Latest posts
-
ষ্টেণ্ডাৰ্ড মডেল, নতুন পদাৰ্থ বিজ্ঞান আৰু ব্ৰেকথ্ৰু বঁটা ২০২৬
ড০ অনিল চন্দ্ৰ বৰা কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী ব’ছন—আৰু চাৰিটা মৌলিক বলৰ ভিতৰত তিনিটা (বিদ্যুৎ-চুম্বকীয়তা, দুৰ্বল আৰু শক্তিশালী বল) বৰ্ণনা কৰাৰ বাবে বিজ্ঞানীসকলৰ বাবে আটাইতকৈ সঠিক তাত্ত্বিক কাঠামো৷ মৌলিক কণিকাৰ “মানচিত্ৰ” হিচাপে বৰ্ণনা কৰা ই হিগছ ব’ছনৰ দৰে পৰিঘটনাৰ আৱিষ্কাৰৰ পূৰ্বেই সফলতাৰে ভৱিষ্যদ্বাণী কৰিছিল৷
-
কমৰেড
বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷ বিবৰ্ণ জিন্চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে৷ আগৰ চৰ্বিযুক্ত চেহেৰা এতিয়া নাই৷ মই স্থিৰ হৈ কেইমুহূৰ্তমান তেওঁৰ চকুলৈ চাই ৰ’লোঁ৷
-
সুন্দৰী
গায়ত্ৰী দেৱী বৰঠাকুৰ সেই তাহানিতেই নাৰীৰ অৱদমিত ইচ্ছাক উদঙাই দেখুৱাইছিলে সুন্দৰীয়ে চাকিৰ পোহৰত ক’লা আখৰৰ উজ্জ্বলতাৰে যুগজয়ী আত্মজীৱনীৰ সোণালী পাতত আঁকিব খুজিছিল আমাৰ জীৱন চকুলোক চিয়াঁহী কৰি লিখিব খুজিছিল সফলতাৰ অমোঘ মন্ত্ৰ সুন্দৰীক কৈ দিবা এতিয়াও স্বাধীনতা আৰু আমাৰ কৌটিকলীয়া সংগ্ৰাম (যদিও আমি আকাশৰ আধাফাল ) তথাপি আকাশ চাবলৈ আমি
-
দুজন কবি গল্পকাৰ
ড॰ অসীম চুতীয়া প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ প্ৰণয় ফুকনৰ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ আৰু ৰাজীৱ বৰাৰ ‘‘যখিনী খোৰৰ থুই’’ শীৰ্ষক গল্প সংকলন দুয়োখন পৃথক আঙ্গিক আৰু বিষয়বস্তুৰে সমৃদ্ধ হ’লেও, মূলতঃ একেই সময়ৰ অন্তৰ্নিহিত সংকট, মানৱজীৱনৰ দ্বন্দ্ব আৰু সমাজ বাস্তৱতাৰ জটিলতা উন্মোচন
-
হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা
ডা০ প্ৰাঞ্জল কুমাৰ নাথ কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি পৰম্পৰা বা লোক-সংস্কৃতি বৈ যায়। বোৱতী নৈৰ দৰে সকলোকে বুকুত বান্ধি বৈ থাকে চিৰদিন, চিৰকাল। অসমীয়া জাতিৰ বাপতি সাহোন ‘বিহু’ এটা কৃষিৰ লগত জড়িত থকা উৎসৱ। সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক
-
মেঘৰ ঢোলত মঘাইৰ হাতৰ চাপৰ
ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ নিজাৰ পৰা তেজত নুবুজা দুখৰ ক’লীয়া ডাৱৰ দুচপৰা নৈ গৰাত থেকা খাই উভতি আহে উগুল-থুগুল সখী ঔ সুহুৰি এটা… গাভৰু বিহু গাভৰু বতাহ ডেকাহঁতৰ হাতত মহৰ শিঙৰ পেঁপা নাহৰৰ
-
পৰজন্মৰ চিন্তা বনাম মানৱতাৰ জয়গান
ৰাতুল মহন্ত শেষ নিশা ২-৪০ বজাত কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত নৈশযাত্ৰীৰ বাহিৰে বেলেগ গ্ৰাহক নাথাকে৷ কিন্তু সেইদিনা আছিল সম্পূৰ্ণ ব্যতিক্ৰম৷ হোটেলখনত বিৰ দি বাট পাবলৈ নাই৷ পথৰ কাষে কাষে পাঁচ শতাধিক মানুহ৷ এবছৰীয়া কেঁচুৱাৰ পৰা চল্লিশ-পঞ্চলিশ বছৰ বয়সৰ চাহ-মজদুৰসকলক দেখি কথাটো কি জানিবলৈ কোমল বয়সৰ ল’ৰা
-
ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী বিহু সন্মিলন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ বিহু কেৱল উৎসৱ নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ৷ আগতে ‘বিহু মাৰি ফুৰা’বুলি কোৱা কথাখিনি য’ত উপাৰ্জনৰ লগত কোনো সম্পৰ্ক নাছিল, এতিয়া সেই ধাৰণাটো সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈছে৷
-
ফটাচোলাৰ ৰং
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া ষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে দেৱীক মাতে) পলী – দেৱী, দেৱী! (দেৱী ভিতৰৰ পৰা সোমাই আহে) দেৱী – মাহী পলী – এই ফ্ৰকটো ইয়াত কোনে থ’লে? দেৱী – মই৷ পলী – কিয়? এইটো কোঠাৰ টেবুলত চোলা-পেণ্ট ৰাখে নেকি? দেৱী
-
শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব
ড° ইন্দ্ৰানীৰেখা শইকীয়া আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি আছে, আৰু বিকশিত হৈ আছে৷ খেল হৈছে শিশুৰ ভাষা৷ আৰু ইয়াৰ মাজতেই লুকাই আছে তেওঁৰ