Tag সংগীত

অব্যাহৃত

শিশুসাহিত্যিক ইন্দ্ৰকান্ত কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলি ৰঞ্জুমণি মহন্ত সপ্তম শ্ৰেণীত বৃত্তি পাওঁতে ‘মৌচাক’-ত “এওঁলোকে বৃত্তি লাভ কৰিছে” শিতানত মোৰ ফটো ওলোৱাত দেউতাই ‘মৌচাক’-ৰ সেই সংখ্যাটো কিনি আনিছিল আৰু সেইদিনাই মোৰ ‘মৌচাক’-ৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল৷ তাৰ আগলৈকে মই ‘সঁফুৰা’হে পঢ়িছিলোঁ৷ ৰঙীন পৃষ্ঠাৰে…

বছা বকুল

ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰপৰা) দুই ভাদমহীয়া তিথিকেইটা বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তিৰে পতা হয়৷ মহিলাসকলে আবেলি বেলিকা লগ হৈ নাম লয়৷ এইটো বহু বছৰ ধৰি চলি আহি এটা পৰম্পৰাৰ ৰূপ ল’লেহি৷ পুৰুষসকলৰ সময়ৰ অভাৱ৷ লগতে নিষ্ঠাৰো অভাৱ চাগে৷ আয়তীসকলে…

চাৰ্লোট ব্ৰণ্টিৰ ‘জেন আয়াৰ’ : মূল্যবোধৰ অৱক্ষয়, সংঘাত আৰু পুনৰ্নিৰ্মাণ

ৰুদ্ৰ সিংহ মটক ঊনবিংশ শতাব্দীৰ সাহিত্য প্ৰতিভা আৰু সাহিত্য সৃষ্টিয়ে তাৰ বহু বৰ্ণিল, বিৰল শিল্পৰূপ, অন্তর্নিহিত প্ৰমূল্যৰ সাৰৱত্তা, বিপুল বৈচিত্র্য আৰু অৰ্থোজ্জ্বল আৱেদনেৰে বিশ্বসাহিত্যৰ বুৰঞ্জীত এক নতুন যুগৰ পাতনিৰ সূচনা কৰিছিল। এই শতিকাটোৰ যুগমানস আৰু যুগযন্ত্ৰণাৰ সাৰ্থক প্ৰতিনিধি, প্ৰতিভাশালী লেখিকা…

যাত্ৰা

 স্মৃতিৰেখা দেৱী চুমীহঁতৰ স্কুলৰ বছৰেকীয়া পৰীক্ষা কালি শেষ হ’ল৷ প্ৰতি বছৰৰ দৰেই এইবাৰো পৰীক্ষা শেষ হোৱাৰ পাছদিনাই সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী লগ হৈ আজি বৰ্ষপূৰ্তিৰ আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন বিষয়ৰ কথা পাতিলে৷ গান, সাধুকথা, প্ৰশ্নোত্তৰ, আকস্মিক বক্তৃতা, হাঁহি উঠা অভিনয়, কৌতুক আদিৰে উপচি উঠা…

বাঘিনীৰ সত্য জীৱন কাহিনী

  ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম  তাই প্রথমে আইনাত তাইৰ প্রতিবিম্ব ওচৰত মুখ লগাই এবাৰ-দুবাৰ মুখখন কাচৰ ওপৰত ঘঁহিছিল। তাৰ লগে লগে তাই টেবুল আইনাৰ পিছফালে গৈ চাই আহিছিল তাইৰ দৰে এজনী বাঘিনী দাপোণৰ পিছফালে…

মুক্ত বীক্ষণ

 কোন দিশে গণতন্ত্ৰ? পঙ্কজ প্ৰতিম বৰদলৈ পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ দুখনৰ অন্যতম ভাৰতবৰ্ষই, স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ দিনটোতেই চুবুৰীয়া দেশ আফগানিস্তানত গণতন্ত্ৰৰ ‘তালিবানী’ হত্যা হৈছিল। এখন স্বাধীন গণতান্ত্রিক প্ৰমূল্যবোধ বৰ্তি থকা আৰু কেইবাতৰপীয়া গণতান্ত্রিক সংস্থাৰ সুৰক্ষা থকা দেশৰ আত্মনিয়ন্ত্রণৰ…

এই দিশে পোহৰ

 পলাশ বৰুৱা   কি কৰোঁ কি নকৰোঁ অৱস্থাৰ মাজত ৰৈ কিৰণ যেন স্থৱিৰ হৈ পৰিছে৷ মনৰ মাজত চলি থকা তাৰ অস্থিৰতাৰ যুদ্ধখনৰ বিষয়ে কোনেও নাজানে৷ সি কাকো ক’বও নোৱাৰে৷ আটাইতকৈ ডাঙৰ কথা এয়ে যে তাৰ মনৰ অস্থিৰতা আজি স্কুলতো ওলাই…

আপোনাৰ বন্ধুজন যেতিয়া কিতাপ হয়

 পল্লৱী শইকীয়া         আত্মাৰ এক শক্তিশালী বন্ধন হ’ল বন্ধুত্ব৷ আমি বন্ধুত্ব বুলি ক’লে সততে দুজন মানুহৰ মাজত গঢ় লৈ উঠা পাৰস্পৰিক সদ্ভাৱ আৰু মিলা–প্রীতিকে বুজোঁ৷ আজি অৱশ্যে অন্য এক বন্ধুত্বৰ বিষয়েহে কিছু কথা অৱগত কৰিবলৈ প্রয়াস কৰা হৈছে৷         আপোনাৰ বন্ধুজন…

হাত

পৰিস্মিতা বৰদলৈ (১) কঁহুৱা বন… কাগজখিলাৰ ওপৰত হাতখন খুব খৰকৈ চলিছে৷ খচ্ খচ্..খচ্ খচ্… ‘খিৰিকীখন খুলিলেই দেখা যায় হালি-জালি থকা কপাহ কোমল কঁহুৱাৰ শাৰীবোৰ৷ ভাৰাক্ৰান্ত মনবোৰ যেন কঁহুৱাডৰাই ভাৰশূন্য কৰি তোলে পলকতে৷ মিহিকৈ বলি থকা কোমল বতাহজাকে আহি তাইৰ চুলিবোৰ…

সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক)

ড০ ৰমেশ গোস্বামী     (চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু – সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাক – স্কুলৰ শিক্ষয়িত্ৰী; মামা – দীপু–ৰূপুৰ মোমায়েক, কলেজৰ অধ্যাপক) ৰূপু – মা, অ’ মা। মাক – মই পাকঘৰত, কচোন৷ ৰূপু – বংশীয়ে কিমান পানী নষ্ট…