প্ৰকৃতি
দাদুল দেৱকৃষ্ণ : ‘‘দেতা, অ’ দেতা… এই বাতৰিটো চাওকচোন।’’— বাৰীৰ পৰা আহি ভিতৰলৈ সোমোৱাৰ সময়তে বনানিয়ে দেউতাকক দৈনিক বাতৰি কাকতখনৰ বাতৰি এটাত চকু ফুৰাবলৈ ক’লে। ওচৰতে থকা বেতৰ চকীখনত বহি, বনানিৰ হাতৰ পৰা বাতৰি কাকতখন লৈ নিৰ্দিষ্ট বাতৰিটো পঢ়িবলৈ ধৰিলে…