ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ তিনিটা কবিতা
অনুবাদ : ড° ৰঞ্জিত দত্ত (১) গীটাৰ গীটাৰখনৰ কান্দোন আৰম্ভ হ’ল। নিঃশেষ হ’ল পুৱাৰ পিয়লাবোৰ। গীটাৰখনৰ উচুপনি আৰম্ভ হ’ল ইয়াক নিশ্চুপ কৰাটো অৰ্থহীন ইয়াক নিশ্চুপ কৰাটো অসম্ভৱ বৰফখণ্ডৰ ওপৰত মাথোঁ কান্দি আছে একেসুৰীয়াকৈ যিদৰে উচুপি উঠে পানীয়ে, উচুপে বতাহে। ইয়াক…