sdblogs2011

sdblogs2011

দুকাপ চাহ

 অসীম তালুকদাৰ           পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম হ’ল৷ কাপ এটাত অলপমান পানী ভৰাই লৈ তেওঁ পুনৰ চচপেনটোত ঢালিলে৷ এইবাৰ তেওঁৰ ভাব…

প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা

 দেৱজিৎ ভৰালী   মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান–প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে৷ আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন উদ্ভাৱনে মানৱ জীৱন সুচলতৰ কৰি তুলিছে৷ কিন্তু তাৰো সমান্তৰালভাৱে মানুহৰ জ্ঞাতে-অজ্ঞাতে প্ৰকৃতিয়ে ইয়াৰ কুফল বাৰুকৈয়ে ভূগিবলগাত পৰিছে৷ পৰিতাপৰ কথা এইখিনিতেই আহি পৰে৷…

হীৰাগুড়ি পাহাৰৰ দেৱতা

 বিদিশা দত্ত (৪) ৰাতিপুৱাৰ সময়। নৈৰ পানীত অকণি অকণি মাছবোৰে খেলি আছে। পাৰতে হৰিণা কেইটামানে ৰ’দ লৈ বহি আছে। নৈৰ ওচৰৰ শিমলুজোপাৰ তলত গোবৰ অলপ পৰি আছিল। আজিকালি গুবুৰ বাসস্থান সেয়াই। আগৰ গোবৰখিনি শুকাই গ’ল। তাত গুবুৰ খাদ্য শেষ হ’ল।…

বিবিবাটাৰফ্লাই

 অংগনা ভট্টাচাৰ্য্য     “অ’ চিত পখিলা         অ’ চিত পখিলা মোৰ দৰে ধুনীয়া ছোৱালী         আৰু ক’ত দেখিলা?”      ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই থাকিল৷ আইনাত জিলিকি উঠা তাইৰ প্ৰতিবিম্বটোক আঙুলিৰে টুকুৰিয়াই তাই “ক’তো…

বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ সৈতে অলপ আলাপ

সাক্ষাৎ গ্ৰহণ : ৰিমলী বৰকটকী       ৰবি শৰ্মাৰ নামৰ ভনিতা মেলি কিবা কোৱাৰ অসমীয়া পাঠক-দৰ্শকক নিশ্চয়কৈ প্ৰয়োজন নাই। হয়, বৰ্তমান সময়ত অসমীয়া ছবিজগতৰ আটাইতকৈ জনপ্ৰিয়, পৰিপক্ক তথা অপ্ৰতিদ্বন্দ্বী নায়কজনৰ কথাই কৈছোঁ। জনপ্ৰিয় অভিনেতা, গায়ক, কাহিনীকাৰ ৰবি শৰ্মাৰ সৈতে আমি চিনেমা আৰু আন…

অসমত আজিৰ তাৰিখৰ শিল্পচৰ্চা

সপোনজ্যোতি ঠাকুৰ (অন্যযুগ বক্তৃতা, ২০২৩)             মই পণ্ডিত মানুহ নহয়৷ পণ্ডিতসকলেহে ভাষণ দিব পাৰে বা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব পাৰে৷ মই শৃংখলাৱদ্ধ, অকাডেমিক (বিদ্যায়তনিক) কথা ক’ব নোৱাৰোঁ৷  সেই ধৰণৰ চৰ্চা মোৰ নহ’ল৷ পাণ্ডিত্যপূৰ্ণ শৃংখলাৱদ্ধ ভাষণবিলাক একোখন পেইণ্টিঙৰ…

কিমান মূৰ্ত এই বিমূৰ্ত কলা

 বিমূৰ্ত পেইণ্টিং : কি আৰু কিয়    সঞ্জীৱ বৰা তেন্তে, ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ দৃষ্টিনন্দন উপস্থাপনে দৰ্শকক আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ন কৰা যেন কৰি তোলা, মূল অৰ্থগ্ৰহণৰ বাবে অপেক্ষা কৰাৰ ধৈৰ্য নাইকীয়া কৰি তোলা- এইবোৰ যে উৎকৃষ্ট সৃজন আৰু পাকৈত শিল্পীৰ কৌশল তাত কাৰো দ্বিমত নাই ৷…

শেষ গান

বিজয় শঙ্কৰ শৰ্মা ঠিক কেঁকুৰিটোৰ আৰম্ভণিতে শুভ্ৰবসনেৰে আবৃত বুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ  আকাশৰ ফালে  ওখ হৈ হৈ  নোহোৱা হৈ গৈছিল সিদিনাৰ পৰাই কেঁকুৰিটোত কোনোৱেই দেখা  নাই পুৱতি নিশাৰ  শুভ্ৰবসন বুঢ়াডাঙৰীয়া প্ৰভুক  নামঘৰীয়াই বৰমেধিক কৈছিল , “বুঢ়াডাঙৰীয়া তেনেকৈ আঁতৰি গ’লে  গাঁওখন নিঠৰুৱা…

ভালক ভাল, বেয়াক বেয়া বুলি কোৱাৰ পৰিৱেশ

         আধুনিক গণতন্ত্ৰৰ এটা বিশেষত্ব হৈছে মুক্তভাৱে মত প্ৰকাশৰ অধিকাৰ৷ শেষ মধ্যযুগ পৰ্যন্ত সকলো মানুহৰে মুকলিমূৰীয়াকৈ নিজৰ মত প্ৰকাশ কৰিব পৰাকৈ অধিকাৰ নাছিল৷ কিন্তু ফৰাচী বিপ্লৱৰ পৰৱৰ্তী সময়ত ক্ৰমে ক্ৰমে বিশ্বৰ বিভিন্ন দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ পত্তন ঘটিল…

জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প

স্ৰোতস্বিনী তামুলী                    মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা পাইছেহি। গোষ্ঠীজীৱন – হঠাৎ সেনাৰ অপাৰেচনত ভূমিত চিটিকি পৰা জৰায়ু।…