যুদ্ধত ঈশ্বৰ নিহত…
ধ্ৰুৱজ্যোতি দাস খবৰ : যুদ্ধত ঈশ্বৰ নিহত৷ ঈশ্বৰ কোনখিনিত নিহত হৈছে জনা হোৱা নাই; পূবত নে পশ্চিম দিশত সেই কথাও জনা নাযায়৷ কিন্তু ঈশ্বৰ যে নিহত হৈছে সেই কথা নিশ্চিত৷ ঈশ্বৰৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাই… এক. আতংকৰ অবাধ হত্যালীলাবোৰ…
ধ্ৰুৱজ্যোতি দাস খবৰ : যুদ্ধত ঈশ্বৰ নিহত৷ ঈশ্বৰ কোনখিনিত নিহত হৈছে জনা হোৱা নাই; পূবত নে পশ্চিম দিশত সেই কথাও জনা নাযায়৷ কিন্তু ঈশ্বৰ যে নিহত হৈছে সেই কথা নিশ্চিত৷ ঈশ্বৰৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাই… এক. আতংকৰ অবাধ হত্যালীলাবোৰ…
হিল্লোলজ্যোতি সিংহ নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে তুমি ঢিমিক ঢামাককৈ জ্বলি আছা সাঁতুৰি গৈ সিপাৰ পালোঁ দিনৰ পোহৰত তুমি হেৰাই থাকিলা! এক বিজন বালিচাপৰিত ঘঁৰিয়ালৰ দৰে থৰ হৈ পৰি ৰ’লোঁ মই ৰে’লৰেখা দুডাল গৈ য’ত লগ লাগিছে তাতেই…
মূল : নিকিতা স্তানেস্কু (ৰোমানিয়া) থমাছ কাৰ্লছনে কৰা ইংৰাজী অনুবাদৰপৰা অসমীয়া অনুবাদ : প্ৰাঞ্জল শৰ্মা কবিতা এযুৰি কান্দি থকা চকু হালি পৰা ঠানিৰে এখন কান্ধ কান্ধখনৰ কান্দি থকা চকু কান্দি থকা হাতদুখন কবিতা কবিতা সেই হাতৰ কান্দি থকা চকু কবিতা…
বিপুল কুমাৰ দিহিঙীয়া এটা ব্রেকিং নিউজৰ পাছত পূর্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ… শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্মিল সৰিয়হ ফুল ক’ৰ পৰা জানো আৰম্ভ কৰে… …
অনুবাদ : ড° ৰঞ্জিত দত্ত (১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো তেতিয়া তাত আছিল এক গভীৰ নিশ্বাস আৰু তেতিয়া তাতেই থিয় হৈ আছিল পৰ্বতটো আৰু থিয় হৈ আছিল পৰ্বতবোৰ আৰু সেইদৰেই থিয় হৈ আছে আজিও পৰ্বতবোৰ এঢলীয়া হৈ নামি…
মূল (বাংলা): – ডাঃ চাব্ৰিনা রুবিন অনুবাদ : উৎপল দত্ত দেখা হ’বই লাগিব এনেকুৱা কথাতো নাই দেখা নহলেও সূৰ্য উদয় হ’ব অস্ত যাব মেঘৰ পৰা বৰষুণ সৰিব বজ্ৰপাত হ’ব অমাৱস্যাৰ পাছত পূৰ্ণিমা আহিব দিন যাব, মাহ যাব ডেউকা মেলা চৰাইৰ দৰে সপোনবোৰ বতাহত…
অংকুৰণ আৰ্ফ পুৰাণ পদ্য – ১ শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ প্রাচীন এই শিলৰ উপত্যকাত ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে বুৰঞ্জীৰ বতাহত ভাহি অহা কাৰ এয়া ইমান দুখৰ মাত …
জ্যোতিনীলিমা গগৈ নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা বুলি নাৰীৰ ছবি অঁকা হৈছিল নোটবুকত সাঁচি ৰখা হৈছিল সেই নাম বতাহত সুহুৰি বজাই হৃদয় জগোৱা…
অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ মহাজনৰ প্ৰথম অৱতাৰ ‘মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত…’ পানীপেৰা যন্ত্ৰটোৱে পানীৰ জ্বৰ…
ধ্ৰুৱাৰ্ক চৌধুৰী সুনীল আকাশৰ বুকুত উৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰে পাহাৰৰ সৈতে আলিংগনৰ খেলা কৰে আকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ মেলাৰ ডাৱৰবোৰেই পাহাৰৰ বুকুত বৰষুণ হৈ সৰি পাহাৰক সেউজীয়া কৰি তোলে আৰু পাহাৰৰ বক্ষ উদাৰি নৈ-জান-জুৰি জলপ্ৰপাত হৈ বৈ গৈ…