Tag সংস্কৃতি

সুচল সংগ্ৰহালয়

 পঙ্কজ প্ৰতীম বৰদলৈ   প্ৰতি বছৰে মে’ মাহৰ ১৮ তাৰিখটো বিশ্ব সংগ্ৰহালয় দিৱস হিচাপে আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে পালন কৰে৷ এই মাহৰ মুক্তবীক্ষণত সংগ্ৰহালয়ৰ লগত সংগতি ৰাখিয়ে একলম লিখাৰ প্ৰয়াস কৰিছোঁ৷ বৰ্তমান সময়ত সামাজিক সংস্থাসমূহ সমাজৰ সকলো বৰ্গৰ লোকৰ দ্বাৰা সুগম্য…

শালকঠীয়া

 মুনমী দত্ত হাজৰিকা   সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷   মৰাণ বুঢ়াৰ কথা কৈছোঁ৷ সেই যে কলিয়াই আনি দিয়া ‘নজনা বীৰৰ মূৰ’ আতৌ পুতৌকৈ চন্দন কাঠৰ চিতাত…

কৰ্জা আখ্যান

 অমৃত গোস্বামী   কথাটো বিশেষ একো নহয়, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ কথা এটাহে৷ কিন্তু চাবলৈ গ’লে একোৱেই নোহোৱা, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ এই কথাটোতে মই ‘গৰুৰ খোজৰ পানীৰ ডোঙাতে সুবিশাল আকাশৰ প্ৰতিবিম্ব দেখাৰ নিচিনাকৈ আমাৰ জোঁটপোট হেৰোৱা অতীতৰ কিবাকিবি কথা সুঁৱৰিবৰ…

মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয়

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি গৈছিল। শক কুষাণৰ দৰে এসময়ৰ আক্ৰমণকাৰী পাছৰ যুগত হৈ পৰিছিল ভাৰতৰ স্বাধীনতাৰ ৰক্ষক।৷ কিন্ত ১৫ শতিকাৰ প্ৰব্ৰজনৰ…

মৃত্যুৰ পথেৰে

 মূল : পাবলো নেৰুডা অনুবাদ : মৃদুল শৰ্ম্মা    তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা ;  যদি তুমি ভ্ৰমণ নকৰাঁ,  যদি তুমি  পঢ়া-শুনা নকৰাঁ,  যদি তুমি জীৱনৰ শব্দবোৰক নুশুনা,  যদি তুমি নিজে নিজক মূল্যায়ন নকৰাঁ।  তুমি লাহে লাহে মৰিবলৈ আৰম্ভ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৯) পুৱাই চিঞৰ-বাখৰ লাগিল। ষ্টেপানে তেতিয়াও শোৱাপাটী এৰাই নাই। ঘৰৰ মূধচত মলেঁয়াই চিঞৰ-বাখৰ কৰাত ততাতৈয়াকৈ বিছনাৰ পৰা নামি একেকোবে চোতাল পালেহি ষ্টেপান। ঘৰৰ মূধচলৈ চালে তেওঁ। নিজৰ বাহৰ পৰা ওলাই মলেঁয়াই ঠোঁটখন জোকাৰি জোকাৰি চিঞৰি আছে। তাইৰ…

শব্দ : ৰূপান্তৰৰ প্ৰৱণতা আৰু অন্য কিছু প্ৰসঙ্গ

  ‘ব’হাগ হ’ য়া বৈশাখ, কোনো নৈখে বাত, লেকিন বিহু বিহু লাগিছে হামনে কে’ ভী গাত…’ প্ৰেৰডী সম্ৰাট মুনীন দত্তৰ উপৰোক্ত গীতটি বিগত কিছুদিন মনত বাজি আছে৷ ইয়াৰ আন আন বহু কাৰণ থাকিলেও মূল কাৰণটো হৈছে বিভিন্ন স্থানত দেখা বহাগ শব্দটোৰ…

লেন্সৰ মাজেৰে “কাঁচিচিনিঠু”

 কংকণ বৰা   আধুনিক কিম্বা উত্তৰ-আধুনিক বলয়ত পণ্যৰ আধিপত্য তথা ই কিদৰে সামাজিক জীৱনৰ ঔপনিৱেশিকৰণ সম্পূৰ্ণ কৰে তাক ক’বলৈ গৈ Guy Debord-য়ে “society of the spectacle” অভিধাটো ব্যৱহাৰ কৰিছিল৷ দর্শকক লাগে জীৱনৰ বৈচিত্ৰ্য (Diversion)৷ জীৱনৰ চাক্ষুষ অভিজ্ঞতাৰ পৰিতৃপ্তি সাধিবলৈকে এক…

কথকী চৰাইবোৰ মৰাৰ পাছত

মনোজ নেওগ     কথাত কথা বাঢ়ে কথাতে কথকী চৰাইবোৰ মৰি সৰাপাত হ’ল। নিমাওমাও গধূলিৰ ফু এটা হৈ ফুৱাই গ’লহি ধূলিৰ শৰীৰ আচলতে আমি আমাক খামুচি ৰাখিব নোৱাৰা শূন্যতাই সঁচা   জানানে, এদিনৰ নিস্ফল দিৱসত কতখন অৰণ্য জ্বলি গ’ল সাগৰীয়…

অসমত বৃত্তিমূলক (Vocational) শিক্ষা

 ড° বুলজিৎ  বুঢ়াগোহাঁই   বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে৷ যিসকল যুৱক-যুৱতীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমূলক শিক্ষা গ্রহণ কৰিব পাৰে৷ তেতিয়া নিজ ৰাজ্য বা বহিঃৰাজ্যত সহজে নিয়োজিত হ’ব পাৰিব৷ বিশ্ববিদ্যালয় অনুদান আয়োগে (www.ugc.ac.in) বৃত্তিমূলক শিক্ষাৰ…