Tag ভাষা

দুখন উপন্যাস আৰু দুটা গল্পৰ মাজত এজন নবীন বৰুৱা

 উৎপল দত্ত   নবীন বৰুৱাৰ ‘কটন কলেজ’ পঢ়িবলৈ হাতত তুলি লোৱাৰ একমাত্ৰ কাৰণ আছিল কিতাপখনৰ নামটো৷ ‘কটন কলেজ’ আছিল এক ধৰণৰ অজানা ৰহস্যময় আকৰ্ষণবিন্দু, বিশেষকৈ হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়া সময়তে শুনিছিলোঁ কটন কলেজৰ অলেখ ৰোমাঞ্চকৰ কাহিনী- সফলতাৰ বহু সত্য-কাহিনী আৰু…

শোণিতগাথা

আকাশ দীপ্ত ঠাকুৰ “উঠাঁ পাঞ্চালী… উঠাঁ৷ চোৱাঁ… অৱশেষত ময়ো পতিত হ’লোঁ৷ সম্পূৰ্ণ নহ’ল মোৰ সশৰীৰ স্বৰ্গাৰোহণ৷ সৌৱা চোৱাঁ… জ্যেষ্ঠ ভ্ৰাতা ধৰ্মৰাজ অকলেই আগ বাঢ়িছে…৷ এতিয়া মাথোঁ তেওঁৰ সংগী সেই সাৰমেয়৷” নিথৰ হৈ পৰা দ্ৰৌপদীৰ শৰীৰটোলৈ চাই বিহ্বল হৈ পৰিল বৃকোদৰ৷…

মানুহৰ মনৰ গঢ়

 সঞ্জীৱ সভাপণ্ডিত আমাৰ ইতিহাসে আমাক যিকণ কয়, তাৰ পৰা আমি জানিব পাৰোঁ যে, আহোমসকল এবাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল– আহিলেই আৰু, ঘূৰি যোৱাৰ নাম নল’লে৷ তেওঁলোকে চীন দেশত থকা বা উত্তৰ মানদেশ বা উত্তৰ থাইলেণ্ডত থকা পুৰণা পিতৃভূমি বা মাতৃভূমিৰ…

পাৰ্থবিজয় দত্তৰ জীৱনবীক্ষা আৰু গল্পজগত : এটি আলোকপাত

 ৰুদ্ৰ সিংহ মটক “সাহিত্য কি?  নিৰৱচ্ছিন্নতাৰ মাজেদি শিপাৰ সন্ধান? “তৃতীয় নেত্রেৰে দেশ মানুহ অৰণ্য আকাশৰ আৱাহন…?” (পাৰ্থ বিজয় দত্ত) “জোনাকী”-ৰ যোগেদি আধুনিক সাহিত্যৰ এটি বিশিষ্ট কলাৰূপ হিচাপে মননশীল পাঠকৰ মনোযোগ আকৰ্ষণ কৰা অসমীয়া চুটিগল্পই পিছলৈ ‘আবাহন’-ৰ পাতত এক বিস্তৃত আয়তন…

পৰজীৱী

 নৱনীতা ভট্টাচাৰ্য   টিটিৰ দিনলিপিখন পঢ়াৰ পিছৰে পৰা তাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গৈছে৷ তাৰ কিছুমান কথা শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও বৰ গুৰুত্বপূৰ্ণ। তাৰ কথাবোৰে মোক আমোদ দিয়াতকৈ বেছি আচৰিতহে কৰি তোলে৷ তাৰ নিচিনা অনুসন্ধিৎসু মনৰ গৰাকী হয়তো সমাজত তেনেই তাকৰ।…

খালি ঘৰ

নৃপেন গোস্বামী তৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰত শব্দৰ ঢৌ ছিটিকা খবৰ পাটিদৈয়ে ছাঁ দিয়া পানীময় পুখুৰী কিম্বা  বিলৰ কাষত  বুজি পোৱা দিনত চেঙা উজায় চেঙাক আপুনি কবিতাৰ ঘৰত বিচাৰিলে পাব বুলি ভবাটো সমূলি ভুল নহয় চেঙা এতিয়া আধুনিক…

কেৰ্কেটুৱাটো

 হৰেকৃষ্ণ ডেকা   বাৰাণ্ডাতে বহি আছোঁ। বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি। কেৰ্কেটুৱা এটা ক্ষন্তেক ৰ’ল। মোলৈ চালে সি। আৰু খৰধৰকৈ নাৰিকলজোপাৰ ওপৰলৈ উঠি গ’ল। বাতৰি-কাকতত খেদা-খেদি, গ্ৰেপ্তাৰ। নাৰিকলজোপাৰ পৰা কিবা এটা পৰাৰ শব্দ হ’ল। কেৰ্কেটুৱাটোৱে কুমলীয়া ডাব এটা কুটিছে আৰু…

চোৰ

 খনিন্দ্র ভূষণ মহন্ত   চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত শেষ নিশাৰ এন্ধাৰৰ ৰং এমুঠি ছটিয়াই নৈঃশব্দ্যৰ ধ্রুপদী তালত খোজ দি গুচি যায় এটি বাট   এনে কি আহুদি লগা মন্ত্রৰ আৱাহন লালায়িত হৈ পৰে বাসনাৰ সমস্ত আকুলতা আৰু প্রসাৰিত…

কালি আমি নাছিলোঁ

প্ৰদীপ শইকীয়া   মনত নাই কালি আমি নাছিলোঁ আছিলোঁ যদিও নাজানো ৷ নথকাৰ সম্ভাৱনাই বেছি   গুবৰুৱা : গোবৰ উকটিছিলোঁ                পাচনযন্ত্ৰৰ বৰ্জিত পদাৰ্থত অপদাৰ্থ বিচাৰিছিলোঁ   কালি আমি কি কৰিছিলোঁ কিয় লাগে ! আজি যি কৰি আছোঁ কালিও কৰিছিলোঁ  …

বাঘিনীৰ সত্য জীৱন কাহিনী

   ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম সেইদিনা ৰাতি হৰিশে মোক জগাই খইৰীয়ে তাক কামোৰাৰ কথা জনোৱা নাছিল৷ কাৰণ সি জানিছিল যে কৰ্তব্যৰ সময়ত সি খইৰীক পহৰা নিদি শুই আছিল বুলি জানিলে তাৰ ওপৰত মই বিৰক্ত হ’ম…