sdblogs2011

sdblogs2011

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী -৮ – (১) দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজত উঠি  পাৰ হবলৈ হেতা-ওপৰা লগাইছে৷ মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক টিকট কাউণ্টাৰৰ ওচৰলৈ লৈ গ’ল৷ …

বঙহৰ জুই

 অংগনা ভট্টাচাৰ্য্য      শীলভদ্ৰাৰ টোপনি নাহিল৷ তাই বিছনাখনতে বহি লৈ আঁঠু দুটাৰ মাজত মূৰটো গুজি দিলে৷ ক্ষন্তেক এনেকৈয়ে থকাৰ পাছত তাইৰ বুকুখন হমহমাই উঠিল৷ তাইৰ কান্দিবৰ মন গ’ল৷ ডাঙৰকৈ৷ কিন্তু এইকণ বিলাসিতাও তাই আঁজুৰি নল’লে৷ কি কৰা যায়?  বাঙালখাতাতেই…

২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি : এক ঐতিহাসিক দৃষ্টিভংগী

 বাব‌্‌লু প্ৰসাদ বৰুৱা   (প্ৰথম খণ্ড)   ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়ামৰ ইতিহাস যুগ যুগ ধৰি ইয়াৰ মূল আৰ্য-সনাতনী ধাৰাৰ বৃহত্তৰ আৰু মহত্তৰ কলিতা জাতিৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰৱৰ্তী পৰ্যায়ত শাসনতন্ত্ৰৰ প্ৰেক্ষাপটত আবিৰ্ভাৱ হোৱা ব্ৰাহ্মণ্য-মংগোলীয় শক্তিৰ ৰাজনৈতিক আৰু সামৰিক আধিপত্যৰ মাজত চলি…

হৰিণা পোৱালি

ক্ষিপ্ৰকল্প গগৈ গাঁওখন বহুত সলনি হ’ল! আগৰ খলা–বমা, কেঁচা, নাঙঠ আলি–পদূলিবোৰক এতিয়া  বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে; এবেলাৰ বাট এঘণ্টাৰ হ’ল। চহৰৰ আব্‌-হাৱাই গাঁওখনকো পৰশিলে। গৰুবিহুৰ দিনা ঘৰৰ টেলিভিশ্যনতে গৰুক গা–ধুওৱাৰ দৃশ্য চাই মানুহবোৰে বন্ধ উপভোগ কৰিলে।…

এপইনমেণ্ট উইথ লাভ

 মূল : চুলেমিথ ইশ-কিশোৰ  অনুবাদ : পংকজ কুমাৰ নেওগ   ছয় বাজিবলৈ আৰু ছয় মিনিট বাকী – নিউয়ৰ্কৰ গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেছনৰ ইনফৰমেশ্বন বুথৰ ওপৰত ৰখা ডাঙৰ ঘড়ীটোৱে সময়ৰ জাননী দিলে। দীৰ্ঘদেহী ডেকা আৰ্মি অফিচাৰজনে তেওঁৰ ৰ’দে পোৰা মুখখন ওপৰলৈ তুলিলে আৰু চকু দুটা সৰু…

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন     মৰা শামুকৰ খোলা এটা কুৰুকি কুৰুকি  সোমাই আছোঁ   শংখ এটাত সোমাব পৰা হ’লে ভাল আছিল তুমি হয়তো দেখিলাহেঁতেন শংখটো!   তোমাৰ হাততে উঠি ভ্ৰমিলোহেঁতেন পৃথিৱী   নতুন দিনৰ প্ৰাৰ্থনাৰে শংখৰ ভিতৰৰ পৰাই হ’লোঁহেঁতেন শংখধ্বনি…

অলপ মেটাফৰিকেল

 চুনা কুমাৰ পাঠৰী   ১.   ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা টোপনি। ন’ন মেটাবলিজম উগাৰ। তাৰ মাজতে ষ্টাৰ্টিং সমস্ত এটা কবিতাৰ কাহিনী। আৰু চিন্তাৰ ভৌগোলিক পৰিধিত পাৰিশ্ৰমিক সম্পাদনা।…

সাত বছৰে বলোৰাম

 স্ৰোতস্বিনী তামুলী            বলোৰাম ! … তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ তাপ৷ দহ পুৰা মাটিৰ ধান খেতি…

মানুহবোৰ আছেনে ঘৰত

 মানস প্ৰতিম দত্ত   মেঘৰ চুলিৰ মাজেৰে সৰকি অহা এজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙি চৰাইবোৰ গুচি গৈছে জন্তুবোৰ গুচি গৈছে   হাতী-মাটি-কেতেকী নাহৰ-সোণাৰু-পলাশৰ সৈতে বসন্তৰ উভালিছে শিপা…   বৰষুণত তিতি তিতি মানুহবোৰে কান্দিছে   চকুপানী বিচাৰি হাবাথুৰি খায় শুকান…

পচিশ জুলাই দুহেজাৰ চৌব্বিশ

হৰেকৃষ্ণ  ডেকা   কলম বিচাৰি আছোঁ। বহীৰ খোলা পাত উকা। প্ৰহৰবোৰ গৈ আছে। দিন বাগৰিব, সময় ৰৈ নাথাকে। খোলা পাতত নেদেখা আখৰেৰে সময়ে লিখিব, বছৰবোৰ যদি খোজ হয় তোমাৰ জীৱনৰ একাশীটা খোজ পাৰ হ’ল; কিন্তু চোৱা, বালিয়ে ঢাকি পেলাইছে তোমাৰ…