Category কবিতা

দঁকৰা অমিতাৰ টুকুৰাবোৰ

অলকেশ কলিতা   মানুহৰ লালসাৰ দ্বায়িত্ব মই নলওঁ, ভোকৰ লওঁ, আৰু মই দিয়া ৰুটিটুকুৰা, আম্লা হোৱাৰ আগতেই খাবলৈ যত্ন কৰাঁ। ময়ো যত্ন কৰিছোঁ, কঠোৰ পৰিশ্ৰম, বেলেগ বেলেগ মানুহক বেলেগ বেলেগ ভোক ভগাই দিছোঁ, অভিসন্ধি কৰিছোঁ, পৃথিৱীত যাতে পৰিপূৰ্ণ সুখ নাথাকে।…

পঢ় পঢ় পঢ়

জয়ন্ত দত্ত   পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট   কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে তুলিব পাৰিব আকিঞ্চন সাগৰৰ অতলৰ পৰা   পিছে হালধীয়া গাড়ীবোৰত যোৱা  ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ…

নজনাৰ ব্যাকৰণ

মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে   সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ দোৱাই সামৰি-সুতৰি লওঁ মই সিহঁতক নেদেখুৱাও মোক দিয়া যন্ত্ৰণাক কেনেদৰে মলম সানি সানি নিজকে টোপনি নিয়াওঁ…

সৰি পৰা পাতখিলালৈ

জোনমণি দাস   সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ অন্বেষণত সি নতুন দিনৰ নিউটন নেকি!   ঢপলিয়াই আহিও ঢৌবোৰে তাক ধৰিব পৰা নাই…

ছবিত নথকা কথাবোৰ

প্ৰাঞ্জল হাজৰিকা বৰষুণ মানুহ ছবিয়ে আপোনাক বিমোৰত পেলাব পাৰে সঁচা-মিছাৰ মাজত বলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ  আকাশত ওপঙি আছে খিৰিকী খুলিলেই  আপোনাৰ মুখ তিয়াই পেলাব পৰাকৈ সিহঁত উলম্ব ছবিৰ এই প্ৰলোভনক  আপুনি বিশ্বাস কৰিব‌ই লাগিব কাৰণ আপুনি তিতিছে  বেশ্যালয়…

ভূমিকন্যা

নীলোৎপল বৰুৱা শেহতীয়াকৈ  দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ আৰু দহগৰাকী অভিনেত্ৰীৰ (পুৰুষ চৰিত্ৰ নাই) নাটকখন পূৰ্বতে আমি এবাৰ অন্য স্পে’চত চাইছিলোঁ। অৱশ্যে সেয়া প্ৰচেনিয়াম নাছিল। সেয়ে অন্য-স্থানিক পুণ‍ঃমঞ্চায়নৰ…

হালধি

অত্ৰেয়ী গোস্বামী   এটেমা হালধি বগা মাৰ্বলৰ মজিয়াত পৰি আছে হালধীয়া গোন্ধ এটা বতাহত উটি-ভাহি শোৱনি কোঠালৈ সোমাই গ’ল, তাত মানুহ এগৰাকী উচপ খাই উঠিল৷   মাইকী মানুহবোৰ হালধি হালধি গোন্ধায় বহুতে ঘিণ কৰে, বহুতে ভাল পায়, বহুতে আকৌ গোন্ধটোকে…

ক’ৰবাতহে

ভাস্কৰ জে নাথ   নাকটো আঁতৰাই থলোঁ হাত দুখনো চকু দুটা খোলা ৰাখিলোঁ এয়া কি দেখি আছোঁ বিভৎস বিশৃংখল   তোমাৰ চকুত জোনাক গলা ৰাতি এৰা! এতিয়া প্ৰেমৰ কবিতা থাওক   হাত দুখন আঁতৰাই ৰখাৰ দৰে নাকটোৰ দৰে মই মোৰ…

চিঞৰ

ধ্ৰুৱকুমাৰ তালুকদাৰ   কোনেও নুশুনা এটা চিঞৰ মোৰ কাণত সোমাবলৈ ৰৈ আছিল … বাৰিষাৰ এটা ৰাতিপুৱা মই শেতেলি এৰাৰ আগতে চিঞৰটো আহিছিল দৌৰাদৌৰিকৈ মই এৰি অহা গাঁওখনৰ ঘৰবোৰ ভাঙি যোৱা মানুহখিনিৰ মাজৰ পৰা –   মই চিঞৰটোক চিনি পাইছিলোঁ একেবাৰে…

ওমলা-পদ্য

অৰুণ গগৈ                      হেঙুলী পুৱাতে উঠি ঊষাই হাতত লৈছে উঘা, মাহীদেৱে গোঁসাই ঘৰত পঢ়িছে নামঘোষা।   বাৰণ্ডাতে বহি বৰমাই ঘূৰাই আছে যঁতৰ, বৰদেউতাই খুহুটীয়া কথাৰে কৰি আছে ৰগৰ ৷   বগলী…