Tag ভাষা

সপোনপুৰত জোনাক

উচ্চজিৎ দশগিৰি   সপোনপুৰত এদিন জোনাক নামিছিল; আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি। আমি চাবলৈ নাপালোঁ, আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ মৃত নগৰীত।   আমাৰ আকাশ বিষাদে ঢাকি আছিল, আমাৰ চকুত নাছিল সপোন দেখাৰ হাবিয়াস। আমি এক অজান ভয়ত পলাই ফুৰিছিলোঁ…

দ্য লেণ্ড অৱ্ ঝাৰিচ্

স্ৰোতস্বিনী তামুলী                 ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে।              …

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য “তাৰে জমিন পৰ” চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল’ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি / কিউ খেলিমেলি কৰিছিল, নম্বৰবোৰ ভালদৰে বুজি নাপাইছিল। শেষত শিক্ষক ৰামশংকৰ ৰূপী আমিৰ…

বৈকল্পিক ৰাজনীতি, বিৰোধিতা আৰু বিৰোধীৰ বিকল্প

ইন্দ্ৰজিৎ বৰা (১)  ৰাজনীতিয়ে তেতিয়াহে উত্তৰণৰ ভাষা বিচাৰি পায়, যেতিয়া মানুহে নিজা মানৱীয় সত্তাটোক বাহ্যিক শক্তিবিলাকৰ ওচৰত সমৰ্পণ নকৰি সামাজিকভাৱে নিজে পৰিচালনা কৰাৰ সংকল্প লয়৷ ৰাজনীতিৰ ভাষা যেনেকৈ সমাজৰ মেহনতী আৰু পদদলিতৰ ভাষা, তেনেকৈ মানৱীয় সত্তাটো সমৰ্পণ কৰি দমনতন্ত্ৰৰ বলপূৰ্বক…

ৰঘুবংশ

মূল: মহাকবি কালিদাস অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত || ২য় অধ্যায় || দিলীপ আৰু নন্দিনী পুৱাই যশস্বী প্ৰজাধিপতিৰ  জায়াই  দামুৰিক দিয়ে পিবলৈ আৰু বান্ধি থয় নিলগাই নন্দিনী গাইক সুৱাসিত মালাৰে সজাই গোমাতাক এৰি দিয়ে বনলৈ যাবলৈ । অথ প্রজানামধিপঃ প্রভাতে জায়াপ্রতিগ্রাহিতগন্ধমাল্যাম্ |…

সমুদ্ৰ-মন্থন, কাৰ্বন ফুটপ্ৰিণ্ট, আৰু অনাৱিষ্কৃত জীৱৰ সম্ভাৱ্য অৱলুপ্তি

 ড° ভাৰত বৰুৱা   ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ “গ’ল্ড-ৰাছ”। পিছে এই “গ’ল্ড-ৰাছ”নো কি আছিল? ঘটনাটো আছিল এনেকুৱা- জেমছ মাৰ্শ্বল নামৰ এজন কাঠমিস্ত্ৰীয়ে কেলিফৰ্নিয়াৰ ছেক্ৰেমেণ্ট’ নদীৰ পাৰত জ’ন চাট্টাৰ…

বচা বকুল

 ৰমানন্দন বৰা দহ   আস্‌…. এটা আৰ্তনাদ৷ বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰিত পৰি তাৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিছে৷ পিঠিখন কিবা এটাই ফালি পেলাইছে৷ হোৰাহোৰে তেজ ওলাইছে৷ বস্তুটো…

অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত

 সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of Silence৷ জাংফাই মণিৰ বৰণ খঙাল৷ জোনাকৰ স্পৰ্শ হ’ল স্নিগ্ধ–শীতল–কোমল৷ এটা সৰু ১০/১২ বছৰীয়া ল’ৰাৰ এবাৰ আই ওলাইছিল৷ চুলিবোৰ খহুৰ আঠাৰে লিপিট…

নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা

পঙ্কজ প্ৰতিম বৰদলৈ   শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা থাকিলেহে, তেনে জুমুঠিৰে তৈয়াৰ হোৱা কোনো এক শিল্পকলাৰ গূঢ় তত্ত্ব বা ৰহস্যক অনুধাৱন কৰিব পৰা যায়। শিল্পী এজনে যি কাল্পনিক সংখ্যা…

নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান

ড° বিনয় কুমাৰ মজুমদাৰ   সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা য’ত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷ স্কুলীয়া জীৱনত পদ্য পঢ়া আৰু মুখস্থ কৰাৰ এটা অভ্যাসো গঢ় লৈ উঠিছিল৷ স্কুলত শিক্ষকে একোটা কবিতা পঢ়াওঁতে,…