বিজ্ঞান সকলোৰে বাবে হয়নে?
ড° ভাৰত বৰুৱা আজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট পিন্ধি অনুবীক্ষণ-যন্ত্ৰৰে পৰীক্ষা কৰি আছে, এজন জ্যোৰ্তিবিদে দূৰবীক্ষণেৰে মহাকাশৰ ৰহস্য বিচাৰিছে, কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে…