আপুনি যেনেকৈ মোৰ আপোন, তেনেকৈ জুন্‌-লুঙৰ ৰজাও মোৰ
সম্পৰ্কীয়। আমি সকলো একেটা বংশৰ পৰাই আহিছোঁ। যদি মই জুন-লুঙৰ বিৰুদ্ধে আপোনাক
সহায় কৰোঁ, তেন্তে আমাৰ একে বংশ-পৰিয়ালৰ সকলো ৰজাই মোক নিন্দা কৰিব। সেয়ে
আপোনাৰ আ
হ্বানৰ প্রতি সঁহাৰি জনোৱাৰ পৰা বিৰত থাকি মই নগলোঁ।
বেয়া নাপাব। ৰংবয় বয়। আপোনাৰ ভাই ছ্যু।
  মাও-লুঙৰ দূতৰ হাতেদি সি  চিঠিখন নপঠালে। দূতক মাথোঁ কৈ পঠালে, “এতিয়া
যোৱা
, আমাৰ দূত পাছত গৈ আছে।  ইফালে সি মন্ত্ৰী আৰু বিষয়াসকলৰ লগত আলোচনাৰ
প্রস্তুতি চলালে। সি বুজি উঠিছে যে সম্ৰাট ছ্যু-খান্‌-ফা এতিয়া বলিয়াৰ দৰে হৈ
পৰিছে। কাৰণ তেওঁক সহায় কৰিবলৈ মহাপ্ৰতাপী ভায়েক চাম্‌-লুঙ্‌-ফা তেওঁৰ কাষত নাই।
এতিয়া চাম্‌-লুঙ্‌ ফাৰ ঠাই
 ছ্যু-কা-ফাই পূৰাব লাগে! ছি!
ভাবিলেও ঘিণ লাগে। মাও-লুঙৰ সম্ৰাটক জুন্‌-লুঙ লোৱাত সহায় কৰাতকৈ বৰঞ্চ সি
চাম-লুঙ্‌-ফাৰ যি পৰিণতি ঘটিছে তাৰ সুযোগ ল
বলৈহে আগবাঢ়িব ৱাইছালি দেশৰ
ফালে।

সি এই জটিল সমস্যাটোৰ ওপৰত পুংখানুপুংখ আলোচনা
কৰিব খুজিলে বৰমে
 পাতি। ইতিমধ্যে চাম্‌-লুঙ্‌-ফাৰ সৈন্য দলত খাটি অহা এজন বিষয়াক সি লগ পাইছে৷

তেওঁৰ পৰাও সি বিদেশৰ বহু বিৱৰণ সংগ্ৰহ কবিছে।
সেই বিৱৰণৰ ভিত্তিত সি
 এখন আনুমানিক মানচিত্রও তৈয়াৰ কৰি উলিয়াইছে।
এইবোৰ কথা দুজন মন্ত্ৰী
 আৰু তিনি পুৰোহিতৰ   বাহিৰে আনে নাজানে। ইফালে প্ৰান্তীয়
ফু-কিন্-মুঙ্‌ বিষয়াসকললৈ
 খবৰ পঠোৱা হল যে তেওঁলোক সকলো চলিত চিপ্‌-ছং
মাহৰ প্রথম বা
ন্‌-চি বাৰতে বৰমেলত উপস্থিত হ
লাগে। লগতে সতৰ্ক ক
ৰি জনাই পঠোৱা হ
যে মাও-লুঙৰ সম্ভাব্য
  আক্রমণ আৰু নৰসংহাৰ হাত সাৰিবলৈ যি কোনা
মূহূৰ্ততে প্রজা সমন্বিতে দেশ ত্যাগ কৰাৰ যাৱতীয় গ্রস্তুতিৰে এই মেললৈ আহিব লাগে।
ইফালে সি চা
ৰি দিন পলমকৈ দূতৰ হাতত চেং-চেলৈ চিঠিখন প্ৰেৰণ
কৰিলে। লগত পঠালে দুজন পাকৈত চোৰাংচোৱা। ছ্যু-কা-ফা নিশ্চিত যে চিঠি পাই ছ্যু-খান্‌-ফা
তেনেই জ্বলি-পকি উঠিব। নুঠিবই বা কিয়
? এয়া যে তেওঁৰ কৰ্তৃত্বৰ প্ৰতি এক প্ৰত্যাহ্বা, পৰাধীন ৰজা  যে এক এক স্পৰ্দ্ধা! দ্বিতীয়তে
চিঠিখনত সি বংশ-পৰিয়ালৰ বিৰুদ্ধে গৈ নিন্দাৰ পাত্ৰ হ
বলৈ
অনীহা প্ৰকাশ কৰাৰ মাজেদি পৰোক্ষে ছ্যু-খান্‌-ফাক গাজত লগাকৈ আক্ৰমণ কৰিছে
; চিঠিখনৰ পৰোক্ষ অৰ্থ হৈছে
সম্ৰাট ছ্যু-খান্‌-ফা ভ্ৰাতৃবৈৰী
, গতিকে তেওঁ নিন্দাৰ পাত্ৰ

বৰমেলৰ আগে আগে মাও-লুঙলৈ পঠোৱা দূত আৰু
চোৰাংচোৱা ঘূৰি আহি পালেহি। তেওঁলোকে ৰজাক বৰচ
ৰাতে লগ ধৰি কলেহি
যে সম্ৰাট ছ্যু-খান্‌-ফা অতি ক্ৰোধান্বিত
, তেওঁ চাও-ফা ছ্যু-কা-ফাক
বন্দী কৰি নিবলৈ দুজন সামৰিক বিষয়া পঠাইছে।

মেল বহিবলৈ বেলি দুডাঁৰ বাকী আছে। এইখিনি
সময়তে সি পণ্ডিতসকলক মতাই আনি সকলো বিৱৰি ক
লে আৰু মাও-লুঙৰ সৈন্য কিমান
সময়ত আহি পোৱাৰ সম্ভাৱনা, সেয়া গণনা কৰি স্থিৰ কৰিবলৈ এখন আছুতীয়া ঠাইৰ
ব্যৱস্থা কৰি দিলে।

মাও-লুঙত এতিয়া সংৰক্ষিত সৈন্য নাই, গতিকে বিষয়াসকলে গাঁৱৰ পৰা  সংগ্ৰহ কৰোঁতে কিমান দিন লাগিব, জুন্‌-লুঙৰ ফালে যোৱা সৈন্যৰ
এভাগ ফালি অনাটো এই সময়ত কিমান অ
সম্ভ,  চোৰাংচোৱাকেইজন দিনে-ৰাতিয়ে ঘোঁৰা দৌৰাই আহোঁতে কিমান সময় লাগিছে, আৰু শত্ৰুসৈন্য স্বাভাৱিক
গতিবেগত আহিলে কেইদিন লাগিব
, বাটৰ নৈ-নলাৰ প্ৰতিকূল অৱস্থা ক
কিমান আছে ইত্যাদি সকলো দিশ চালি-
জাৰি পণ্ডিতসকলে আলোচনা কৰি
সিদ্ধান্ত দিলে: শত্ৰু-সৈন্য বান্‌-লেং বাৰৰ আগত নাপায়হি
৷ অৰ্থাৎ আজিৰ পৰা মাজতে তিনি দিনৰ পাছত
আহি পাব পাৰে।

বৰমেল বহিল। ছ্যু-কা-ফাই মঙ্-মিত ৰাজ্য চিৰদিনলৈ এৰি
যোৱাৰ ইচ্ছা ঘোষণা
 কৰিলে। ছ্যু-কা-ফা ইচ্ছাৰ সমৰ্থনত থাও-মুঙ্‌-কাঙ্‌-ঙানে এটি ভাষণো দিলে: স্বৰ্গৰ ৰজা লেংডনে খুন্‌-লুঙ্‌ আৰু খুন্‌-লাইক কৈছিল
বোলে শহুৰেক
, জেঠেৰিয়েক আৰু  খুলশালিয়েকহঁতৰ লগত বিৰোধ কৰিলে পত্নী হেৰায়, বংশ-পৰিয়াল আৰু ককাই-ভাইৰ
লগত দন-হাই কৰিলে ৰাজ্য হেৰায়
; আৰু কৈছে বোলে চৰায়ে পোৱালি‍ক পাখিৰে আৱৰি ৰখাৰ
দৰে প্রজাক ৰাখিবা
, বন্ধু-বান্ধৱ, সহায়-সাৰথিৰ লগত কাজিয়া  নকৰিবা।
অৱশ্যে শাস্ত্ৰৰ দোহাই সক
লো স্থান-কাল-পাত্ৰত নাখাটে বুলিও শেষত  তে‍ওঁ মন্তব্য প্ৰকাশ কৰিলে।

ৰজাৰ পক্ষৰ পৰা ববমেলত ঘোষণা কৰি দিয়া হল:
নৰা ৰাজ্যত কিছু দিন আশ্ৰয় লোৱাৰ কথা ৰজা নয়-ছান্‌-ফাক জনোৱা
 হৈছে। পৰহিলৈকে আমি সদলবলে  যাত্ৰা কৰাৰ কথা ভাবিছিলোঁ৷ কিন্তু দূৰৰসকল আহি
নাপাবহি পাৰে। তথাপি পৰহিলৈ সন্ধ্যাৰ আগে আগে সকলোটি নগৰৰ সিংহদ্বাৰৰ মুখত সমবেত হ

লাগিব৷
 ৱশ্যকবোধে
আমি ৰাতিও নগৰ এৰিব পাৰোঁ৷ প্ৰত্যেকে আৱশ্যকীয় অস্ত্ৰ-শস্তু
, বয়-বস্তু লৈ আহিব।
বিষয়াসকলে সৈন্যবল সাজু কৰক। প্রান্তীয় বিষয়াসকল নিজ নিজ প্ৰান্তলৈ যাওক আৰু
কাইলৈ ৰাতিৰ ভিতৰতে সৈন্য-বল প্ৰজা-বল সংগঠন কৰক আৰু দলত যোগ দিয়কহি। এই ঘোষণাৰে
ৰজা
, মন্ত্ৰী, বিষয়া, সৈনিক আৰু প্রজাৰ উপস্থিতি থকা বৃহৎ বৰমেলৰ
সামৰণি মৰা হ
ল।

এৰা, চৰায়ে পোৱালি‍ক পাখিৰে আৱৰি ৰখাৰ দৰে প্ৰজাক ৰাখে, গতিকে ৰজা অবিহনে প্রজা কেনেকৈ বাচে? আনহাতে প্ৰজা অবিহনে ৰজাৰ
স্থিতিয়েই বা ক
? ৰজাই প্রজাক ৰাখিব, প্ৰজাই ৰজাক৷ ৰজাৰ লগত যাব
প্ৰভুভক্ত প্ৰজাসকল
মাউত, ঘাঁহী, ঘোঁৰা-চোৱাৰীৰ পৰা আৰম্ভ কৰি খেতিয়কলৈকে অনেক
প্ৰজা৷
 ছ্যু-খান-ফাৰ
সৈন্য বাহিনী মঙ্‌-
মিত্‌ আৰু কেংলাও সোমোৱাৰ আগতেই
সকলো নগৰৰ চৌগড়ৰ বাজ হ
ব লাগিব৷…

ছখন প্ৰদেশৰ সামৰিক বিষয়াসকলে সামৰিক সজ্জাৰে
যোগদান কৰাৰ সংকল্প লৈ গৈছে। তেওঁলোকৰ লগত তিনিশ অশ্বাৰোহী আছে। সৰ্বমুঠ প্ৰজা
 প্ৰায়
ন হেজাৰ
, তাৰ
ভিতৰত ৰণুৱাৰ সংখ্যাই সৰহ। ৰাজপৰিয়ালৰ তিনিগৰাকী ৰাণী আৰু
 পাঁচজন  কোঁৱৰ। কোঁৱৰসকল
হৈছে খুন্‌ বা
, খুন্‌ ফ্ৰং, খুন্‌ ৰিং, খুন্‌ চেং আৰু খুন্‌ ফু-কিন। জাৰ
দুটা হাতী
, দঁতালটোৰ নাম খাম-ক-মঙ্‌ আৰু মাখুন্দীজনী চু-কিপ্‌-কৎ। নানা পুথি-পাঁজিৰে
ওলাইছে চাৰিজন পুৰোহিত। মুঠতে নগৰ আৰু বিভিন্ন প্ৰান্তৰ
 ৰা
ওলোৱা
  ছ্যু-কা-ফা
ঘনিষ্ঠ সহ
যোগীসকলৰ ভিতৰত আছে তা-খুন্‌-লাক্‌, ফু-কিন-মঙ্-খা, খুন-কুং, মঙ্-খু, খুন-তঙ্‌, মঙ্-খু, মঙ্-খুম্‌, কাং-খ্ৰু-মুঙ্‌, মংফী, কংগন, মঙ্-লি, থাও-মঙ্-কেও-খুন্‌, থাও-খেন্‌-লুঙ, থাও-মঙ্-মাং-খাম্‌, থাও-মঙ্-চাম, থাও-মঙ্-ম চাই, থাও-কেও-বং, কং-চাম্‌, থাও-মঙ্‌-চুও-খেন্‌,  খুন-লুঙ্‌-ৰু-পাক আৰু এই সকলোৰে
পৰিয়ালবৰ্গ।
 কাড়ী-পাইকসকলৰে
অনেকৰ পৰিয়াল আছে। অক্ষমসকল থাকি যাব। খেতি-বাতি
 ৰু
ৰণত সহায় কৰিব পৰা মুনিহ-তিৰোতাই স
হ।

ৰণুৱা-বনুৱা মানুহৰ লগত যাব প্রতি তিনিজনৰ
জোখাৰে ভাত বান্ধি খাব পৰা একোটি তামৰ মটং। হিচাপত এনে মটং তিনি হাজাৰেই হয়গৈ।
মটঙৰ লগত আৱশ্যকীয়
  একোপদ বাচন-বৰ্তন, মাটিৰ কলহ, মলা চৰু আদি। বাটত অনেকৰ
বাবে পাত-পটুৱা
, বাঁহৰ চুঙা আদি পৰিপূৰক হিচাপে থাকিব।

ইতিমধ্যে মংখান, মংখ্ৰুদাই, মংখা, মংপুন, মংফু আৰু মংগালি প্ৰদেশৰ
বিষয়াসকল সসৈন্যে আহি পালেহি।

+     +    +

থাও-মঙ্ ডাঙৰীয়াসকল আৰু পণ্ডিত পুৰোহিতসকলক
সম্বোধি ছ্যু-কা-ফাই
  সুধিলে, “বিদেশত
আমাৰ জাতিৰ পৰিচয় কি হ
ব বুলি ভাবে‍?”  তেওঁলোকে যাত্ৰাৰ বাবে প্ৰস্তুতিৰ
ব্য
স্ততাপূৰ্ণ মুহূৰ্তবিলাকৰ মাজতো প্রশ্নকৰ্তা ছ্যু-কা-ফাৰ এই
প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰি পালে। সেয়া যে তেওঁলোকৰ হাততে আছে! ছ্যু-কা-ফাৰ
প্ৰশ্নৰ উদ্দেশ্য এয়ে যে এই যাত্ৰাৰ সময়ত জাতিৰ পৰিচয়সূচক বস্তুবিলাকৰ এপদো
যাতে এৰি থৈ যোৱা নহয়, তাৰ বাবে সকলো সতৰ্ক হোৱা। পণ্ডিতসকলৰ হাতত আছে হাজাৰ
হাজাৰ বছৰ জোৰা জ্ঞান সঞ্চিত হৈ থকা পুথিবোৰ এটা জাতিৰ সভ্যতা-সংস্কৃতিৰ পৰিচয়
দিবলৈ হ
লে প্ৰথমেই আহিব পুথি-পাঁজিৰ কথা। এজন পণ্ডিতে ঠিক
এনে ধৰণেই উত্তৰটো দান কৰিলে। উত্তৰটোত সি সন্তুষ্ট হ

পাৰিলে আৰু মন্তব্য কৰিলে: বাহিৰত অ
স্ত্ৰবল আৰু জনবল প্ৰদৰ্শন, আন্ধাৰত জোঁৰ-বন্তি‍ৰ পোহৰ, কিন্তু অন্তৰৰ বল প্ৰদৰ্শন
কৰিবলৈ আৰু অন্তৰ পোহৰাবলৈ লাগে পুথিৰ একোটা ভঁড়াল। পেটৰ খাদ্য যেনেকৈ এৰিব
নোৱাৰি মনৰ খাদ্যও তেনেকৈ নোৱাৰি। ইতিমধ্যে
 সাঁচিপাত, তালপাত আৰু মুগা কাপোৰত লিখা অনেক পুথিৰে পৰিপূৰ্ণ ছটা
কাঠৰ পেৰা উলিয়াই ৰখা হৈছে পুথিবোৰৰ কিছুমান আছিল পণ্ডিতসকলৰ ঘৰত
, কিছুমান ডাঙৰীয়াসকলৰ হাত আৰু কিছুমান ৰাজহাউলিত৷ এইবোৰ কঢ়িয়াই নিবৰ কাৰণে একুৰি চাৰিজন ভাৰী
সাজু কৰি ৰখা হৈছে৷ এওঁলোকে কঢ়িয়াই নিবৰ কাৰণে একুৰি চাৰিজন ভাৰী সাজু কৰি ৰখা
হৈছে৷ এওঁলোকে পেৰাবোৰ সলনা-সলনিকৈ হাঙি ভাৰ কৰি নিব৷ ক’ৰবাত কিবা কিজানি থাকি
গৈছে বুলি সি পুনৰ পণ্ডিতসকলক মনত পেলাই চাবলৈ ক’লে৷ তেওঁলোকে বিভিন্ন প্ৰকাৰৰ
পুথিবোৰৰ লখতিয়ান ল’লে৷ খতিয়ানমতে এই পুথিৰ ভাণ্ডাৰত আছে ল’ৰাৰ উপদেশ পুথি লান্‌-খিন্‌-পুৰ
পৰা আৰম্ভ কৰি পুলিন-পু
থাওৰ উপদেশৰ পুথি পু-চন্‌-লান্‌লৈকে, পূজা-পাতলৰ বাবে খেক বিধি পুথিৰ পৰা আৰম্ভ কৰি তাও ধৰ্মশাস্ত্ৰ তাও-তেহ্‌ চিঙ্‌ আৰু   কন্‌ফিউছিউছৰ লুন্‌-য়ুলৈকে, প্ৰাৰ্থনাৰ বাবে খাম্‌-ছিং-আই-ছিং-লাওৰ পৰা আৰম্ভ কৰি
সৃষ্টিতত্ত্ব পেঞ-কা-
কালৈকে, জ্যোতি মঙলতিৰ পুথি ফে-লুঙ্‌-ফে-বান্‌ৰ ৰা শব্দ-কোষলৈকে আৰু লগতে মানুহ, ঘোঁৰা  আৰু হাতীৰ চিকিৎসাৰ বাবে
অনেক নিদান পুথি
; পণ্ডিতসকলৰ মোনাত আছে চীনা তুলপাত, চুঙাত মৈলাম। আমলখি, শিলিখা, গৰুৰ মূ
আৰু কেহেৰাজ বনৰ
 
মিহলি কৰি তৈয়াৰ কৰা মৈলাম
, চৰাই পাখি আৰু ঢেঁকীয়া লতাৰ কলম
আৰু বা কি থাকিল
? গীত-নৃত্য, শিল্প, ভাস্কৰ্য আদিতো টোপোলা আদিতো টোপোলা বান্ধি নিয়া বস্তু নহয়। এইবোৰ জীৱন্ত মানুহৰ
বিদ্যাৰূপে গাৰ
 ছাঁ হৈ গৈ থাকিব। বাদ্যযন্ত্ৰ
যাব পৰাখিনি যাব
, নোৱাৰাখিনি বাঢ়ৈ-কাৰিকৰে আৱশ্যক মতে বনাই
যোগান ধৰিব। কিন্তু নিব নোৱৰা আৰু বনাই ল
ব নোৱৰা বস্তু কি?

এৰা, এইটো এটা ডাঙৰ প্ৰশ্ন আৰু উত্তৰো হয়তো
হৃদয়-বিদাৰক৷

ওঠৰ বছৰে আপোন কৰি লোৱা ঠাইখনৰ উদ্যান, পুখুৰী, নৈসৰ্গিক শোভা য
প্ৰেম-ভালপোৱাই কুঁহিপাত মেলি ফুলে-ফলে ভৰি পৰিছিল
, পৈতৃক ৰাজকাৰেং, কাৰেঙৰ চৌগড় এইবোৰৰ পৰা চিৰকাললৈ
বিদায় লোৱাটো জানো সহজ কথা
? এটাৰ পাছত এটাকৈ প্ৰতিটো বস্তুৰ ছবি
যেন সি মনৰ ভিতৰত সাঁচ মৰাৰ দৰে মাৰি লৈ যাব। এয়া তাৰ জীৱনৰ নৱম দুৰ্বহ মুহূৰ্ত
, অন্যতম কৰুণ অভিজ্ঞতা।
কাৰেঙৰ অভ্যন্তৰৰ আছুতীয়া কোঠাৰ মজিয়াত স্থাপন কৰা ডাম্‌
লাকৰ
ওচৰত বহি সি এক কৰণ সুৰত আই-ছিং-লাও লগাই দিলে: চাও নুৰু চাও কাও
 
ফা তু চিং ফ্ৰুং ফা লাই বেত ফা পিন্‌ বেত… থুক
, তাং লাই, বই মউ। চাও কাও  …।
কুঁৱৰী আৰু
 কোঁৱৰসকলে
প্রাৰ্থনাৰ মাজতে উচুপি দিলে। প্ৰাৰ্থনাৰ শেষত ডাম্‌-লাকৰ ওচৰত সি বিদায় মাগিলে
এই বুলি: হে লেংডন
, হে লাংকুৰি, য়াছিংফা,খাও-খাম্‌, জান্‌ছই হুং, আই-লেংডিন প্ৰমুখ্যে
দেৱ-দেৱীসকল
, পুলিন-পুথাওসকল, আজি মই ডাম্‌-নাকক বিদায় দি
তোমালোক সকলোকে মোৰ লগত ল
লোঁ। তাৰে চিনস্বৰূপে ইমান দিনে ডাম্‌-লাকৰ
ওচৰত স্থাপিত আৰু পূজিত এই হেংদান আৰু চুম্‌-ফা-ৰু-চেং-মুঙক শিৰত তুলি ল
লোঁ, আজিৰ পৰা মোৰ গৃহহীন দিনবোৰত
মোৰ হৃদয়তে স্থান লৈ থা
কা এই বুলি সি ডাম-লাকৰ ওচৰত থকা হেংদান আৰু
চুম্‌-চেং অলংকাৰৰ শৰাইখন মূৰত তুলি ল
লে আৰু লাহে লাহে কাৰেঙৰ
বাহিৰলৈ ওলাই আহিল। পাছে পাছে উচুপি উচুপি ৰাজপৰিয়ালৰ বাকীসকল