নৱীন কবিলৈ চিঠি
Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা অষ্টম চিঠি বৰ্গবাই গাৰ্ড, ফ্লেডি, চুইডেন,…
Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা অষ্টম চিঠি বৰ্গবাই গাৰ্ড, ফ্লেডি, চুইডেন,…
ৰঞ্জুমণি মহন্ত “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”— সত্যনাথ বৰাদেৱৰ ‘সাৰথি’ পুথিখনৰ ‘পুথি অধ্যয়ন’ শীৰ্ষক লেখাটোত উল্লেখ থকা এই বাক্যটোৱে মনৰ মাজত এনেভাৱে খাজ কাটি থৈছে যে যেতিয়াই আমি আমাৰ জীৱনত কিতাপৰ ভূমিকাৰ কথা ভাবোঁ, তেতিয়াই এই বাক্যটো মনলৈ আহে৷…
মুন্মি মহন্ত প্ৰত্যেক শিশুৰে মাত সমান বয়সত নুফুটে। সকলোৰে ক্ষেত্ৰত ভিন্ন হয়। কিছুমানে এবছৰ পাৰ হোৱাৰ পাছতে বাক্য ক’বলৈ শিকে আৰু আন কোনোৱে শিকে কিছু পলমকৈ। শিশুৰ মাত-কথাৰ ক্ষেত্ৰত মাকগৰাকীৰ ভূমিকা যথেষ্ট মন কৰিবলগীয়া। কাৰণ শিশুৱে সকলোতকৈ বেছি মাককে অনুকৰণ…
দাদুল দেৱকৃষ্ণ ৰাতিৰ বৰষুণজাকে ঠাণ্ডা আগতকৈ দুগুণ কৰিলে। দুগুণ কৰিলে মানে আঘোণ মাহতে পুহমহীয়া জাৰ নমাই আনিলে। আজি বিছনাৰ পৰা নামিবলৈকে বনানি আৰু বিটপীৰ মন যোৱা নাই। লেপৰ উম্ এৰিবলৈ এজনীয়েও মন কৰা নাই। ইফালে আইতাকে জুই জ্বলাই লৈ তাহাঁতক জুহাললৈ মাতি…
পংকজ প্ৰতিম বৰদলৈ দিফলুজান সাক্ষী হৈ আছে বহু উত্থান-পতনৰ। দিফলুপাৰৰ প্ৰতিঘৰ মানুহৰ বহু গুপ্ত কথাৰ সাক্ষী দিফলুজান দিফলুজানৰ সোঁতত বৈ গৈছে বহু আৱেগ, বহু স্মৃতি, বহু আনন্দ-উত্সাহ। দিফলুজানে কঢ়িয়াই ফুৰে বহুতৰ যন্ত্রণা। বহু নোকোৱা কথা। দিফলুজানৰ লগত কথা পাতি শাঁত পৰে…
কবি : টি. এছ. এলিয়ট অনুবাদ : ড° দীপশিখা ভাগৱতী ৰিক্ত মানুহ বৃদ্ধ জনৰ বাবে একড়ি (১) শুকান তৃণৰে পূৰ্ণ কৰি শিৰসজ্জা, সমগ্ৰতাৰে হাওলি পৰা, আমি ৰিক্ত মানুহ, আমি অসাৰ মানুহ৷ অস্! নিৰ্জৰ কণ্ঠৰ বৃন্দগীত যেন এই দুৰ্বল কোলাহল, যেন আৰৈয়া ঘাঁহত বতাহৰ…
কিশোৰ বড়ো(অঁ- অ)পিৰালিত বহি নখৰ চেপাত ওকণিক বিদায় জনায়উৰ্ণা নোলোৱাকৈ গা লৰাই গাভৰু এজনী পাৰ হৈ যায়‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’… জিভাত ফুটে তেতিয়া আৰু এতিয়াৰ পাৰ্থক্যৰ আখৈ (অঁ- আ)পিৰালিৰ পৰাই চিঞৰি সোধে— বোলোঁ ভালনে? ক’লৈ ঢপলিয়াইছে?মুখামুখি হ’লে সৌহাৰ্দ্যপূৰ্ণ ভাব বিনিময়পিঠি দেখুৱাই আঁৰ হ’লেই…
কৰৱী বৰ্মন কলিতা শিক্ষা মানৱৰ জীৱনব্যাপি চলা এক অবিৰত প্ৰক্ৰিয়া। এখন ৰাষ্ট্ৰৰ বা দেশৰ উন্নতিৰ বাবে প্ৰতিজন নাগৰিক শিক্ষিত হোৱাটো খুবেই প্ৰয়োজনীয়। আনুষ্ঠানিক শিক্ষা লাভৰ মাধ্যমেৰে প্ৰতিজন দেশৰ শিশুৱেই দেশৰ ভৱিষ্যৎ গঢ়িব বুলি আশা কৰা যায়। দেশৰ পিতা মহাত্মা গান্ধীয়ে…
(প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে) ৰূপজ্যোতি হাজৰিকা পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা এটা হবি৷ আজৰি সময়ৰ বেছিভাগ সময় চৰাই চোৱা কামটোতে ব্যস্ত হৈ থাকি ভাল পাওঁ৷ সেইবাবে কেইজনমান বন্ধুৰ লগত বা কেতিয়াবা অকলেই এই কামটোত…
সুখৰ আধুনিক উৎস মাঘবিহুৰ উৰুকাৰ আগদিনা সন্ধিয়া৷ চুবুৰিৰ ৰাইজে সাজি তোলা ভেলাঘৰটোৰ সন্মুখতে জুই পুৱাই চাহমেলত বহিছে৷ মেলৰ বিষয় পাছদিনাৰ ভোজ আৰু মেজি৷ চুবুৰিৰ এজন প্ৰাক্তন বাসিন্দা হিচাপে কিছু সময়ৰ বাবে ৰাইজৰ সান্নিধ্য বিচাৰি গৈ বহিছিলোঁগৈ৷ চহৰৰ এক আৱাসিক অঞ্চলৰ…