Tag সমাজ

ধূলিৰ ধুমুহাত এদিন

শিল্পীকা ৰাজগুৰু          চৌবিছটা ঘণ্টাৰ ক্ৰিয়া-বিক্ৰিয়াৰ কৰ্ষণৰ ফলতে জন্ম হয় একোটা বহু প্ৰত্যাশিত প্ৰাণচঞ্চল দিনৰ। তিক্ত অভিজ্ঞতাৰে সমৃদ্ধ মাত্ৰ কেইটামান ঘণ্টাও কেতিয়াবা এটা পূৰ্ণাংগ দিনৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। অচিন কাৰোবাৰ সৈতে ভাবৰ আদান–প্ৰদান কৰোঁতে যেনেদৰে কোনো অসৰ্তক মুহূৰ্তত আগন্তুকক…

মাস্ক্: এক প্ৰেমকথা

নৱজিৎ চেলেং আজি প্ৰায় বত্ৰিছ বছৰৰ পাছত মই প্ৰভাৱতীৰ মুখামুখি হৈছোঁ। প্ৰায় নহয়, বছৰৰ হিচাপত সম্পূৰ্ণ বত্ৰিছ বছৰেই হ’ল। মই মনতে গণি চালোঁ। মানে… ইমানখিনি সময়ত আমাৰ তৃতীয় প্ৰজন্মই এই পৃথিৱীত খোজ দিব পৰাকৈ মাজত আৰু এছোৱা দীঘলীয়া সময়! নাই,…

পুৰণি পুখুৰীৰ কথকতা

গীতিমণি গোস্বামী (বৰঠাকুৰ) স্থিৰ পুঙাত দৃষ্টি বন্ধা তেওঁৰ। দুপৰৰ নিৰ্জনতা কেয়োকাষৰ শুকান পথাৰকেইখনৰ ৰিক্ততা, মূৰৰ ওপৰৰ আকাশখনৰ স্তব্ধতা আটাইবোৰ যেন দোঁ খাই পৰিছেহি দুলি থকা বৰশীৰ পুঙাটোত। জঁপিয়াই থকা শালিকীকেইটা বতাহত বিয়পি থকা চিনাকি-অচিনাকি গছ-ফুলৰ সুবাস, মাকৰ ওহাৰ চুপি থকা…

মহামায়া

গায়ত্ৰী প্ৰান্তিক শৰ্মা একেঘাপে পাৰটোৰ ডিঙিটো কাটি মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট্ কোট্‌কৈ‍তেজবোৰ পি খাইছিল পূজাৰীজনে। কাষতে ইতিমধ্যেই কাটি কাটি থৈ যোৱা হৈছিল হাঁহ, ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ। বাজি উঠিছিল শংখ, ঘণ্টা।…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা                             নবীন কবিলৈ চিঠি (এক)    …

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী (যোৱা সংখ্যাৰ পিছৰ অংশ) সভাখন চিনাকিপৰ্বতে সমাপ্ত হ’ল। বেলিও ইতিমধ্যে লহিয়ালে। অতিথি দুজনক মহামন্ত্ৰী বৃকোদৰ আৰু বগলী পণ্ডিতে তেওঁলোকৰ বাবে যতনাই থোৱা ঠাইলৈ বিশ্ৰামৰ বাবে আগ বঢ়াই নিলে। বাকী ৰাইজো ঘৰাঘৰি গ’লগৈ। ৰাতিলৈ মহাৰাজৰ বাসস্থানত মহামন্ত্ৰী বৃকোদৰ, সেনাপতি…

সম্পাদকীয়

অসমীয়া সাহিত্যৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল কাৰ্যতঃ অনুবাদৰ যোগেদি। প্ৰথমখন বিশুদ্ধ অসমীয়া ভাষাৰ পুথি হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ বা ‘প্ৰহ্ৰাদ চৰিত’ আছিল অনুবাদমূলক। আক্ষৰিক অনুবাদ নহ’লেও পুৰাণৰ কাহিনী এটাক নিজৰ ভাষাৰে লিখিবলৈ কৰা যত্নৰ ফলতে সেই পুথিখনৰ সৃষ্টি। তাৰ পাছতো মাধৱ কন্দলিৰ…

পৃথিৱীৰ সহোদৰক বিচাৰি

ৰিপুঞ্জয় বৰদলৈ — “ছাৰ, আপুনি যে ক’লে বিশ্বব্ৰহ্মাণ্ডখনত অনন্ত কোটি তাৰকাৰাজ্য আছে… আৰু নিতৌ তাৰকাৰাজ্যৰ গঠন আৰু মৃত্যু ঘটি আছে বুলি?” — “হয়, তুমি ঠিক কৈছা অসীম। আজিৰ তাৰিখত বিশ্বব্ৰহ্মাণ্ডত কিমানখন সৌৰজগত আছে, তাক কোৱাও অসম্ভৱ যেন কথা। কাৰণ আমাৰ…

অসমীয়া ভাষাত প্ৰিন্সিপিয়া

এটা ভাষা-পৰম্পৰাৰ সমাজ এখন বৌদ্ধিকভাৱে কিমান আগবঢ়া, সেয়া নিশ্চিতভাৱে সেই ভাষাটোত মানুহৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞান-বিজ্ঞানৰ কিমান টোকা লিপিবদ্ধ হৈছে সেইটোৱেই নিৰ্ণয় কৰে। যিসকল লোকৰ চিন্তাৰে জগতখন আগ বাঢ়িছে সেইসকল চিন্তানায়কক লগ পোৱাৰ, তেওঁলোকৰ চিন্তাৰ সৈতে পৰিচিত হোৱাৰ, সময়ৰ…

অসমৰ দুজন উদীয়মান চিত্ৰশিল্পীৰ শিল্পকৰ্ম

নিবিড় অনুৰাগ মানস চিত্ৰশিল্পী কল্যাণ ৰাভা কল্যাণ ৰাভা বৰ্তমান সময়ত চিত্ৰশিল্পৰ লগত ওতপ্ৰোতভাৱে জড়িত এজন চিত্ৰশিল্পী হ’ল কল্যাণ ৰাভা। ওদালগুৰি জিলাৰ ঘোগাপাৰাৰ, ভেৰগাঁৱত জন্ম লাভ কৰা কল্যাণৰ ছবিসমূহৰ মূল বিষয়বস্তু হ’ল সমাজৰ খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম। কল্যাণ ৰাভাৰ চিত্ৰকৰ্ম…