Tag পৰিৱেশ

বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা

সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্‌ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা)  সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ গীত আৰু খগেন মহন্তৰ বিহুগীতকে বুজিছিলোঁ৷ লগতে আধ্যাত্মিক ভাবৰ সঞ্চাৰ কৰা বৰগীত আৰু ‘জীৱনৰ একো নাই’ দৰ্শনেৰে পৰিৱেশিত লোকগীতবোৰ আমাৰ চিনাকি আছিল৷ পাছলৈ জিতুল…

কবিতা

আন এখন আর্চি হৰে‍কৃষ্ণ ডেকা মই এই আর্চিখনত সোমাই যাওঁ৷ মই নেদেখা হওঁ বাহিৰৰ পৰা অদৃশ্য নোহোৱাকৈ৷ ইয়াত লগ পাওঁ বহুতকে যিসকলক হয়তো কেতিয়াও আন ঠাইত লগ নাপালোঁহেঁতেন৷ এওঁলোকৰ লগত কেতিয়াবা মুখামুখি হ’মনে? মই নাজানো৷ ইয়াত কিন্তু আমি একান্ত পৰিচিত৷…

বাট

পঙ্কজ প্রতিম বৰদলৈ   (১)      পুৰুষোত্তমে‍ খিৰি‍কীৰে‍ বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে‍ দেখা যায়। দিনত এই ৰাজপথটো অতি ব্যস্ত হৈ থাকে। তাতে ওচৰতে য়ুনিভাৰ্ছি‍‍টিখন থকা বাবে সকলো সময়তে প্রাণচঞ্চল হৈ থাকে ঠাইখিনি। এতিয়া নিমাওমাও৷ মাজৰাতি চহৰখন শুইছে, লগতে বাটটোও। খিৰিকীৰে‍ দেখা ষ্ট্ৰীটলাইট দুটাৰ পোহৰ আহঁতজোপাত পৰিছে। আহঁতজোপা নির্বিকাৰ।…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) পাছদিনা৷     বেলি নৌ ওলাওঁতেই বৰতলত সমাগম আৰম্ভ হ’লেই৷ গোটেইখন একেবাৰে উদুলি মুদুলি৷ আটাইৰে মনবোৰ উথপথপ৷ সেউজপুৰৰ একেবাৰে থিয় হ’ব নোৱৰা বুঢ়া-বুঢ়ী আৰু নৰিয়াত ভুগি থকা জীৱ-জন্তুকেইজনৰ বাহিৰে প্ৰায় সকলোৱেই ৰাজ্যৰ…

একেখন নাৱৰে যাত্ৰী

অংগনা চৌধুৰী তেতিয়া মই দিল্লীৰ পাহাৰগঞ্জ এলেকাত। হ’টেলৰ বেলকনিৰ পৰা যদি তললৈ চাওঁ এখন ৰঙীন জলছবিৰ দৰে লাগে পাহাৰগঞ্জখন নিতৌ ইয়াত কত কাহিনীৰ উন্মেষ ঘটে, মাৰ যায় কত সপোন, উত্থাপন হয়— কত সৰুৰ পৰা ডাঙৰলৈকে নানা ব্যৱসায়ৰ পতনো ঘটে তেনেদৰে…

ধূলিৰ ধুমুহাত এদিন

শিল্পীকা ৰাজগুৰু          চৌবিছটা ঘণ্টাৰ ক্ৰিয়া-বিক্ৰিয়াৰ কৰ্ষণৰ ফলতে জন্ম হয় একোটা বহু প্ৰত্যাশিত প্ৰাণচঞ্চল দিনৰ। তিক্ত অভিজ্ঞতাৰে সমৃদ্ধ মাত্ৰ কেইটামান ঘণ্টাও কেতিয়াবা এটা পূৰ্ণাংগ দিনৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। অচিন কাৰোবাৰ সৈতে ভাবৰ আদান–প্ৰদান কৰোঁতে যেনেদৰে কোনো অসৰ্তক মুহূৰ্তত আগন্তুকক…

পুৰণি পুখুৰীৰ কথকতা

গীতিমণি গোস্বামী (বৰঠাকুৰ) স্থিৰ পুঙাত দৃষ্টি বন্ধা তেওঁৰ। দুপৰৰ নিৰ্জনতা কেয়োকাষৰ শুকান পথাৰকেইখনৰ ৰিক্ততা, মূৰৰ ওপৰৰ আকাশখনৰ স্তব্ধতা আটাইবোৰ যেন দোঁ খাই পৰিছেহি দুলি থকা বৰশীৰ পুঙাটোত। জঁপিয়াই থকা শালিকীকেইটা বতাহত বিয়পি থকা চিনাকি-অচিনাকি গছ-ফুলৰ সুবাস, মাকৰ ওহাৰ চুপি থকা…

মহামায়া

গায়ত্ৰী প্ৰান্তিক শৰ্মা একেঘাপে পাৰটোৰ ডিঙিটো কাটি মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট্ কোট্‌কৈ‍তেজবোৰ পি খাইছিল পূজাৰীজনে। কাষতে ইতিমধ্যেই কাটি কাটি থৈ যোৱা হৈছিল হাঁহ, ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ। বাজি উঠিছিল শংখ, ঘণ্টা।…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা                             নবীন কবিলৈ চিঠি (এক)    …