Category কবিতা

নাম

 প্ৰেমনাৰায়ণ নাথ     দেখিছিলো জাপানী কবিতাৰ চেৰীফুল টুৱেনছাঙৰ পাহাৰত শেৱালিৰ দৰে তল ভৰি নসৰে মাথোঁ এজাৰবুলীয়া বেজাৰ সানি যেন সুৱাগুৰি  তোলে   মৰমসনা পাহিবোৰত মিহি মিহি আখৰৰ কোমল হাইকুবোৰ যেনি তেনি ওলমি আছিল   কোনো ফুলেই কাহানিও কথা কোৱা…

কালি ৰাতি ১ বাজি ৩২ মিনিটত

ৰিপুঞ্জয় বৰুৱা ঋমন   এতিয়াই যদি মৰি থাকোঁ আধাবোৰ আধৰুৱা কৰি থৈ   নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিব যিহেতু মানুহ মৰিয়েই থাকে !   আঙুলিৰ মূৰত গণিব পৰাকৈ দুজনমানে কোৱাকুই কৰিব ঋমন ন’ ম’ৰ…

সেতুবন্ধন

অৰ্চনা ঠাকুৰীয়া   এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব সিহঁতে কান্দিব  নে খৰকৈ দৌৰিব নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব   এদিন চাওখাতৰ লগুৱা বাপিৰামে যুগান্তৰ বিড়ি এটা হুপি  ফিকা চাহৰ সৌন্দৰ্য বিচৰাত মগন আছিল তেনেতে, গোপীচন কোঁৱৰ হাজিৰ…

সকলো একেই আছে…

ডাঃ অগস্ত্য বৰুৱা বাটবোৰ বাটেই হৈ থাকে দুবৰিখিনিহে সলনি হয় সলনি হয় আহ-যাহ কৰা মনবোৰ একেই থাকে বাটৰ তলৰ মাটি চহৰখন সলনি হয় সলনি নহয় তাৰ ইতিহাস, স্মৃতি পঢ়ি অহা স্কুলৰ কোঠা সলনি হয় সলনি হয় ছাত্ৰ নতুনকৈ মকৰল হয়…

হাতচাপৰিৰ কবিতা

দাদুল ভূঞা সময়ৰ আস্তিন কোঁচাই মেলি দিছোঁ তৰাং পথাৰ কম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীত হাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰ সকলোৰে ভাল হ’ব, কুশল হ’ব জনতা জনাৰ্দনৰ নেমুফুলত বসন্তৰ গোন্ধ লাগি ৰৈ  যোৱা বতাহজাক বলিবনে দুনাই বুলি প্ৰশ্ন কৰিবলৈকে…

ছ’চিয়েল দিছটেঞ্চ্ !

ফাৰহান জাৱেদ অনেক ভিডিঅ’ ভাইৰেল হৈছে ইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছে নিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছে গুণা-গঁথা কৰা মানুহ নাই দেশৰ অৰ্থনীতি মানেনো কি  সেই কথাও ভাবিব পৰা নাই ভেকচিন আছে দৰব নাই ডে’ডব’ডি আছে এণ্টিব’ডি নাই উশাহ আছে ইমিউনিটি…

‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান – ২০২২’ প্ৰদান অনুষ্ঠান

মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ ‘আজিৰ তাৰিখত অসমত শিল্পচৰ্চা’ শীৰ্ষক ‘অন্যযুগ বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷…

শূন্যগৰ্ভ কলহৰ কাব্য

জোনমণি দাস মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ। জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!কাষৰিত কলহ লৈ বোবা ওঁঠেৰে শুনাব খুজিছা কাক শূন্যগৰ্ভ কলহৰ কাব্য বিদায়ী বসন্তৰ বিনয়ী বতাহ মোৰ বুকু বিদাৰি বয়, মূৰত মথুৰা-পাগ মাৰি মই থৰ হৈ চাওঁ তোমাৰ…

মই নাথাকিলোঁ

ধ্ৰুৱকুমাৰ তালুকদাৰ মই নাথাকিলোঁ, এটা গান আছিল মোৰ বাটত মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ দেখিছিলোঁ, গানটোৰ দুটোপাল চকুপানী সৰি মাটিত পৰিছিল মই নেদেখাৰ ভাও লৈ চহৰখনৰ ব্যস্ত গলিটোৰে সোমাই আহিলোঁ –     কান্দিব পাৰে সকলোৱে হঁহাহে নেদেখোঁ কাকো……

পুতলা পুৰাণ

উজ্জ্বল স্মৰণ দত্ত    বত্ৰিছ পুতলাৰ সিংহাসনত পুতলা ৰজা বহিছে পুতলাৰ দেশৰ পুতলাবোৰ পুতলা হৈ আছে দেখা নাই  বেয়া কোৱা নাই  বেয়া শুনা নাই   বেয়া পুতলাবোৰ পুতলাৰ হাতৰ পুতলা ৰচীৰ টানত নাচে কাঠ পুতলা হৈ ৷ কথা নাই  পুতলাটো অথিৰ…