হে’ প্ৰেম মোক স্পৰ্শ কৰাঁ
উদয় কুমাৰ বৰুৱা দেওদুপৰীয়া চেনিপুঠি এটাই দলঙৰ তলেৰে বৈ থকা গড়খাৱৈৰ নিৰ্জনতা ভাঙে নাহৰপাতৰ মাজেৰে সৰকি অহা হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা চকুত বিয়পি পৰে কচুপাতৰ থোলাত আমৰলি টোপ লৈ বৰশী টোপাই থকা ল’ৰাটো ময়েই ফ’ৰলেনত যোৱা বুঢ়া চতিয়নাজোপাৰ হুমুনিয়াহ…