Tag শিক্ষা

হাত

ছালমা জামান                               চকুলোৰে গাৰু তিতি যোৱা ৰাতিবোৰত তোমালোকৰ কথা বৰকৈ মনত পৰে। চকুলোৰ সতে সান্নিধ্য মোৰ নতুন নহয়। ইমানদিনে ৰাতি-ৰাতি উজাগৰে থকাটো মোৰ অভ্যাসতে পৰিণত…

এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ

প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪ অক্তোবৰ তাৰিখে৷ শিৱসাগৰ জিলাৰ চাফ্ৰাই চাহ বাগিচাত জন্মগ্ৰহণ কৰি ক্ৰমে ক্ৰমে আগ বাঢ়ি গৈ সৰ্বভাৰতীয় সাহিত্যৰ জগতত কেৱল স্বীকৃতি অৰ্জন কৰা বা…

গগনযান অভিযান

 অভিজিত শর্মা বৰুৱা          যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্রত তেওঁলোকৰ কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ দেশকো এই ক্ষেত্রত পৃথিবীৰ ভিতৰতে…

ইলেকট্র’নিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ

 ড° বুলজিৎ  বুঢ়াগোহাঁই        ইলেকট্র’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ কৰি দৰ্শকৰ আগত উপস্থাপন কৰে৷ সাধাৰণ জনতাৰ বাবে পৰিচিত প্ৰাথমিক ইলেকট্র’নিক মাধ্যমৰ উৎসবোৰ হ’ল- ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’ ৰেকৰ্ডিং, মাল্টিমিডিয়া উপস্থাপন, শ্লাইড উপস্থাপন,…

সহ-অভিনয় আৰু অসম

 অবন্তিকা পৰাশৰ (ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ  নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো) অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই নাম আমাৰ সকলোৰে মুখলৈ আহে – গোলাঘাটৰ আইদেউ সন্দিকৈ৷ সম্বন্ধীয় ককায়েকৰ  সৈতে ‘পানীত ওপঙা ঘৰ’ চাবলৈ গৈ প্ৰথম অসমীয়া বোলছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ নাম…

প্ৰকৃতি

ধ্ৰুৱাৰ্ক চৌধুৰী সুনীল আকাশৰ বুকুত উৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰে পাহাৰৰ সৈতে আলিংগনৰ খেলা কৰে আকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ মেলাৰ ডাৱৰবোৰেই পাহাৰৰ বুকুত বৰষুণ হৈ সৰি পাহাৰক সেউজীয়া কৰি তোলে আৰু পাহাৰৰ বক্ষ উদাৰি নৈ-জান-জুৰি জলপ্ৰপাত হৈ বৈ গৈ…

অসমীয়া চিনেমাৰ অভিনয়

প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ (sensation), ধাৰণা (Perception)। জীৱনক গভীৰভাৱে অনুধাৱন কৰিলেহে জীৱনৰ স্বাভাৱিক সত্যক অভিনয় কলাত প্ৰতিফলিত কৰিবলৈ এজন সৃষ্টিশীল অভিনেতা সক্ষম হয়। জীৱনৰ প্ৰতি উন্মুখ…

প্ৰাচীন অসমৰ মৃৎ শিল্প আৰু ইয়াৰ ভৱিষ্যত : এক অৱলোকন

কিশোৰ দাস কোঁৱৰ   মাটিৰ মানুহ মাটিতেই এদিন মিলি যাব, এই কথাষাৰেই প্ৰমাণ কৰে যে মাটি আৰু মানুহৰ এক অংগাংগী সম্পৰ্ক আছে৷  সৃষ্টিৰ আদিম সভ্যতাৰে পৰা মানুহ আৰু মাটিৰ সম্পৰ্ক অতি নিবিড়৷ প্ৰাচীন অসমৰ মৃৎ শিল্পৰ পৰম্পৰা কিমান প্ৰাচীন অথবা…

জাহ্নু বৰুৱা, সৃষ্টি আৰু কৃতিত্ব

 মৃণালকান্তি মহন   কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱা পদ্মশ্ৰী জাহ্নু বৰুৱাদেৱৰ জন্ম হৈছিল ১৯৫২ চনৰ…

৺দেৱেন্দ্ৰনাথ আচাৰ্য্য আৰু ‘জঙ্গম’

 অমৃত গোস্বামী   পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ…