মহাকবি কালিদাসৰ ঋতুসংহাৰম্
অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত দ্বিতীয় অধ্যায় ।। অথ বর্ষা ।। হে প্ৰিয়া ! ৰাজ-ৰাজেশ্বৰৰ দৰে বৰ্ষাঋতু সমাগত । জলকণাপূৰ্ণ মেঘ তেওঁৰ মদমত্ত হাতী ব্ৰজৰ গৰ্জন তেওঁৰ নাগাৰাৰ ধ্বনি । বিজুলী তেওঁৰ পতাকা, উদ্ধত ৰাজকীয় দ্যুতিৰে আহিল কামুক পুৰুষৰ প্ৰিয় ঋতু…