কে-টি (K-T) সংঘটন: পৃথিৱী পৃষ্ঠত সংঘটিত এক ভয়াৱহ মহাজাগতিক দুৰ্ঘটনা
ড০ ৰক্তিম ৰঞ্জন শইকীয়া ভয়াৱহ দুৰ্ঘটনা বুলিলে আমি টাইটানিক ধ্বংসৰ স্তৰৰ দুৰ্ঘটনাকে বুজোঁ যদিও আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে সংঘটিত এটা দুৰ্ঘটনাৰ ধ্বংসলীলাই হিৰোছিমা নাগাচাকিৰ ধ্বংসলীলাকো চেৰাই গৈছিল। এনে নজিৰবিহীন দুৰ্ঘটনা পৃথিৱীৰ জীৱনকালত কমেইহে সংঘটিত হৈছিল। পৃথিৱীৰ সমস্ত জীৱকুলৰ ৭৫…