জীৱন-বন্দনা
জুবিলী গগৈ নজনাকৈয়ে আহিলোঁ বহুদূৰ নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰে দুচকুত আন্ধাৰ লৈ পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা সেউজীয়া পোহৰ বিয়পি যোৱালৈ ভিৰৰ মাজতো কৰি থাকিলোঁ অবিৰত জীৱন-পাঠ ছানি পৰা চকুত ধূলি মাৰি গুচি…
জুবিলী গগৈ নজনাকৈয়ে আহিলোঁ বহুদূৰ নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰে দুচকুত আন্ধাৰ লৈ পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা সেউজীয়া পোহৰ বিয়পি যোৱালৈ ভিৰৰ মাজতো কৰি থাকিলোঁ অবিৰত জীৱন-পাঠ ছানি পৰা চকুত ধূলি মাৰি গুচি…
ৰেমী শৰ্মা এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ…
নীলাভ সৌৰভ এটা কবিতাই খুন্দা মাৰিলে আন এটাক মুখলৈ চাই দুয়ো দুয়োকে চিনি পালে এটা প্ৰেমৰ আনটো বিচ্ছেদৰ বজাৰ-সমাৰ ইত্যাদিৰ মাজত কবিতাই কবিতাক লগেই পোৱা নাছিল বহুদিন কাৰোবাৰ ঘৰৰ বুকছেল্ফত বা বিক্ৰী নোহোৱা কিতাপৰ মাজৰ পৰা সুৰুঙা পালে কেতিয়াবাহে…
অনুভৱ তুলসী ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামতকৈ জোনলৈ যোৱা বাছৰ ভাড়া কম তথাপি সকলো বাছ খালী জোনত ভোটকেন্দ্ৰ হেনো নাইকীয়া ৰাজআলি আছে গাঁত-টালিও আছে টোলগেটৰ সাধু শুনিবলৈ গাড়ীবোৰে ঢাপলি মেলিছে তুমি যাদুকৰ দৃশ্যমানকো কৰাঁ অদৃশ্য মৌনতা ফেৰী কৰি ফুৰাঁ…
অৰ্চনা পূজাৰী বতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেক খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে—- ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন বদনামী হৈ গ’লি সুদূৰৰ পৰা বৈ আনিছিলোঁ এছাটি শীতল বাও উশাহ ল’ব নোৱৰা ঘৰবোৰত ছটিয়াওঁ বুলি পুৱালৈকে…
দাদুল ভূঞা এখন ৰুটী সমানে দুভাগ কৰি এভাগ নিজেই ল’লোঁ আৰু আনভাগ দিলোঁ— তোমাক বাকী থাকিল কেৱল শূন্য আহাঁ, শূন্যটোক দুভাগ কৰোঁ এফাল তোমাৰ এফাল মোৰ তুমি তোমাৰ পৰা ওলাই আহিছা মই মোৰ পৰা আহাঁ— গাণিতিক সমীকৰণত গঢ়ি তোলোঁ সমতুল্য…
খনিন্দ্ৰ ভূষণ মহন্ত (১) থম-থমকৈ বহি আছে সন্ধ্যাটো তাতকৈ আহাঁ, যাতনাৰ কথাকে পাতোঁ কোৱাঁচোন – জীৱনটো যদি বৃত্ত প্রহৰবোৰ যদি ব্যাসার্ধ পৰিধিতনো মই কি থ’ম? (২) স্মৃতিৰ চহৰখন আজি ধুমায়িত… নিচা লগা মানুহৰ দৰে খোজ দি দি মই…
মৃদুল হালৈ এক ৰোৱণ উঠাৰ পাছত দেশ ভ্ৰমণলৈ ওলাল আমাৰ হালৰ গৰুহাল মই বোলো দৌতাহঁত ঔ, ওলাইছহঁক হয় পিছে জান জানো বাহিৰত কেনে চলিছে দিনকাল মুগাটোৱে কাণ-মূৰ জোকাৰি মোক মাতিলে কাষলৈ ক’লে– বাপু, সেইবোৰ ভাবনা আমালৈ…
কিশোৰ বড়ো ইকুল-সিকুল ৰঙ্গমঞ্চত ব্যাকুল ইখন নাৱত এখন আৰু সিখন নাৱত আনখন ভৰি মনৰ মাজত বুদ্ধ থাকিলেও যুদ্ধ এখন চলি থাকে সেইকথা নাৱে নাজানে মই ‘মই’ হৈ থকাৰ যুদ্ধখনৰ বাবে মই ‘মই’ হৈ থাকিব নোৱাৰোঁ আৰু তয়াময়া…
দীপালি দেৱী চৌধুৰী প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান চলি আছে আমাক নিচুকাবলৈ কেতিয়াবা ভেশচনত…