পূজাৰ কবিতা
গায়ত্ৰী দেৱী বৰঠাকুৰ শ মানে শৰত শ মানে শৰালি শুকুলা আকাশত উৰে জাক পাতি শ মানে শুক্লপক্ষ শ মানে শতৰূপা আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ আৰাধনা প মানে পূজা প মানে প্ৰসাদ বেলুনবোৰ উৰিলেই দূৰ হয় মনৰ…
গায়ত্ৰী দেৱী বৰঠাকুৰ শ মানে শৰত শ মানে শৰালি শুকুলা আকাশত উৰে জাক পাতি শ মানে শুক্লপক্ষ শ মানে শতৰূপা আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ আৰাধনা প মানে পূজা প মানে প্ৰসাদ বেলুনবোৰ উৰিলেই দূৰ হয় মনৰ…
ৰঞ্জু শৰ্মা বিজয়া দশমীৰ নিশা, শেষ প্রহৰ। জিলিপোকৰ সমবেত আৰাৱে চৌপাশে মৃদু কোলাহলৰ বাদে বাকী সকলো নিমাত, নিস্তব্ধ। ঠিক যেন কইনাক বিদায় দিয়াৰ পাছৰ এখন উদং ৰভাতলী। অবিশ্রান্ত পৰিশ্রমৰ অন্তত কিছু ভাগৰুৱা, অপেক্ষাবিহীন অথচ প্রশান্তিৰে তৃপ্ত। কিছু পৰ আগলৈকে শংখ,…
তৃপ্তি বৰা সাগৰৰ বিশালতা জুখিব পৰাকৈ দুচকুৰ ধৃষ্টতা নাই বুলি জানিও ঋতমে বিশাল আৰব সাগৰখনৰ পাৰত ৰৈ সাগৰৰ সীমনালৈ চাই পঠিয়ালে। অথচ সি জানে, এয়া যে বৃথা প্ৰয়াস। কথাটো ভাবি হাঁহি উঠি গ’ল তাৰ নিজৰে। বিশালতা জানো জুখিব পাৰি! আচলতে…
মূল (বাংলা) : বুদ্ধদেৱ বসুঅসমীয়া ৰূপান্তৰ : এপ’লো খাটনিয়াৰ শুনিছোঁ জীৱিতৰ ভৰেৰে এই পৃথিৱী পৰিশ্ৰান্ত৷ কিন্তু ভাব হয় মৃতকৰ সংখ্যা ততোধিক৷ সেয়া কোনখন জগত, য’লৈ তেওঁলোক গুচি যায়? সেয়া কি পাতাল? সেয়া কি অন্তৰীক্ষ, কল্পনাতীত কোনো সুদূৰ? কোনো…
অনুভৱ তুলসী মানচিত্ৰত মাটি নাই বাবে যি সুদূৰ ডালাছ ওলাইছিলগৈ উদ্দেশ্য কলৰাডোৰ গাতে গা লগাই বোৱাব কোশী বাগমতী চীনৰ টনা-আঁজোৰাৰ পৰা হিমালয়ক মুক্ত কৰিব নোৱাৰি বিল্পৱ প্ৰতীক বিষাদপ্ৰতিমা হয়তোবা বিষাদ নিজেই কিংবদন্তী উটি-ভাহি ফুৰিছিল যি ওঠৰচকীয়া ট্ৰাকৰ শিপা বিচাৰি…
নীলোৎপল বৰুৱা জীঊতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল। প্ৰায় এসেৰ ওজনৰ এছটা গোটা লোহাৰে বনোৱা নাল নথকা বেঁকা দাখনৰে জীয়া ছাগলী এটা ঘাপ মাৰি দিয়াৰ পাপ। মঙহৰ সজ্জাটো ঢিপঢিপাই…
আকাশ দীপ্ত ঠাকুৰ সামান্য জালুকৰ গুৰি দি বাকি অনা ৰঙা চাহকাপ আৰু অকণমানি বিস্কুটৰ পেকেটটো কাষৰ সৰু মেজখনতে থৈ মই মালাৰ ফালে এবাৰ চালোঁ৷ মনতে ভাবিলোঁ, চাহকাপ খোৱাৰ আগতে এইমাত্ৰ বাহিৰত দেখি অহা সেই আচহুৱা ঘটনাটোৰ বিষয়ে তেওঁক কোৱা যাওক৷ …শীৰ্ণকায়…
স্মৃতিৰেখা দেৱী ‘ইয়াৰ পাছত? মানে সংকলনৰ কথা ভবা নাই?’- চালাডৰ কাৰণে থোৱা বিলাহী এটা লিৰিকি–বিদাৰি বেদে প্ৰশ্নটো সুধিছিল শাশ্বতীক; চেল্ফ্খনত গা–টো ভেঁজা দি, ভৰি দুটা কেৰেচীয়াকৈ লৈ। ‘না…ই ! সেইবোৰ ভবাই নাই। এৰি দিয়াৰ নিচিনাই হৈছে আজিকালি এইবোৰ…।’- শাশ্বতীৰ কথাষাৰত যেন…
পৰী পাৰবীন দিনৰ প্ৰখৰ ৰ’দত উত্তপ্ত হৈ উঠা শুকান বালিময় পাহাৰ নেওচি বেলিটো খহি পৰাৰ লগে লগে নগৰখনলৈ ব্যস্ততা নামি আহিছে। দিনৰ দিনটো অলৌ-তলৌকৈ ঘূৰি টোকাবহীত ইটো সিটো লিখি ক্লান্ত হৈ পৰা দেহাটো চোঁচৰাই মই কান্দাহাৰ নগৰৰ বজাৰ এখনত সোমাই…
অংকিতা বৰুৱা কাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি খুব সাৱধানে তাৰ হাতখন চলাই গৈছে । তাৰ বিশেষ ধ্যান থাকে চকুযুৰিত । শব্দতকৈ এযোৰ চকুৰ সংবেদনশীলতাই তাক বেছিকৈ আকৰ্ষিত…