sdblogs2011

sdblogs2011

শব্দ অথবা তীখাৰ জুই – ৰূপান্তৰৰ চেতনাৰে ৰৌদ্ৰোজ্জ্বল ড০ ভক্ত প্ৰসাদ গৌতমৰ কবিতা

ৰুদ্ৰ সিংহ মটক “The problem of art is to make objective that which has been subjective—to make life in terms of one man into an image  of life expressed in terms of all men….” (R. A. Scott James)   সূক্ষ্ম…

বিকল্পহীন

অঞ্জুমণি ভৰালী বিস্তীৰ্ণ পথাৰখন এতিয়া তাত বেলি উঠাৰ জাগৰণ, কাষত অনুগত হব পৰাকৈ এখন আকৰ্ষণীয় উজ্জ্বল মুখ যাৰ পোহৰত নত হয় পাৰ্থিৱ আৱৰণ ! বুজিব পাৰোঁ… কিয় সময়ত কিছু ভ্ৰম সঁচা, কিছু মিছা হয় আৰু কিছু… ভ্ৰমাত্মক আৱেশেৰে আগৰদৰেই অস্থিৰ…

হিয়া

 যশোৱন্ত নিপুণ   সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ‌ খাওঁ একেলগে৷ পিছে তাৰ বৰ খৰ-ধৰ৷ কথাটো কি? “ৰত্নদা মৰিল পুৱাই৷ খৰি দিবলৈ যাব লাগিব৷” সি উত্তৰ দিছিল৷ মই আচৰিত হৈছিলোঁ৷…

কথাবোৰৰ কথা

 ময়ূৰী কাকতি    কথাবোৰ সজাটোৰ পৰা ওলায়েই পনপনাই ঘূৰি ফুৰিবলৈ ধৰিলে৷ কথাবোৰ ধৰোঁ বুলি কলমটো আনিবলৈ যাওঁতেই কথাবোৰ গৈ ক’ৰবাত পালেগৈ৷ আৰু সজাত নোসোমোৱা হ’ল৷ আকৌ বন্দী নহ’ল৷        কথাবোৰে নিজৰ মাজতে মন্ত্ৰণা কৰিলে… “এইদৰে আৰু কিমানদিন! এটা মানুহ বাচি…

বাহুবলী ভীম

  নৱনীতা ভট্টাচাৰ্য্য (২) হিড়িম্বক বধ আৰু হিড়িম্বাৰ সৈতে বিৱাহ   মাকে বনীক দিয়া প্রতিশ্রুতি অনুসৰি সিদিনাখন হিড়িম্বাৰ সাধুটো ক’বলৈ আৰম্ভ কৰিলে – জতুগৃহৰ পৰা ওলাই পঞ্চপাণ্ডৱে মাক কুন্তীৰ লগত গৈ গৈ গংগা নদী পাৰ হ’ল৷ তাৰ পাছত আকাশৰ নক্ষত্ৰবোৰ…

নদীয়াল মানুহ আমি

মনজিত বৰা   নদীৰ জন্মৰ কথা নক’লোৱে যেনিবা কিনো ক্ষতি নদীৰ নদীৰ বীৰ্য বুটলিবলৈ বালিচৰৰ গৰ্ভত নদীয়াল মানুহবোৰৰ জন্ম আমি নদীয়াল মানুহ চিনাকী নদীৰ সোঁতত আমাৰ জীৱনৰ সুৰ ভাহে মাছৰ পেটত ওপজে আমাৰ সুখ ৰূপালী ঢৌত দেও দি ফুৰে খিলখিল…

অকথিত পদ্য

চন্দন বৰ্মন    (১)  সিদ্ধান্ত    দেৱাল গঢ়িলে ঘৰ ভাঙিলেই পৃথিৱী চকু নমালে এডোখৰ মাটি উঠালেই অনন্ত আকাশ৷   (২)  পিৰালিৰ গান    হাজাৰ বছৰ কাটি যায়৷ এটি নিৰ্জন সন্ধিয়াই  মোৰ ঘৰৰ পিৰালিত বহি তমোময় গীত গায়৷   (৩) ব্যৰ্থতা…

অৰণ্যই কথা কয়

লক্ষী প্ৰসাদ ৰেগন অৰণ্যই কথা কয় আপোনাক-মোক ভাল পোৱাৰ কথা নিজেও বাচি থাকক, আমাকো বচাই ৰাখক-আকাৰে- ইংগিতে দূবৰি, মানিমুনিৰ পৰা বটবৃক্ষলৈকে অৰণ্যৰ সাংগোপাংগ আমাতকৈ চাপৰবোৰক আমি গচকি মাৰোঁ আমাতকৈ ওখবোৰক বুদ্ধিশক্তিৰে বশ কৰোঁ মুঠতে আমাৰ কামত আহিলেই হ’ল বাকী যি…

দুটা কবিতা

 অনুভৱ তুলসী  দিনলিপি মোৰ সমুখত কালিৰ দিনটোৰ মৃতদেহ বাহী শ ৰখীয়া হৈ বহি আছোঁ সমুখৰ কলমডাল মৃতদেহৰ অন্য এক সংস্কৰণ যেন আৰু এই কাগজখিলা মৃত আকাশৰ এটি পাত যেন আজি হয়তো আকৌ উদয় হৈছে সূৰ্য আজি কি কালিৰ স্মৃতি? নে…

মৃত্যুৰ সদাগৰবোৰ আৰু মানৱৰ ভৱিষ্যত

  ২০১৪ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ৰাজনৈতিক আৰু সামৰিক সংঘাত চলি আহিছে আৰু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে স্পষ্ট ৰূপত সামৰিক অভিযান আৰম্ভ কৰে৷ যোৱা তিনি বছৰৰো অধিক কাল এই দুইখন দেশে পৰস্পৰৰ বিৰুদ্ধে যুঁজি…