খিৰিকিখনত

জোনমণি দাস



খিৰিকিখনত এহাল চকু
তাতেই আছিল ওপঙি মোৰ
নগ্ন প্ৰতিবিম্ব

খিৰিকিৰ কাঁচত বতাহে
ধূলিৰ ঢাকনি পেলাইছিল
বৰষুণে আঙুলি বুলাই মচিছিল
সেই আস্তৰণ

ঘৰটো আছিল এন্ধাৰ
চি.এফ.এল. বাল্ব জ্বলাই
মোৰ পাটীৰ তিৰোতাজনীয়ে পোহৰাই ৰাখিছিল
ঘৰৰ ভিতৰখন

(পোহৰ মিছাএন্ধাৰেই সত্য)

সেই চকুহাল জপাবলৈ
মই কাহানিও খোলা নাছিলোঁ খিৰিকিখন
খিৰিকিৰ সিপাৰে ৰুইছিলোঁ
এজুপি কথনা

ৰাতি কাটি এদিন বিচাৰি গ’লোঁ
বেলি-মুখৰ ৰ’দ।
তেজে তুমৰলি হৈ তেনেতে
কথনা ফুলাবলৈ আহিল বসন্তকাল…

আৰু তিন-টিলিকতে শিল দলিয়াই ভাঙিলে
মোৰ খিৰিকিৰ কাঁচ