Tag সংস্কৃতি

জ’হৰ

নৱ ৰাজন যেন অন্য এক ৰামায়ণ। পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী। চিত্ত’ৰৰ ৰাণী । ৰজা ৰাৱণ ৰতন সিঙৰ দ্বিতীয় পত্নী। পদ্মাৱতীৰ দেহত ৰূপৰ জুই; যি জুয়েই সামৰি ল’লে তাইক।…

গল্ডবাক কনজেকচাৰ (Goldbach conjecture)

 ড০ প্ৰিয় দেৱ গোস্ৱামী     মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল গণিত। আকৌ গণিত হৈছে অধ্যয়নৰ প্ৰাচীনতম বিষয়। বিষয়টো আৰম্ভণিৰ সময়ত সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনৰ বাবে এই শাখাৰ বিকাশ হৈছিল।…

ৰূপান্তৰ

 বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া  চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ মাজলৈ এৰিছোঁ ইমান সাৱধানতাৰে স্তৰসমূহ পাৰ হৈছোঁ যে, মই নিজেই পাহৰি পেলালোঁ ৰূপান্তৰৰ কোনটো পৰ্যায়ত মই আচলতে মই আছিলোঁ মেটাম’ৰফছিছ…

অকণিয়ে অঁকা ছবি

  ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমী’ৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি বিহু

শগুণটো

 মূল: ফ্ৰাঞ্জ কাফ্‌কা অনুবাদ : ৰঞ্জুমণি মহন্ত   এটা শগুণে অকৰ্তৃত্বশীলভাৱে মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই  মোৰ বুটযোৰ আৰু মোজাযোৰ ছিৰি পেলাইছিল আৰু এতিয়া মোৰ ভৰি দুটা খুঁটিয়াবলৈ ধৰিছে৷ বাৰে বাৰে সি ভৰিদুটাত জোৰেৰে আঘাত কৰিছিল, তাৰ পাছত সি…

সেউজী সেউজী সেউজী অ’

 ড০ প্ৰাণজিৎ বৰা ২ ঘৰৰ পিছবাৰীখন ঘাঁ‌হ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা কৰিবলৈ দিয়ে। দেউতাকৰ সময় নাই, পুৱাৰে পৰা সন্ধিয়ালৈকে তেওঁ দোকানৰ কামতে ব্যস্ত  হৈ থাকিব লাগে। দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা…

কেথেৰিন

 নীলোৎপল বৰুৱা  অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷ এই ধৰক ব্ৰডৱে’ থিয়েটাৰৰ মঞ্চখন৷ কিচকিচিয়া ক’লা মজিয়াখন বাদ দি৷ চাণ্টুৰ গেৰেজটো বাওঁ উৰ্দ্ধমঞ্চ৷ ওপৰত জ’ন লাইট এটা…

ভক্তি-বিদ্বেষ তত্ত্ব

 অমৃত গোস্বামী     ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷  শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷ জন্মৰ সময়ত শিশুপালৰ দেহৰ লক্ষণ আছিল অস্বাভাৱিক, তিনিটা চকু আৰু চাৰিটা বাহু৷ তেওঁৰ জন্মৰ সময়তে এক দৈৱবাণী শুনিবলৈ পোৱা গৈছিল…

সাধু এটা

 দেৱাশিস হাজৰিকা   মোৰ আই আৰু পিতাইৰ  প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল   সাধুটোৰ নায়কজনৰ সমান সুখী হেনো  আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা!   আয়ে এদিন এটকীয়া মুদ্ৰা এটাক ইপিঠি-সিপিঠি…

সময়

 যশোৱন্ত নিপুণ   কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময়…