Tag শিক্ষা

সম্পাদকীয়

অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে সময়ত পদ্ধতিগত অধ্যয়নকাৰীয়ে লিপিৱদ্ধ কৰে আৰু তাৰ পাছৰপৰাই তেনে লিপিবদ্ধ নথিৰ আধাৰতে ভাষা একোটাৰ শব্দাৱলীৰ ব্যৱহাৰ চলি থাকে। পিছে এনেকৈ লিপিৱদ্ধ বা নথিভুক্ত হোৱা প্ৰতিটো…

বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা

সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্‌ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…

পিছলৈ উভতি চাওঁ: ৭

নিমগুটি, টাংগুটি আৰু কত কি? ড॰ পোনা মহন্ত স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ মাৰিছিলোঁ বাৰীৰ পি‍ছফালে থকা পুখুৰীটোলৈ৷ তেতিয়া মোৰ হাফ্‌পেণ্ট এটাই আছিল৷ স্কুললৈ পিন্ধি যোৱাৰ বাহিৰে সেইটো আন…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা)  সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ গীত আৰু খগেন মহন্তৰ বিহুগীতকে বুজিছিলোঁ৷ লগতে আধ্যাত্মিক ভাবৰ সঞ্চাৰ কৰা বৰগীত আৰু ‘জীৱনৰ একো নাই’ দৰ্শনেৰে পৰিৱেশিত লোকগীতবোৰ আমাৰ চিনাকি আছিল৷ পাছলৈ জিতুল…

বৃক্ষ মানৱ

পাপৰি বৰ্মন মাষ্টৰনীয়ে‍ মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্‌এপে পালে?’’ ‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) পাছদিনা৷     বেলি নৌ ওলাওঁতেই বৰতলত সমাগম আৰম্ভ হ’লেই৷ গোটেইখন একেবাৰে উদুলি মুদুলি৷ আটাইৰে মনবোৰ উথপথপ৷ সেউজপুৰৰ একেবাৰে থিয় হ’ব নোৱৰা বুঢ়া-বুঢ়ী আৰু নৰিয়াত ভুগি থকা জীৱ-জন্তুকেইজনৰ বাহিৰে প্ৰায় সকলোৱেই ৰাজ্যৰ…

সিপাৰে যমুনাৰ …

আকাশ দীপ্ত ঠাকুৰ (৭)           …চৌপাশে যেন আৰম্ভ হ’ল কিছুমান অস্ফুট কোলাহল। নীলাঞ্জনাই তেতিয়াও সাৰ পোৱা নাছিল। আধা টোপনিৰ আৱেশত তাই কেৱল শুনিবলৈ পাইছিল সেই কোলাহলৰ কিছু অংশ। সোনকালে উঠিবলগীয়া অৱশ্যে তেনেকৈ কোনো কাৰণো নাছিল বাবেই চাগৈ টোপনিৰ আৱেশ আঁতৰি…

ন’টবুক

মূল : স্বপ্না ভট্টাচাৰ্য    অনুবাদ : কুমুদ ঘোষ (স্বপ্না ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনত অসমৰ শিলচৰত। তেখেতৰ প্ৰথম গল্প ‘পয়োধীৰ’ প্ৰকাশিত হৈছিল অধুনালুপ্ত ‘দৈনিক প্ৰান্তজ্যোতি’ত ১৯৬৯ চনত। বেঙ্কৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা স্বপ্না ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাংলা সাহিত্যৰ স্নাতকোত্তৰ।…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা দ্বিতীয় পত্ৰ ভিয়োৰিজিঅ’ পিছাৰ কাষত (ইটালি) ৫ এপ্ৰিল, ১৯০৩ আজি তোমাক মই ক’ব খোজা দ্বিতীয় কথাটো হ’ল— মোৰ আটাইবোৰ কিতাপৰ ভিতৰত মাত্ৰ কেইখনমানহে…

শিশু কবিতা অক্টোবৰ

 শিশু কবিতাঃ লতা আৰু ককা স্বপ্নালী কলিতা এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ল’লে ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে | ককাই বোলে হেৰৌ লতা ! ক’লৈ যাৱ তই ? এৰাবাৰীৰ আমৰ তলত  ভূতৰ আপোন ঘৰ | ককা, ককা কিনো…