Tag সংস্কৃতি

চ্যালুইনৰ পৰা লুইতলৈ

  ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পাছৰ পৰা) (উনৈশ) ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম ফালে বৈ গৈছে। কষ্টকৰ পঅৰীয়া বাটৰ শেষত নদীখন পাই মানুহবোৰৰ ভাল লাগিল৷ নদীৰ পাৰে পাৰে পশ্চিমলৈ গৈ থাকিব পৰা যাব,…

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁ আলোকচিত্ৰশিল্পী শ্ৰী প্ৰণীৱ দাসৰ কেইখনমান আলোকচিত্ৰ : গাঁৱলীয়া জীৱনৰ এক ৰূপকথা

জে’মছ জয়চ্ আৰু তেওঁৰ ‘য়ুলিছিছ’ (১৯২২)

ড° চুলতান আলী আহমেদ ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন এনেকুৱা ধৰণৰ সাহিত্যকৰ্ম প্ৰকাশিত হৈছিল যি তিনিখনক আধুনিকতাবাদী (modernist) সাহিত্য আন্দোলনৰ গুৰুত্বপূৰ্ণ পাঠ (text) হিচাপে গণ্য কৰা হয়৷ এই তিনিখন গ্ৰন্থ…

বিনিৰ্মাণবাদ

 ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ ড° তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

 (সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী) প্ৰশান্ত মিশ্ৰ (৪) ধৰ্ম সম্বন্ধে ধাৰণা: ধৰ্ম সন্দৰ্ভত অ’ত ত’ত বিক্ষিপ্তভাৱে নিজস্ব অভিমত প্ৰকাশ কৰিলেও, এই বিষয়ে দুখন পুথিও লিখি উলিয়াইছে শমাৰ্দেৱে৷ এখন ‘ধৰ্ম আৰু সমাজ’ (১৯৮০) আৰু আনখন ‘অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক’ (১৯৯৮)…

এখন খিৰিকীৰ গল্প

মূল : হাৰুকি মুৰাকামিগল্প সংকলন :  The Elephant Vanishesগল্প :  A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হাৰুকি মুৰাকামি  শুভেচ্ছা ল’ব। এটা এটা দিন পাৰ হৈ গৈছে মানে শীতৰ ঠেঁটুৱৈ লগা ভাৱটো ক্ৰমে কমি আহিছে। কোমল…

ন’বেল বঁটা ২০২১

ড° ৰমেশ চন্দ্ৰ গোস্বামী কোৱা নিষ্প্ৰয়োজন যে ছুইডেনৰ ৰসায়ন বিজ্ঞানী, অভিযন্তা, তথা উদ্যোগপতি আলফ্ৰেড ন’বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰ অনুসৰি পাঁচটা বিভিন্ন বিষয়ত ১৯০১ চনৰ পৰা প্ৰতি বছৰে ন’বেল বঁটা প্ৰদান কৰি অহা হৈছে৷ বিষয়সমূহ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰতত্ব বা চিকিৎসা…

প্ৰাচ্যৰ পোহৰত ‘দ ৱেষ্টলেণ্ড’: অনাদি অনন্তপ্ৰসাৰী

ড° দীপশিখা ভাগৱতী টি. এছ. এলিয়ট   “…বতাহত উথলি পৰিছে কিহৰ কোলাহল মাতৃক সন্তাপৰ অনুচ্চ ধ্বনি আচ্ছাদিত অঘৰী শোভাযাত্ৰাৰে অনন্ত সমভূমি জুৰি গুণগুণনি দ্ব্যৰ্থহীন দিগন্তেৰে বলয়াবৃত পৰ্বত শিখৰৰ মহানগৰ … …দত্ত, দয়দ্ধম, দম্যত..”                   (‘কি ক‘লে মোক বজ্ৰ নিৰ্ঘোষে‘, হোৱাট…

আধুনিকতাৰ যুগস্ৰষ্টা কবি টি এছ এলিয়ট

ৰুদ্ৰ সিংহ মটক ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে দৰং মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে শ্বেক্সপীয়েৰৰ নাটক আৰু ছনেটৰ লগতে কীটছ্, শ্বেলী, ৱৰ্ডচৱৰ্থ, ব্ৰাউনিঙ, য়েটছ্, এলিয়টৰ যুগমীয়া সৃষ্টিৰাজীৰ সংস্পৰ্শলৈ অহাৰ সৌভাগ্য হৈছিল। নতুনৰ আৱাহনী শুনা যৌৱনোচ্ছ্বল এই সোণালী সময়ছোৱাতে আমি কবিতা নামৰ সৃষ্টিশীল…

সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ বৰভেটিক তেখেতৰ পৰৱৰ্তী সময়ত প্ৰাণোজ্জ্বল কৰি এক স্বকীয় আৰু আত্মবিশ্বাসী জাতিসত্ত্বা হিচাপে গঢ় দিয়াত যিসকল লোকৰ অৱদান আছে, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম৷ সামাজিক আৰু সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ জ্যোতিপ্ৰসাদে জাতি আৰু…