Tag সমাজ

মেকবেথ

 শিৱানন্দ কাকতি একেবোৰ কথাকে সকলো দিশৰ পৰা বাৰে বাৰে শুনি শুনি দেখি দেখি সকলোৰে লগতে কথাবোৰো ভৱেনৰ প্ৰায়ে মুখস্থ হৈ গৈছে৷ কোনটো শাৰীৰ পাছত কি শাৰী, কোনটো শব্দৰ পাছত কোনটো শব্দ, ইটো শব্দৰ লগত আনটো শব্দৰ কিমান বিৰতি– প’জ এই…

পূজা-পাৰ্ৱণ আৰু সাজ-পোছাক ইত্যাদি

 ড০ মৰমী বৰঠাকুৰ তালুকদাৰ পূজা–পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি থাকে; থাকে তাৰ লগত সংগতি ৰাখি সাজযোৰৰো বিধি৷ লোকজীৱন জড়িত এই লোকসংস্কৃতি আৰু পৰম্পৰাবোৰৰ গুৰুত্ব আমি জানো নুই কৰিব…

জী আছোঁ

 অনুৰাগ শইকীয়া   শান্তিৰ ভাও দি দি জী আছোঁ ভাষণেৰে শান্তি ছটিওৱা যুদ্ধবাজ মানুহৰ আঙুলিত নাচি আছোঁ   লাওখোলাবোৰত বিষাক্ত সাপ খোঁটবোৰৰ পৰা কোনোৰকম বাচি আছোঁ জী আছোঁ   কোনো বৃদ্ধই মৃত্যুৰ বুকুত মূৰ থৈও বজায় জীৱনৰ বীণ গুপ্তাঙ্গত আঘাত লৈ…

শ্বেৰণী : মানুহ বনাম বন্যজন্তু, অৰণ্যৰ সংঘাতৰ সফল প্ৰতিফলন

 গীতিকা শইকীয়া “শ্বেৰণী” চিনেমাখনৰ আৰম্ভণি এখন বনাঞ্চলৰ দৃশ্যৰে হয় য’ত প্ৰকৃতিৰ চিৰসেউজীয়াৰ নয়নাভিৰাম সৌন্দৰ্যই দৰ্শকক মুগ্ধ কৰে। ৱাইড এংগল শ্বটৰ সেই সেউজীয়া লাহে লাহে ধুসৰ হৈ গৈ কাহিনী আৰম্ভ হ‘বলৈ ধৰে। অৱশ্যে চিনেমাখনত অৰণ্যৰ সৌন্দৰ্যক দেখুওৱাটোৱেই পৰিচালকৰ উদ্দেশ্য নহয়। মূলতে…

ভাৰতৰ বিশ্বগুৰু হোৱাৰ সপোন : বাস্তৱ আৰু ভৱিষ্যত!

পঙ্কজ প্ৰতিম বৰদলৈ যোৱা প্ৰায় এক দশকৰো অধিক সময় ৰাষ্ট্ৰীয়–আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দেশ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াসৰ বিষয়ে এক সৰৱ আলোচনা চলি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত, এই দিশটোৱে বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীতো গুৰুত্ব লাভ কৰিছে…

অসমীয়া মেধা— অপসৃয়মান নে অস্তিত্বহীন?

       সঞ্জীৱ সভাপণ্ডিত                         নিমাতী ঘাটত দুখন ফেৰীৰ মাজত খুন্দা লাগিল৷ এখন কাতি হৈ পানীত সোমাই গ’ল৷ প্ৰথমতে বহুত মানুহৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছিল যদিও মূৰকত দেখা গ’ল যে মাত্ৰ ৩…

খোজবোৰ

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা         এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবোৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে…

দ্বিতীয় আগমন

অনুবাদ কবিতা : The Second Coming – W.B. Yeats অনুবাদ: ড০ পোনা মহন্ত (প্ৰখ্যাত আইৰিশ্ব্‌ কবি ৱিলিয়াম বাট্‌লাৰ য়েট্‌ছৰ (William Butler Yeats, 1865– 1939) The Second Coming নামৰ কবিতাটো আধুনিক পাশ্চাত্য সাহিত্যৰ উৎকৃষ্ট সৃষ্টিসমূহৰ অন্যতম বুলি সমালোচকসকলে ভাবে৷ বাইবেলৰ Revelation…

কফিন

মূল : ৱি‍লিয়াম ষ্টেনলি ব্ৰেথৱেটঅনুবাদ : মৌচুম বৰুৱা পৃথিৱীৰ বুকু সাবটিশুই আছোঁ—কবৰৰ অন্ধকাৰত৷য’ত ঘৃণা নাই, চতুৰতা নাই, জ্ঞান নাইআৰু নাই সেই সকলোযি ম্লান কৰি দিয়ে মানুহৰ আত্মিক বন্ধুত্বক৷ সকলো কাম শেষ কৰি মই আঁতৰি গৈছিলোঁতৃপ্ত হৃদয়েৰে৷এতিয়া স্বপ্নহীন নিদ্ৰাৰ গভীৰতাতকিমান যে…

অজগৰ ১

পংকজ গোবিন্দ মেধি   কোনে কাক ৰিঙিয়াই মাতিছে  দেৰেক পাহাৰৰ চাংমাহঁত নেকি   পাহাৰত প্রতিধ্বনিত হৈ উলটি অহা শব্দৰ সুহুৰি  কি কৈছে তেওঁলোকে কাক কৈছে   মূৰৰ ওপৰৰ হেলনীয়া কোণত বহা ৰাতিপুৱাৰ বেলিটোৱে  আমাৰ কাপৰ চাহৰ ধোঁৱাবোৰত শোহা মাৰিবলৈ লৈছিলহে…