Category কবিতা

ককা আৰু নাতিল’ৰা

 অনসূয়া বৰঠাকুৰ বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি, পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি। বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা, ককাকে ভাবিলে দেখুৱাওঁগৈ খেতিৰ মাটিডৰা। ৰোৱনী, ভূঁই, কঠিয়া, বঁকিয়া দিলে তাক দেখুৱাই, সিও বোলে ‘‘ধান দাবৰ পৰত আহিম মই…

সমাপন (এটা ইক’পয়েট্ৰি)

সুশান্ত বৰা     মোৰ উশাহৰ বাট সাৰিপুচি নিকা কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে,   চুলি সামৰা ইমান সহজ হৈ নুঠে  যেতিয়া তেওঁৰ খাৰুৰ খেয়ালে হেন্দোলনি তোলে ৰাতিৰ গাত ৷   মানুহৰ গা শুঙি পগলা হয় তেজপিয়া মহ  আজীৱন শত্ৰু…

কুঁৱৰ নাৰায়ণৰ তিনিটা কবিতা

অনুবাদ : দীপজ্যোতি বৰা (১) অন্তিম উচ্চতা কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ যদিহে দশোদিশ আমাৰ চৌপাশে নহয় আমাৰ সমুখতে থাকিলহেঁতেন, কিমান সহজ হ’লহেঁতেন আগুৱাই যোৱা যদি কেৱল মই গৈ থাকিলোহেঁতেন আৰু বাকীসকলো ৰৈ থাকিলহেঁতেন। মই সদায় এই অস্থিৰ পৃথিৱীখনক দহোটা…

নেপ্‌থেলিন

অনুভৱ তুলসী  নেপ্‌থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায় জয়াল কল্পনাত শিহৰিত পঢ়ুৱৈ আঙুলি কলহে কলহে আৰবৰ অগৰnৰে ধোৱা লেডী মেকবেথৰ কণমানি দুখনি হাত জৰায়ুত যাৰ আয়ুস মাথোঁ…

সোণালী চৰাই

খনিন্দ্র ভূষণ মহন্ত   চেপা যন্ত্রণাৰ ৰু-ৰুৱনি এটাক চকুলোৰে ধাৰণ কৰি শিকলি পিন্ধি শুই আছে সোণালী চৰাই ধূমায়িত চহৰখন অস্থিৰ কৰি দেৱালত সৌৱা কঁপি থকা ঋতুৰ পয়োভৰ   মোৰ মেলেকা মাতত মৌ বিচাৰি বিধ্বস্ত বুৰঞ্জীক সিপাৰলৈ ঠেলি সোণালী চৰায়ে চকু…

মূঢ়মতি

ধীমান বৰ্মন   দুটা শাৰীৰ মাজৰ শূন্যতাক পঢ়িবলৈ নিশিকিলোঁ   আমি মূঢ়মতি নাজানো ভকতি   আমি কি মূঢ়মতি? সঁচাই নাজানো ভকতি?   আমি পঢ়িলোঁ ক‘লা আৰু বগা ছাগলীয়ে একেলগে ঘাঁহ খাই থকা এখন পথাৰ   পথাৰৰ সজন কাঁটাৰ সৰু সৰু…

চিত্ৰকৰ

কুশল দত্ত   চিত্ৰকৰে তুলিকা বুলাই যায় গোলকটোত চীন থাইলেণ্ড জাপান কোৰিআ নীলা ঘননীলা বেঙুনীয়া কমলা ইটালী ব্ৰাজিল ভাৰত ৰাছিয়া ঘননীলা গেৰুৱা তেজৰঙা বেঙুনীয়া   কিছুদিনৰ আগলৈকে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় এই চৰিত্ৰটোৰ এটা নাম আছিল পিছে সলনিয়েই জগতৰ ৰীতিৰ পৰিণতিৰে…

মোৰ বেগ

উৰ্মি জুলী শ‍ইকীয়া মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক তুমি যে দেখিছা হাঁহিটো, ওহোঁ ! সেয়া মোৰ নহয়   মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ বেগত এই যে কথা পাতিছোঁ তোমাৰ লগত সেইগৰাকী ম‌ই নহয়। মইতো আছোঁ বেগৰ ভিতৰত খুচুৰা…

এটি চৰাইৰ ছবি‍ এখন আঁকিবলৈ লওঁতে

 মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭)  ইংৰাজী অনুবাদ: ইউজীন লেভিছ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ (কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু চিত্ৰনাট্যকাৰ। ঘাইকৈ দ্বিতীয় মহাযুদ্ধৰ পাছৰ পেৰিচ চহৰৰ মানুহৰ জীৱন তেওঁৰ কবিতাত প্ৰতিফলিত হোৱা দেখা যায়। আনহাতে ‘আশা’ আৰু ‘অনুভৱী প্ৰেম’…

কথা-সমকাল

মদাৰজ্যোতি বতাহৰ পকনীয়াই কি কি উৰুৱাই নিলে তাকে চালোঁ চৌপাশে কোমল শয্যাৰ বাবে ধূনি থোৱা তুলাবোৰ পৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখি ক’তো একো নাই মূষলধাৰ বৰষুণে তিয়ালে কি কি বৰকচুৰ পাত নিলগাই চালোঁ বেঙৰ মাতবোৰ সাবটি গাত হেৰুওৱা কেঁচু জিলিৰ…