Tag সমাজ

বিহংগম দৃষ্টিৰে এল্ডাছ্‌ হাক্সলিৰ উপন্যাস

 মৌচুম বৰুৱা আধুনিক ইংৰাজী উপন্যাস সাহিত্যক এক নতুন গতিছন্দ প্রদান কৰাৰ ক্ষেত্ৰত আৰ্নল্ড বেনেট, ডি. এইচ. লৰেঞ্চ, জোছেফ কনৰাড, জেমছ জয়চ্‌, ভাৰ্জিনিয়া উল্ফ, জৰ্জ অৰৱেল আদিৰ লগতে উল্লেখ কৰিবলগীয়া আন এগৰাকী ঔপন্যাসিক হৈছি এল্ডাছ্‌ হাক্সলি। ইংলেণ্ডৰ ছাৰে জিলাত ১৮৯৪ চনত জন্মগ্ৰহণ কৰা হাক্সলি পাছলৈ আমেৰিকাত বসবাস কৰিবলৈ লয়…

স্বৰ্গ স্বৰ্গাৰোহণ

 স্ৰোতস্বিনী তামুলী          পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ ছোঁবোৰ, ধূলিময় গোবাটবোৰ আৰু আনকি দূৰৈৰ সৰু সৰু ঘৰবোৰো এক নীলা নিচাত বুৰিবলৈ ধৰিছে। ক্ৰমশঃ ধূসৰ হৈ পৰিছে সকলো।…

সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ছাৰ আইজাক নিউটন

 ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই ক’ম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হ’লে বিজ্ঞান আজিৰ এই অৱস্থান…

মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম ( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷) প্ৰাচীন মেডিচিন : অতি প্ৰাচীন কালৰ পৰাই মানুহে…

ইচ্ছাবৰ্ণনা

 প্ৰদীপ শইকীয়া   আউজনী গাৰু মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন   ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড              আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়ত তিনিটা দিন ইচ্ছা ২ ৷ মহেঞ্জোদাৰো ভীমবেটকা ৰাখি গঢ়ীত               আলেঙে আলেঙে কাৰোবাক বিচৰাৰ ইচ্ছা ৩ …

অনুভৱ তুলসীৰ ‘অলপ বেছি’ : এটি আলোচনা

ড° দীপমণি দাস কবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত  এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ  প্ৰকাশ আলোচনীত প্ৰকাশিত তেওঁৰ ‘অলপ বেছি’  শীৰ্ষক কবিতাটো পঢ়ি পাঠক হিচাপে আমাৰ মনলৈ অহা  নান্দনিক তুলসীৰ লগত কলপটুবাৰ মুক্তি প্ৰতিক্ৰিয়াবোৰৰ লিপিবদ্ধকৰণ  কৰাৰ সৰল…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (১৪)   শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল,  মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় ক’ব পাৰিবানে? : জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো…

বচা বকুল

  ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ)   ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ সাধনা কৰিছে৷ জেঠায়েক-জেঠপেহাকে সিহঁতৰ ওপৰত যি আশিস বৰষিছে, সিহঁতৰ ওপৰত যিমান বিশ্বাস ৰাখি মাটি-বাৰী দি সংস্থাপন কৰিছে, তাৰ ধাৰ সুজিবলৈ…

গীতালি বৰাৰ ‘অন্তৰতম’: এক অন্তৰ্মুখী যাত্ৰা

 ড° বিৰিঞ্চি কুমাৰ দাস   সাম্প্রতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন উপন্যাস ‘অন্তৰতম’ৰ জৰিয়তে অসমীয়া উপন্যাস জগতত  কিছু নতুন সম্ভাৱনাৰ বাট মুকলি কৰি দিছে, যাৰ জৰিয়তে   এই উপন্যাসখনে  যোৱা কিছু বছৰত প্ৰকাশিত অসমীয়া উপন্যাসসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ…

‘অন্যযুগ সাহিত্য সন্মান ২০২০’-ৰ প্ৰাপক ড° এম কামালুদ্দিন আহমেদে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

       শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ।     প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰপৰা মচি পেলাবলৈ৷ সঁচাকৈয়ে কৈছোঁ নাম-যশৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু উৎকৃষ্ট কবিতা লিখাৰ আগ্ৰহ এটা সূচনা-পর্বতে সোমাই আছিল, সেই কথা আজি…