এটা অৰ্ধগল্প আৰু এডাল অৰ্ধমৃত কলম
স্বপ্না নিহাৰ একতীয়াকৈ থকা মূৰটো আনপিনে ঘূৰাবলৈ বহু পৰ ধৰি যুঁজি আছিলোঁ। উশাহ নাপাই চট্ফটাইছিলোঁ। কাৰোবাক চিঞৰি মাতিম যেন! অথচ সেই ভ্ৰমবিধৌত ক্ষণটোত বুজি উঠিছিলোঁ যে সেই সময়ত সেয়া কৰিবলৈ মই অপাৰগ! একে সময়তে এইটোও বুজিছিলোঁ যে মূৰটো সামান্য লৰালেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিম। নহ’লে!…