Category কবিতা

সমন্বয়

দাদুল ভূঞা                     হাত এখন আগবঢ়াই দিলোঁ দলিয়াই দিলা বুকুখন দিলোঁ মৰমেৰে দুছেওকৈ কাটি দুটা ভাগ কৰিলা চকু মুদা কুলি হৈ চাই থাকিলোঁ সময় বতাহত শংখধ্বনি শুনি আওৰাই চালোঁ ষাঠিৰ বুৰঞ্জী…

সপোনত মোৰ দেশ

 মূল : জীৱন নামদুং অনুবাদ : দক্ষিণা দেৱী গজুৰেল   যোৱা বা তাৰ আগৰ বছৰৰ কথা ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি নহ’লে ভাবকচোন এটি অজান ধুমুহাৰ অন্ধকাৰৰ ৰাতি কোনোবাই মোৰ ঘৰৰ দুৱাৰত জোৰেৰে টুকুৰিয়াইছে আতংকিত, ভয়-ভীত যদিও সচেতন…

মানুহে যি মন যায় তাকেই কৈছে

উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে…   কোনে আনে মোক খালী কৰি  ফাগুনৰ দুৱাৰডলিলৈ বতাহে মোক যেনেকৈ পাৰে তেনেকৈ  খুঁচিছে…   ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

তৰল

নিবেদন দাস পাটোৱাৰী বাৰে বাৰে কিয় তুমি বৰষুণ হোৱাঁ অইনৰ মলি মচিবলৈ কেতিয়াবাতো ঘৰৰ দমকলটোৰ এগিলাছ পানী হোৱাঁ মোৰ কণ্ঠ তিয়াবলৈ … পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

সৰাপাতৰ হালধীয়া সামৰি

মৰমী মুদৈ বাহ এটি সাজিবলৈ গছ এজুপি লাগে পাতসিয়াৰ বুকুত বলে চ’তৰ বা-মাৰলি যাগৈ ফাগুন পছোৱাৰ বেপাৰী মই ইয়াতে সুখী সৰাপাতৰ হালধীয়া সামৰি… পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত

উদয় কুমাৰ বৰুৱা ৰাতিৰ অতলত নিঃশব্দে মাৰ যায় ধৰ্ষিতা অৰণ্যৰ কৰুণ আৰ্তি আৰু মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত সংগোপনে বাঢ়ি আহে এটা চেগুন পুলি— ক্ৰমে মোৰ তেজত বিয়পি পৰে তাৰ সন্ধানী বীক্ষা, সৃজনৰ আকুল আৱেগ অনুচ্চাৰিত অলেখ শব্দৰে আমি বিনিময় কৰোঁ বহু…

খিৰিকিখনত

জোনমণি দাস খিৰিকিখনত এহাল চকু তাতেই আছিল ওপঙি মোৰ নগ্ন প্ৰতিবিম্ব খিৰিকিৰ কাঁচত বতাহে ধূলিৰ ঢাকনি পেলাইছিল বৰষুণে আঙুলি বুলাই মচিছিল সেই আস্তৰণ ঘৰটো আছিল এন্ধাৰ চি.এফ.এল. বাল্ব জ্বলাই মোৰ পাটীৰ তিৰোতাজনীয়ে পোহৰাই ৰাখিছিল ঘৰৰ ভিতৰখন (পোহৰ মিছা, এন্ধাৰেই সত্য) সেই…

সাৰে আছোঁ মাটিত মুখ গুঁজি

জ্যোতিনীলিমা গগৈ গভীৰ টোপনিৰ পৰা উঠি আহিছোঁ মৈদামৰ কাষতে লগ পাই ককাদেউতাৰ হুমকি— সিদিনা আহিছিলোঁহে অতপালি তহঁতৰ বোলোঁ সাৰে আছনে? বুজি পালোঁ এৰি যোৱা ঘৰৰ থাপনাৰ চাকিত সেয়া ককাৰ তেজ আৰু ঘাম চিকচাক মজিয়াত আমাৰ মৌ-মেল বাতামী বেৰত অঁৰা পহুৰ শিং…

দুল

জয়ন্ত দত্ত গান এটাই চকটো কপাই থাকে পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ সিপাৰৰ ট ট দুহালি চকুৰ ভোগ মচে…. সেই গানৰ কঁপনিৰ তলেৰে দুলৰ প্ৰতিদিনেই অহা-যোৱা যোগ্যতাৰ শিখৰত উঠিও…

লোককথা

মিণ্টুল হাজৰিকা আঁটি আঁটি বান্ধি শালিধানৰ টোম মেঘৰ বাটেৰে পোনালোঁ বাট নাকটোৰ দৰে পোন আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ তিনিআলি চ’কটোত লগ পোৱা কাউৰীজাকক টোমৰ পৰাই বিলাই দিলোঁ পেট ভৰক বুলি মুঠিয়ে মুঠিয়ে ধান কিয়নো, সিহঁতে মোক মৃত্যুৰ পৰা জীয়াই তোলে…