Tag ভাষা

এজন ওখ মানুহৰ প্ৰয়োজন

ভৰত ৰাজখোৱা জিলাখনৰ এমূৰীয়া পঞ্চায়তটোত বাস কৰা মানুহখিনিৰ এটাই দুঃখ তেওঁলোকে এজন ওখ মানুহ বিচাৰি পোৱা নাই৷ এজন ওখ মানুহৰ অভাৱে আজি দীৰ্ঘদিন ধৰি মানুহখিনিক কষ্ট দি আহিছে৷ পঞ্চায়তটোক সন্মিলিত জনগোষ্ঠীৰ পঞ্চায়ত বুলি ক’লেও ভুল কৰা নহ’ব৷ সকলো ধৰ্ম আৰু…

আমাৰ কৰচন চৰাইৰ অভিযান

(প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে) ৰূপজ্যোতি হাজৰিকা পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা এটা হবি৷ আজৰি সময়ৰ বেছিভাগ সময় চৰাই চোৱা কামটোতে ব্যস্ত হৈ থাকি‍ ভাল পাওঁ৷ সেইবাবে কেইজনমান বন্ধুৰ লগত বা কেতিয়াবা অকলেই এই কামটোত…

সম্পাদকীয়

সুখৰ আধুনিক উৎস মাঘবিহুৰ উৰুকাৰ আগদিনা সন্ধিয়া৷ চুবুৰি‍ৰ ৰাইজে সাজি তোলা ভেলাঘৰটোৰ সন্মুখতে জুই পুৱাই চাহমেলত বহিছে৷ মেলৰ বিষয় পাছদিনাৰ ভোজ আৰু মেজি৷ চুবুৰি‍ৰ এজন প্ৰাক্তন বাসিন্দা হিচাপে কিছু সময়ৰ বাবে ৰাইজৰ সান্নিধ্য বিচাৰি গৈ বহিছিলোঁগৈ৷ চহৰৰ এক আৱাসিক অঞ্চলৰ…

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস

 সমুজ্জ্বল শইকীয়া (১) কল্পবিজ্ঞান সাহিত্য বুলিলে বিজ্ঞানক ভিত্তি কৰি মানুহৰ বিশ্বাসযোগ্য হোৱাকৈ লিখা এক শ্ৰেণীৰ কল্প কাহিনীক বুজায়৷ এই কাহিনীত কল্পনাৰে বিজ্ঞানৰ আৱিষ্কাৰ, আৱিষ্কাৰৰ সুফল অথবা কুফল আৰু মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়াক দেখুওৱা হয়৷ কল্পবিজ্ঞান সাহিত্যত কল্পনাৰে বিজ্ঞানৰ চমৎকাৰী দিশ আৰু ইয়াৰ…

লিংগপুৰাণ

 মণিকা দেৱী ‘‘লিংগটো দিছোঁ৷ চাবচুন কেনে পায়৷’’ মেছেজটো পঢ়ি এক মুহূৰ্তৰ বাবে থৰ হৈ ৰৈ গ’ল চিত্ৰা৷ কি মেছেজ এইটো? কোনে দিছে? নম্বৰটো অচিনাকি৷ ডি পিত থকা ফট’খনো অচিনাকি৷ ডেকাল’ৰা এজনৰ ফট’৷ ধুনীয়া, বৰ ধুনীয়া৷ চকুৰ চাৱনিয়ে একেবাৰে অন্তৰাত্মা কঁপাই তুলিব পাৰে৷ অন্তৰাত্মা…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বতৰটো সঁচাকৈয়ে বেয়া হ’ল। ‘বেয়া’ মানে বৰষুণ আহিল। পথাৰত ধান দোৱাৰ সময়ত বৰষুণ আহিলে খেতিয়কসকলে বেয়া পায়। মুঠিবোৰ বৰষুণত তিতি নষ্ট হোৱাৰ ভয় থাকে। পথাৰত পানী জমা হ’লে ডাঙৰি বান্ধিবলৈও অসুবিধা হয়। সেয়ে সাতে সোতৰই মিলাই ধান দোৱাৰ…

নৱীন কবিলৈ চিঠি

 Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা সপ্তম পত্ৰ    ৰোম, ১৪ মে, ১৯০৪        মৰমৰ মিষ্টাৰ কাপ্পাছ,        তোমাৰ শেহতীয়া চিঠিখন পোৱাৰ পাছতো বহু সময় পাৰ…

উলাহেৰে উভতি চাওঁ-১০

 কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা যাব৷ অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটকৰ নায়িকা চৰিত্ৰয়ো ঠিক একেটা কথাকে কৈছে৷ গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকৰ এটা আদিৰসসিক্ত দৃশ্যত…

স্পর্টছমেন

মূল বাংলা: সাৰস্বত চক্ৰবৰ্তী অসমীয়া অনুবাদ: বর্ণালী ফুকন ‘‘দ্রোণাচার্য হ’ল পৃথ্বীশ অধিকাৰী।’’ পুৱাৰ পৰাই মানুহজনে বাৰে বাৰে সেই একেটা খবৰকে পঢ়িছে। ভাৰতৰ সর্বোচ্চ গল দিয়াজন। অর্জুন পুৰস্কাৰপ্ৰাপ্ত ফুটবল খেলুৱৈ। খেলুৱৈ বা ক’চ, দুইটা ক্ষেত্ৰতে সমানে সফল। কাগজত পৃথ্বীশৰ বিষয়ে লিখা প্ৰতিটো প্রশংসাবাক্যই…

ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা

কৰৱী বৰ্মন কলিতা ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস, যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। পৰম্পৰাগতভাৱে ভাৰতীয় ধৰ্ম শব্দটো সংস্কৃত শব্দ৷ এই শব্দটো সংস্কৃত ধাতু ‘ধৃ’-ৰ পৰা আহিছে বুলি পণ্ডিতসকলে কয়৷ ‘ধৃ’ মানে ধাৰণ কৰা৷…