sdblogs2011

sdblogs2011

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য পঞ্চম খণ্ড জলপান খাই আইতা আৰু মই বাৰীলৈ ওলাই গ’লোঁ। বাৰীখনত শাৰী শাৰীকৈ বহুতো গছ আছে৷ আম, কঠাল, নাৰিকল, জলফাই, আমলখি, শিলিখা ক’ত যে গছ! কিন্তু মই মন কৰিলোঁ যে বাৰীখনত তামোলগছৰ সংখ্যাই অধিক। কিছুমান তামোলগছত আকৌ পাণগছৰ…

খোজ – দ্য ষ্টে’প

 মুনমী দত্ত হাজৰিকা (ক)       সি ৰ’ষ্টেড্ চিকেনটুকুৰা চিলি চচত ডুবাওঁতে ঘৰৰ পিছফালৰ পিটনিখনত ডাউক এটাই গহীন খোজ পেলাইছিল। পাতৰ আঁৰত অপৈণত আমলখিৰে ডাল ভৰি থকা সময়ৰ দুপৰীয়া আছিল সেইটো।     শইকীয়া দম্পতিয়ে সৰুধনলৈ সাঁচতীয়া ৰাখিবলৈ ডাকঘৰত একাউণ্ট এটা খুলি…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৯)         পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে স্কুলৰপৰা শিক্ষামূলক ভ্ৰমণ এটাত যোৱাৰ কথা ওলাইছিল। পিছে ক’লৈ যাব? কোনোবা এজনে কৈ উঠিছিল— লঞ্জস্কো…

ৰঘুবংশ

 মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || পঞ্চদশ অধ্যায় || সীতাক পৰিত্যাগ কৰি ভোগ কৰিলে সেই পৃথিৱীপালকে , কেৱল ৰত্নৰ আকৰ সমুদ্ৰৰ মেখলা পৰিহিত ধৰাকে । কৃতসীতাপৰিত্যাগঃ স ৰত্নাকৰমেখলাম্ | বুভুজে পৃথিবীপালঃ পৃথিবীমেব কেবলাম্|| ১৫-১|| যমুনাতীৰত বাস কৰা…

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

 অংগনা চৌধুৰী  বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ আমি ঘৰৰ পৰা পুৱা আঠ বজাত গাড়ীখন লৈ ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ…

বচা বকুল

 ৰমানন্দন বৰা দ্বিতীয় খণ্ড এক   পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক’লা ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে, ইপাৰ-সিপাৰ হৈছে৷ গোনা ম’হৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট হৈ আহিছে৷ ম’হৰ ডিঙিত…

গল্প প্ৰকৰণ

 পৰিস্মিতা বৰদলৈ   : আমি ক’ত আছিলোঁ!  : কবিতা৷  : অঃ য়েছ৷ কবিতা৷ কবিতা নুবুজাৰ কথা নাহেই আচলতে৷ যিটো ভাষাত কবিতাটো লিখা হৈছে সেই ভাষাটো যদিহে তোমাৰ আয়ত্তত আছে তেন্তে তাৰ পাঠোদ্ধাৰ তোমাৰ পক্ষে অসম্ভৱ নহয়৷ : কিন্তু কেতিয়াবা বাৰে-বাৰে…

উজনি আৰু মধ্য অসমত দুখন সমান্তৰাল কছাৰী ৰাজ্যৰ সাক্ষ্যপ্ৰমাণ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বৃহত্তৰ কছাৰীমূলীয় লোকসকল অসমৰ প্ৰাচীন অধিবাসী৷ ‘তিব্বত-চীন’ ভাষাৰ ‘বৰ্মী উপভাষী’ এই মংগোলীয় লোকসকল এসময়ত নেপাল আৰু দক্ষিণ তিব্বতৰ এক বৃহৎ অংশ জুৰি বাস কৰিছিল। এই ভাষা-ভাষী লোকসকলৰ অসংখ্য উপভাষা আছিল আৰু সকলোৰে উপভাষাও ইটোৰ পৰা সিটো…

বৰষুণ, তুমি

মূল: কে সচ্চিদানন্দন অনুবাদ উৎপল দত্ত   সেয়া বৰষুণ আছিল নে তুমি?   তাত সুগন্ধ আছিল তীব্ৰ বৰষুণে ধুই নিয়া পৃথিৱীৰ, ধঁপাতৰ, আমৰ ঠাৰিৰ চেকচেকীয়া ৰসৰ, ওলিয়েন্দাৰ ফুলৰ, নাৰীৰ নিভৃত ওঁঠৰ।   তাত ৰং আছিল, উৰণীয়া, শালিকাৰ, গুলপীয়া দেৱদাৰুৰ, কাজলৰ, বনজুইৰ,…

পাৰ হৈ

মূল  : অক্‌টাভিঅ পেজ লোজানো  (Octavio Paz Lozano-ৰ কবিতা Across)  অনুবাদ : ড° ৰঞ্জিত দত্ত   তোমাৰ চকুৰ চেলাউৰিয়ে কৈ যোৱা কথা খিনিকে লিখি ডায়েৰীখনৰ দিনটোৰ পৃষ্ঠাটোকে লুটিয়ালোঁ আৰু  তোমাক সুমুৱাই দিলোঁ আঁজলি নিশাৰ সেই চৰম সত্যৰ মাজত। মইতো বিচাৰিছোঁ প্ৰমাণ অন্ধকাৰৰ,…