sdblogs2011

sdblogs2011

ধেবাই ধোৱা ধৰণী

অজিত ছিংনাৰ (সাত)        ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি পাতল বাবে মানুহৰ আহযাহো কম৷ ভেলৌগুৰি গাঁওখন কৈৱৰ্ত মানুহৰে ভৰা৷ সৰু গাঁও৷ মানুহ ছঘৰমানহে আছে৷ এনেবোৰ…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী   (৪য় অধ্যায়)   (১)   ডাঙৰ দাদাহঁতে (কাবুলদা, জগতদা) গাঁৱৰপৰা ওলাই আহি টাউনত নিজস্ব স্থিতি একোটা লোৱাৰ লগতে দেউতাকো পাৰিবাৰিক বোজাৰ পৰা কিছু সঁকাহ দিলে ঠিকেই, কিন্তু বাকী আমাৰ আঠোটা সন্তান পঢ়াই-শুনাই ডাঙৰ কৰাৰ দায়িত্ব অকলে ল’ব পৰা…

জালিয়ানৱালাবাগ

জুবিলী গগৈ   মৃত্যুৰ কুঁৱাটোত তেতিয়া পানী নাছিল পানী শুহি লোৱা দেহবোৰ জীৱাশ্ম হৈছিল   ঘেৰি থোৱা আইনাখনত নিজৰ মুখ দেখিয়েই উচপ খাই উঠিছিলোঁ আমি   অতল তলিত বাজি আছিল অন্তহীন হাহাকাৰ   বেহিচাপী মৰণৰ আৰ্তি শুনি চেঁচা হৈ পৰিছিল…

জাগীৰোড কাগজ কলৰ মালিতা

 ময়ূৰাক্ষী মহন্ত শইকীয়া   মৃত এখন নগৰৰ মাজত বাট বুলি আছিলো আমি জী থাকোতেই বন্ধ হ’ল এজাক মানুহৰ উশাহ বুকুৰ স্পন্দন ব্যস্ততাৰ খোজ হৃদয়ৰ অহংকাৰ অথচ বন্ধ নহ’ল সিহঁতৰ ভোক-পিয়াহবোৰ লাজ মান স্বাভিমান কিম্বা সুখ দুখৰ মালিতা তিতাচঁপা আৰু চেগুনৰ…

বিন্দু বাইদেউলৈ মই সমীৰণ

 বেদান্ত নাথ   (১)   “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ‌ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ ওঁঠৰ পৰা ডিঙিলৈকে ডুব গৈ আছে৷ চকুৰ পানীৰ পৰা দুখন ক’লা শীৰ্ণ হাত…

পৰশুৰাম

 নীলোৎপল বৰুৱা   নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়ত স্নাতকোত্তৰ সমাপ্ত কৰা বৰপাত্ৰগোঁহায়ে ধেমাজিৰ ভদ্ৰাপাৰাত ‘থিয়েটাৰী ৰং থিয়েটাৰী ঢং’ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰাৰ উপৰিও এখন‌ নাট‌্য বিদ্যালয় নিয়মীয়াকৈ চলাই আহিছে৷…

সুচল সংগ্ৰহালয়

 পঙ্কজ প্ৰতীম বৰদলৈ   প্ৰতি বছৰে মে’ মাহৰ ১৮ তাৰিখটো বিশ্ব সংগ্ৰহালয় দিৱস হিচাপে আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে পালন কৰে৷ এই মাহৰ মুক্তবীক্ষণত সংগ্ৰহালয়ৰ লগত সংগতি ৰাখিয়ে একলম লিখাৰ প্ৰয়াস কৰিছোঁ৷ বৰ্তমান সময়ত সামাজিক সংস্থাসমূহ সমাজৰ সকলো বৰ্গৰ লোকৰ দ্বাৰা সুগম্য…

শালকঠীয়া

 মুনমী দত্ত হাজৰিকা   সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷   মৰাণ বুঢ়াৰ কথা কৈছোঁ৷ সেই যে কলিয়াই আনি দিয়া ‘নজনা বীৰৰ মূৰ’ আতৌ পুতৌকৈ চন্দন কাঠৰ চিতাত…

শৰতৰ গান

                      ৰচনা পাঠক  নীলিম আকাশে আজি     শুকুলা মেঘেৰে সাজি         গাই আছে শৰতৰ গান, ডাৱৰে ঢাকিছে বেলি     লুকাভাকু খেলি খেলি         যেন এয়া ধেমালিৰ বান৷  …