Tag সমাজ

‘হালধীয়া বৃত্ত’-ত জীৱন সত্য আৰু সমাজ জিজ্ঞাসাৰ নান্দনিক চিত্রকল্প

ৰুদ্ৰ সিংহ মটক      ‘‘Poetic feeling is directed feeling, — feeling directed by the social ego.’’ (Christopher  Caudwell)  হালধীয়া বৃত্ত একাধাৰে কবি, সংগীতশিল্পী, নাট্যকাৰ  তথা বোলছবি অভিনেতা বিশাল অনুৰাগৰ তৃতীয় কাব্যগ্ৰন্থ হালধীয়া বৃত্ত (২০১৯)। উল্লেখযোগ্য যে ‘হয় মই সন্ত্রাসবাদৰ পক্ষপাতী’ (১৯৯৭)…

পাঠাগাৰ

দৰ্শনৰ কাহিনী: উইল ডুৰাণ্টৰ দৃষ্টিৰে ড° গিৰীশ বৰুৱা। সব্যসাচী, যোৰহাট, ২০১৯ আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰি দাৰ্শনিক চিন্তা-চৰ্চাৰ বাবে সমগ্ৰ পৃথিৱীতে খ্যাতি অৰ্জন কৰা ড° উইল ডুৰাণ্টৰ প্ৰখ্যাত পুথি The Story of Philosophy ইতিমধ্যে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল নীলিমা দত্তই।…

বিশিষ্ট বিজ্ঞানী তথা শিক্ষাগুৰু: ড° ভূমিধৰ চৌধুৰী

ড° পদ্মপাণি একো একোজন বিদ্বান, আদৰ্শৱান শিক্ষকে আমাৰ জীৱনত অতি গভীৰভাৱে প্ৰভাৱ পেলাই থৈ যায়৷ এনেসকল শিক্ষকৰ জীৱনৰ ব্ৰত হ’ল— ছাত্ৰসকলক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি তোলা, যাতে ভৱিষ্যতে তেওঁলোক প্ৰতিজন সুনাগৰিক হৈ সমাজ, জাতি তথা সমগ্ৰ দেশখনৰে উন্নতি সাধিবগৈ পাৰে৷…

অব্যাহৃত

গুৰু দুজনাৰ সৃষ্টিসমূহ আৰু পাঠসমীক্ষা ৰঞ্জুমণি মহন্ত এই লেখিকাৰ দহ কি এঘাৰ বছৰমান বয়সৰ কথা৷ গোসাঁইঘৰৰ থাপনাত থকা ‘কীৰ্ত্তনঘোষা আৰু নামঘোষা’-খন উৱলি যোৱা বাবে দেউতাই এখন নতুন ‘কীৰ্ত্তনঘোষা আৰু নামঘোষা’ কিনি আনিছিল৷ সেইদিনা সন্ধিয়ালৈ গোসাঁইঘৰত নতুনকৈ কিনি অনা পুথিখনৰ পৰা…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত সমন্বয় পুথিভঁৰালৰ জন্ম কাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা) ‘সমন্বয়’ পুথিভঁৰালৰ চৰিত্ৰগত দিশ কেনে হ’ব সেই সম্পৰ্কে আমি, বিশেষভাৱে ভূমিধৰ আৰু মই, আৰম্ভণিৰে পৰা সচেষ্ট আছিলোঁ। সেইবাবে আমি এখন গোহাৰিপত্ৰ উলিয়াই তাত স্পষ্টভাৱে উল্লেখ কৰিলোঁ যে সমন্বয় পুথিভঁৰাল হ’ব ৰাজহুৱা পুথিভঁৰাল। ইয়াত গণতান্ত্ৰিক…

দিশহাৰা বিশ্বনেতৃত্ব: আমেৰিকা-চীন সংঘাত

সঞ্জীত কুমাৰ বৰদলৈ আমি এখন মুক্ত পৃথিৱীৰ বাসিন্দা৷ ১৯৯২ চনত সেই সময়ৰ বিত্তমন্ত্ৰী ড° মনমোহন সিঙে আমাৰ দেশত মুক্ত অৰ্থনীতিৰ সূচনা কৰিলে৷ এতিয়া স্বাভাৱিকতে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ গতিবিধিয়ে আমাৰ দেশকো প্ৰভাৱিত কৰে৷ বিশ্বৰ পৰিৱৰ্তিত গতিবিধিৰ পৰা আমি বিচ্ছিন্ন হ’ব নোৱাৰোঁ৷…

বাস্তৱতা আৰু গণিত

ড° প্ৰিয়দেৱ গোস্বামী ভাষা মানৱ সভ্যতাৰ প্ৰথমটো স্থায়ী খোজ। বাস্তৱ পৃথিৱীখনত ঘটা, দেখা পোৱা বিভিন্ন বস্তু, ঘটনা-পৰিঘটনা আদিৰ বিষয়ে এজনে আনজনৰ লগত হোৱা ভাব বিনিময়ৰ ফলতে কথিত ভাষাৰ উৎপত্তি হয়। ই মানুহৰ সভ্যতাৰ দিশত আগবঢ়াৰ আদিতম অৱস্থা। কথিত ভাষাক চিত্ৰলৈ…

উত্তৰ পাৰৰ পদ্য

হিৰণ্য তালুকদাৰ   বৰ লুইতৰ             বিশাল বুকু           মাজত চৰা ঢৌ, দুয়োপাৰে আছে           নৈ উপনৈ          পানীত বৰালি, ৰৌ।   উত্তৰে বয়              সোৱণশিৰি          বালিত কমায় সোণ, গাভৰু আৰু             ৰঙানৈৰ পাৰত          ৰাতি পূৰ্ণিমাৰ জোন।   বৰনদীত উঠে         বাৰিষাৰ  ঢল…

মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট অসমীয়া অনুবাদ:  ড° দীপশিখা ভাগৱতী ছন পৰা মাটি দ্বিতীয় পক্ষ: এহাত দাবাখেল (A Game of Chess )   উজ্জ্বল সিংহাসনৰ দৰে, যি আসনত তেওঁৰ অধিস্থান, উদ্ভাসিত মৰ্মৰত, য’ত বেলোৰ আলিংগনৰত হয় দ্ৰাক্ষালতাৰ অলংকাৰশোভিত সেই মান্যতাৰ উত্থানৰ দ্বাৰা…

অসমীয়াৰ সংজ্ঞা— ২

ধ্ৰুৱজ্যোতি বৰা (১) ভাষাই হ’ল অসমীয়া সংজ্ঞাৰ কেন্দ্ৰীয় বিষয়বস্তু ভাষা জাতিৰ প্রাণ। ভাষা নথকাকৈ পৃথিৱীত ক’ৰবাত জাতি আছে বুলি মই নাজানো। হয়, এই ভাষাবোৰ কোনোবা জাতিৰ ক্ষেত্ৰত অত্যন্ত বিকশিত আৰু আধুনিক আৰু আন কিছুমান জাতিৰ ক্ষেত্রত হয়তো ‘কথিত ভাষা’ oral…