Tag সংস্কৃতি

ৰ’দে-বৰষুণে ইমান যে গান

  লোকনাথ গোস্বামী  জপনা মুখৰ আলাপ :              ‘আত্মজীৱনী’ বা ‘আত্মকথা’ লিখাৰ ধাৰণা এটা আগতে মনলৈ অহাই নাছিল৷ কিন্তু সৰুৰে পৰাই কিতাপৰ প্ৰতি প্ৰৱল ধাউতি থকা হেতুকে বিশেষ বাচ-বিচাৰ নোহাৱাকৈয়ে সাধুকথা, গল্প, জীৱনী, ভ্ৰমণ-কাহিনী আদি পঢ়াৰ লগতে দেশ-বিদেশৰ খ্যাত-বিখ্যাত অনেক লোকৰ…

কলা কি ?

ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?’ গ্ৰন্থৰ  Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰ  অসমীয়া অনুবাদ     অনুবাদকঃ ড˚ বিৰিঞ্চি কুমাৰ দাস (প্ৰথম অধ্যায়) আপুনি আমাৰ সাধাৰণ বাতৰি কাকতবোৰৰ ভিতৰৰ যিকোনো এখন লওক, আৰু  ইয়াত নাটক আৰু সংগীতৰ বাবে উৎসৰ্গিত এটা…

চেলিন ছঙৰ পাষ্ট লাইভছ্

নিজৰা ৰাজকুমাৰী     শেষ নিশা চাৰি বজাত ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত এহাল যুৱক-যুৱতীয়ে কথা পাতি আছে৷ কথা মানে সম্মুখৰ টেবুলত বহি থকা তিনিজন অচিনাকী লোকৰ মাজৰ সম্পৰ্কক লৈ অনুমান-অনুমান খেলা খেল এটা৷    –       তুমি কি ভাবাঁ– সিহঁতৰ মাজৰ সম্পৰ্কটো…

ভাৱাল সন্ন্যাসী

  অমৃত গোস্বামী   আইতা-ককা-দেউতাহঁতৰ মুখত আমি সৰু হৈ থাকোঁতে‌  শুনিবলৈ পোৱা, বা পাছত ডাঙৰ হৈ  নিজে পঢ়া ৰূপকথা বা সাধুকথা একোটাৰ  দৰেই কাহিনীটো৷‌ মই যিটো কাহিনীৰ কথা ক’বলৈ‌ বিচাৰিছোঁ সেইটো হ’ল বিখ্যাত ভাৱাল‌ সন্ন্যাসীৰ কাহিনীটো৷ এই জীৱন-মৃত্যুৰ অৱসানৰ   কাহিনীটো…

ঘৰখনক সুন্দৰ কৰি তোলোঁ আহক

 নৱনীতা ভট্টাচাৰ্য্য   “সমাজখন যিবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয় সেইবোৰৰ মূল উৎস হ’ল ঘৰখন৷ বিধি বা নিয়ম হ’ল ঘৰখনৰ প্ৰতিফলন৷ ঘৰুৱা জীৱনত সৰুতে ল’ৰা-ছোৱালীৰ মনত সিঁচি দিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ কথা কিছুমানেই পিচত বৃহত্তৰ জগতখনত ব্যাপ্ত হয় আৰু ৰাজহুৱা মতামতৰ স্থান…

ৰিংপ’হঁতৰ সপোন

 অংগনা ভট্টাচাৰ্য্য    আজি দেওবাৰ৷ পঢ়াশালি বন্ধ৷ তথাপি ৰিংপ’ৰ মনটো বেয়া৷ পুৱাৰ পৰাই তাই আমন-জিমনকৈ আছে৷ পঢ়া-শুনাতো মনোযোগ দিয়া নাই৷ তৃতীয় শ্ৰেণীত পঢ়িলেও ৰিংপ’ বৰ দায়িত্বশীল৷ সময়মতে পঢ়াশালিলৈ যাবলৈ, পুৱা-সন্ধিয়া পঢ়া-মেজত বহিবলৈ আজিকালি তাইক ক’ব নালাগে৷  আমতেৰেং কিছু সময়ৰ কাৰণে…

কথাৰ বেথা

গীতিমণি গোস্বামী (বৰঠাকুৰ) বৰষুণে এৰি যোৱা নিশাহবোৰ তেতিয়া বননিত৷ গছৰ পৰা বৰষুণৰ শব্দবোৰে, বন্ধ নোহোৱা ভেকুলীৰ টোৰটোৰণি, নিশাচৰ কীট-পতংগৰ অনৰ্গল শব্দবোৰে কজলা ৰাতিটোক আৰু গাঢ় কৰি তুলিছিল৷ ফেৰফেৰীয়া বতাহ এজাকো বলিছিল৷ বিজুলীবাতিৰ সংযোগ কাট খাই এন্ধাৰবোৰে যেন অঞ্চলটোক মেৰিয়াই ধৰিছিল৷ টিপচাকিৰ…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী    : তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷ অচিন প্ৰাণীটোৱে হাঁহি হাঁহি কোৱা কথা শুনি বাটলুৱে পিছফালে ঘূৰি চালে৷ সেইটো প্ৰাণীয়েও তাৰ ফালে…

স্বদেশ-স্বজাতিৰ উন্নতিকল্পে সৰল বাস্তৱিক এটা প্ৰস্তাৱ

    ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায়…

কাফন

 ছালমা জামান ( মোৰ মৃত্যু কামনা কৰাসকললৈ )   তীব্ৰ ভয়ত আন্ধাৰ গভীৰলৈ নামে   পোহৰে নোসোধে আন্ধাৰত যি দেখোঁ বিদ্ৰুপৰ সুৰত উদ্বেলিত আকাশ পৃথিৱী এটা নষ্ট অতিশব্দ বুলড’জাৰেৰে ভাঙে পৰুৱাৰ বাহ মোৰ পৰা তোমালৈ যিমান দূৰত্ব মোৰ পৰা মোলৈও…