sdblogs2011

sdblogs2011

ভাগশেষ

 পিংকু কলিতা (১)  উপস্থিতি অবিহনে স্মৃতিবোৰক হৃদয়ঙ্গম কৰাতো কোনোবাখিনিত থাকি যায় ফাঁক; অনুপস্থিতিয়ে সোলোক-ঢোলোক কৰে অনুভৱৰ মুঠি৷ বিশেষ ঠাইটুকুৰাত উপস্থিতিয়েহে দৃশ্যবোৰো সজীৱ কৰে স্মৃতিৰ এখিলা এখিলা পাত লুটিয়াই; চৌপাশৰ সুগন্ধিয়ে কৈ দিয়ে বিগত সময়ৰ বহু কথা; চুই চাব পৰা সমলবোৰত…

মন্দিৰৰ ঘণ্টা (হাইকু)

মূল :  য়োচা বুছন (Yosa Buson)  ভাবানুবাদ : প্ৰশান্ত  মিশ্ৰ   এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত এজনী পখিলা আহি পৰিলেহি আৰু নিঃশব্দে টোপনি গ’ল।  

চিজফায়াৰ

মূল : সুবোধ সৰকাৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ   এটা চিজফায়াৰৰ পৰা আন এটা চিজফায়াৰৰ মাজৰ পুৱাৰ পোহৰত মই জন্মগ্ৰহণ কৰিছিলোঁ৷ কিন্তু পুৱাৰ পোহৰক মই পোহৰ বুলি নকওঁ মোৰ মা মোৰ প্ৰথম পোহৰ৷ মোক মৃত্যুৰ ভয় নেদেখুৱাব মই…

হন্যমানে শৰীৰে

 পৰী পাৰবীন   সন্মুখৰ ঘৰৰ জংঘল হৈ পৰা বাগিচাখনৰ পৰা পোক-পতংগৰ সমস্বৰৰ কোলাহল ভাহি আহিছে৷ নিগনি খোৱা সৰীসৃপ এটাই আগলি বাঁহেৰে তললৈ নামি আহি গছৰ খোৰোঙত সোমাই পৰিল৷ পৰাণে বেলকনিৰ টাবকেইটালৈ চালে৷ বগা ভেঁটফুলৰ পাহিবোৰ পানী পাই সতেজ হৈ উঠিছে৷…

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা ৷৷ সাত৷৷   ঠেলাখনত চন্দ্ৰৰ ঘৈণীয়েকৰ শটো লৈ গণেশ আৰু চন্দ্ৰ গাঁওখনত সোমোৱাৰ লগে লগে অৱধাৰিতভাৱেই উদ্‌ভ্ৰান্ত হৈ পৰিল পৰিপাৰ্শ্ব– যেন দুয়োটাই ডাইনীৰ অভিশাপ এসোপাহে গাঁওখনলৈ লৈ আহিছে৷ সকলোৱে আকৌ ডাইনীৰ কথা পাতিবলৈ ল’লে৷ বহুতে ভাবিলে, ডাইনীৰ…

কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

    ড॰ প্ৰিয়দেৱ গোস্বামী   প্ৰাকৃতিক পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰা সময়ৰ পৰাই যুক্তি-তৰ্কবিদ্যাৰো আৰম্ভ হয়৷ বিভিন্নজনে চিন্তা-চৰ্চা কৰি দাঙি ধৰা উক্তিবোৰ বিশ্লেষণ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন সূত্ৰ প্ৰকাশ কৰা হয়৷ গণিতৰ…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) নয়ন গুচি যোৱাৰ পাছতো ফলা পোষ্টাৰখন হাতত লৈ গছ জোপাৰ তলতে ৰৈ থাকিল মিলিটেৰী। সেই সময়তে সাংবাদিক এজন আহি পোষ্টাৰৰ সৈতে মিলিটেৰী ভাবুক হৈ ৰৈ থকা দেখিলে। পোষ্টাৰ ফলা কথাটোক লৈ যোৱা কেইবাদিনো ধৰি…

কেৰাচিনৰ গোন্ধ

 মূল : অমৃতা প্ৰীতমৰ গল্প The Stench of Kerosene অনুবাদ : পংকজ কুমাৰ নেওগ   গুলেৰীৰ মাক-দেউতাকৰ ঘৰ চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা একা-বেঁকা পথটোৰে কেইমাইলমান নিলগত থকা চাম্বা গাঁওখন তাৰ পৰাই ভালকৈ দেখা পোৱা যায়৷ ঘৰলৈ মনত পৰিলেই গুলেৰীয়ে স্বামী…

তোমাৰ চহৰ

মূল (বাংলা) : ড° নিমৰ্ল দেবনাথ, ত্ৰিপুৰা অনুবাদ : হিল্লোলজ্যোতি সিংহ   তোমাৰ চহৰে আজিও পুৰণি আঘাতৰ দাগ মচি পেলাব জনা নাই এতিয়াও অলপমান দেৱালত ৰৈ গৈছে সোঁৱৰণিৰ আঁচোৰ, ফলা পোষ্টাৰ প্লাষ্টাৰ খহি পৰা পুৰণি দিনৰ সাধু।   তোমাৰ চহৰে…

জোনাকী বাট

প্ৰয়াগ শইকীয়া   আন্ধাৰত কবিতাৰ খোজ জোনাকী পৰুৱাই পোহৰায় বাট   জোনাকী প্ৰেমৰ দেৱদূতৰ আশীৰ্ৱাদ   কবিতাই কস্তুৰী মৃগৰ দৰে বিচাৰে নিজৰ সুগন্ধি   দেৱদূতে কিউপিডৰ দৰে ফুলৰ শৰপাট মাৰে কবিতা ৰৈ যায় ছাইকীৰ দৰে