Category কবিতা

ককাদেউতা মৰিশালিৰ জেওৰাখন ভাগিল

মিণ্টু বুঢ়াগোহাঁই   পুৰণি হ’ল কথাবোৰ  জেওৰা এখনে কিমান দিন বেঢ়ি ৰাখিব মৰিশালী এখন ঘৰৰ বুৰঞ্জী মেলি সৰকি আহে ভৱিষ্যত৷    ককাদেউতা মৰিশালিৰ জেওৰাখন ভাগিল কাচিজোনৰ পোহৰত  এডাল এডালকৈ ছিঙি গ’ল কামিহাড় অপৰাধ বুলিবলৈ একোৱেই নাছিল আছিল মাথো এখন অৰণ্য…

ইলিজি

হেমচন্দ্ৰ কছাৰী   কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায়   খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে যেন মানৱ…

ক্ষমতা

মূল: অটল বিহাৰী বাজপেয় অনুবাদ: পৰিমালা কোঁৱৰ    অবোধ শিশু, বৃদ্ধা মহিলা, ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে তেওঁৰ বাবে মোৰ এটি প্ৰশ্ন আছে… মৃতজনৰ সতে তেওঁৰ কোনো সম্পৰ্ক নাছিল নে? একেই ধৰ্ম নাছিল নে,…

শেষ নোহোৱা বাটটোৰে

উদয় কুমাৰ বৰুৱা   শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয়   যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্‌যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…

গান্ধাৰী

দাদুল ভূঞা   চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো ইমানো সহজ নাছিল   তিনি জ্ঞানী বান্দৰে কৈছিল— ‘বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা’   আমি সেই বাটেৰেই খোজকাঢ়ি গৈছিলোঁ   পৰিৱৰ্তনৰ দুনিয়াত সলনি হৈছিল কথাবোৰ এতিয়া চকুৰে দেখা, কাণেৰে শুনা কথাবোৰ মন গ’লেও…

সাগৰ তীৰ

মূল: ৱেল্ডন কীজ অনুবাদ : প্ৰশান্ত মিশ্ৰ   এটা অন্ধকাৰ সুৰংগ পথত দাঢ়ি ভৰ্তি শুকান মুখেৰে লেপেটা কাঢ়ি বহি আছিল যোছেফ ছেমুৱেল নামৰ চাৰিখন চহৰৰ কৰ্মহীন কেৰাণীজন৷   ঢুকি নোপোৱা এটি আশ্ৰয়স্থল থৰ লাগি চাই আছিল বাহিৰৰ পোহৰকণলৈ   বৰষুণ…

ফেডেৰিক’ গাৰ্থিয়া লৰকাৰ তিনিটা কবিতা :

 অনুবাদ : ড° প্ৰাণ্‌জিৎ বৰা (১)                 কিমান কঠিন কিমান কঠিন মোৰ দৰে এনেকৈ তোমাক ভালপোৱাটো তোমাক ভাল পাইছোঁ, সেয়েতো সৌ বতাহে, মোৰ এই হৃদয়, মূৰৰ টূপীটোৱে আটায়ে মোকেই বিচাৰি ফুৰিছে কোনে কোনে কিনি নিব মোৰ পৰা এই ৰঙীণ…

সাঁথৰ

 জোনমণি দাস   জঁটীয়া সাঁথৰ এটা সমুখত লৈ বহুপৰ বহি আছোঁ বৰ্তমানৰ বুকুত বাদামৰ বাজলি গুচাই ৰৈ আছে তেওঁ মোৰ উত্তৰহীন উত্তৰৰ অপেক্ষাত   সাঁথৰ সোধাটো যিমান উজু আউল ভাঙি তপৰাই তাৰ উত্তৰ দিয়াটো তাতোকৈও টান   সাঁথৰত মোৰ সন্দেহটো…

বাণী

চয়নিকা ভূঞা           বেলি লহিয়াবৰ হ’ল  কথাষাৰৰ সত্যতা  তেতিয়াও বিচাৰ নহ’ল  অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্ত নঘটিবলগীয়া ঘটনা এটাক লৈ ইমান হামৰাও ইমান অতপালি  কথাবোৰক হানি-খুঁচি নতুন ৰূপ তায়ো মানি লয়  মানিবলৈ বাধ্য হয়  কাৰণ এটাই  সেয়া…

দৃশ্যপট

দিলীপ ফুকন কুঁহিপাত যেন কোমল স্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেই বাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ। বাহিৰলৈ চালোঁ নাই, গছে কুঁহিপাত মেলা নাই অৰ্কিডে আয়োজন কৰা নাই প্ৰস্ফুটনৰ কেতেকী চৰায়ে কটা নাই সৰুসূতা, অথচ মানুহবোৰৰ মুখত দেখা পালোঁ  সূৰ্যোদয়ৰ শোভা। যাৰ…