কণ-কবিতা (শিশু কবিতা)
অনসূয়া বৰঠাকুৰ (১) পহুৱে বোলে ‘খহু হ’লে শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে চাহৰ লগত ফেঁহু। (২) দেখিছানে বাৰু কাকু? ৰাকুদা…
অনসূয়া বৰঠাকুৰ (১) পহুৱে বোলে ‘খহু হ’লে শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে চাহৰ লগত ফেঁহু। (২) দেখিছানে বাৰু কাকু? ৰাকুদা…
স্ৰোতস্বিনী তামুলী পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ ছোঁবোৰ, ধূলিময় গোবাটবোৰ আৰু আনকি দূৰৈৰ সৰু সৰু ঘৰবোৰো এক নীলা নিচাত বুৰিবলৈ ধৰিছে। ক্ৰমশঃ ধূসৰ হৈ পৰিছে সকলো।…
ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই ক’ম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হ’লে বিজ্ঞান আজিৰ এই অৱস্থান…
ডাঃ নৰেন কুটুম ( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷) প্ৰাচীন মেডিচিন : অতি প্ৰাচীন কালৰ পৰাই মানুহে…
ড° দীপমণি দাস কবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ প্ৰকাশ আলোচনীত প্ৰকাশিত তেওঁৰ ‘অলপ বেছি’ শীৰ্ষক কবিতাটো পঢ়ি পাঠক হিচাপে আমাৰ মনলৈ অহা নান্দনিক তুলসীৰ লগত কলপটুবাৰ মুক্তি প্ৰতিক্ৰিয়াবোৰৰ লিপিবদ্ধকৰণ কৰাৰ সৰল…
ৰচনা পাঠক (১৪) শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল, মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় ক’ব পাৰিবানে? : জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো…
ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ) ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ সাধনা কৰিছে৷ জেঠায়েক-জেঠপেহাকে সিহঁতৰ ওপৰত যি আশিস বৰষিছে, সিহঁতৰ ওপৰত যিমান বিশ্বাস ৰাখি মাটি-বাৰী দি সংস্থাপন কৰিছে, তাৰ ধাৰ সুজিবলৈ…
ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্রতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন উপন্যাস ‘অন্তৰতম’ৰ জৰিয়তে অসমীয়া উপন্যাস জগতত কিছু নতুন সম্ভাৱনাৰ বাট মুকলি কৰি দিছে, যাৰ জৰিয়তে এই উপন্যাসখনে যোৱা কিছু বছৰত প্ৰকাশিত অসমীয়া উপন্যাসসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ…
মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক; দুয়ো নির্বাক৷ কবিৰ হৃদয়ত উথলি উঠে প্ৰেম নদীৰ বুকুতো উঠে প্ৰেমৰ লহৰ, প্ৰতিপল, অহর্নিশ, অপাৰ৷…
শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ। প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰপৰা মচি পেলাবলৈ৷ সঁচাকৈয়ে কৈছোঁ নাম-যশৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু উৎকৃষ্ট কবিতা লিখাৰ আগ্ৰহ এটা সূচনা-পর্বতে সোমাই আছিল, সেই কথা আজি…