Category কবিতা

পাৰাস্তম্ভ ১০°

 ৰিপুঞ্জয় বৰুৱা ঋমন   পাৰাস্তম্ভ ১০০ বিষে কোঙা বাওঁ খোপনি কুট্কুটনি কামোৰণি ঠাণ্ডাত বেছি আমনি ।   জীৱ যাবলৈ ধৰা বেচেৰা কোষবোৰে ছটফটাইছে ।   যিদৰে ছটফটাই চকাই চেপি মৰা কুকুৰ !   সিহঁতৰ দুখ নিজ চকুৰে দেখিছোঁ মৃত্যুৰ ঠেঙুলিত…

কেঁকুৰি

অৰ্চনা ঠাকুৰীয়া   মানুহৰ তেজৰ ৰং কেনে ? বিহুৱানখনৰ ফুলৰ ৰং যেনে হাঁহিয়ে পোহৰাই নে চাকিয়ে পোহৰাই আমাৰ সময়? উত্তৰটো মোক এতিয়াই লাগে মই মাটি-আখৰা কৰিম আৰু নিপুণ কলাকাৰৰ দৰে চালিনাচ নাচিম চাওঁচোন কাৰ এনে সত যিয়ে ক’ব চাকিৰ পোহৰহে…

সেই কথা ভাবি কি লাভ

সাগৰ সৌৰভ ইৰাণী কেফেখনত বহি আপোনাৰ সৈতে চাহ খাই আছিলোঁ৷ সেই ঠাইখিনিতে দুদিন আগতে উত্তেজিত জনতাই মানুহজনক কোবাই কোবাই মাৰি পেলালে৷ সেই কথা পাতি আৰু কি লাভ!   আপোনাৰ চকুৰ গুৰি ক’লা পৰিছে৷ ৰাতি চাগৈ নোশোৱে৷ হয়তো বিচাৰি ফুৰে উত্তৰ৷…

গান গোৱা মাছ

প্ৰাঞ্জল হাজৰিকা   যুদ্ধৰ শেষত সৰু বৰ যিবোৰ মাছ গৃহহাৰা হৈছিল সিহঁত পুনৰ উভতি আহিছে কিছুমান মাছ ক’লা কিছুমান নীলা কিছুমান দ্বিমাত্ৰিক ৰঙেৰে ভৰপূৰ   এতিয়া প্ৰাৰ্থনাৰ সময় সকলো মাছেই ক্ৰমান্বয়ে শাৰী পাতিছে ৰঙীন মাছবোৰ একেবাৰে শেষৰ শাৰীত সিহঁতে গান…

বেথা

লুইত কিৰণ দাস   লেচেৰী ধান ফুটিছে কঁঠালপতীয়া চকৰিত যেন ব্ৰহ্মাণ্ড ঘূৰিছে   মাঘৰ মেজিত যিদিনা আমি জহিছিলোঁ মাছ পোৰা গোন্ধাইছিল চুবুৰী   নীড়হীন পক্ষী আৰু লেলিহান জিভাৰ পোহৰত মাজনিশাই পুৱাইছিল ৰাতি কোনে কাৰ ৰেপিছিল ডিঙি?   দহনত জন্মে যদি…

অনুবাদ কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত মই নাজানো কিয় মূল : মৰিছ্ ৰজেনফিল্ড,পোলেণ্ড চকু দুটা মেলি  আকাশৰ বিপৰীত দিশে চালোঁ উচুপি আছে ডাৱৰবোৰে  সেয়েহে ময়ো উচুপিলোঁ, চকুদুটা তুলি আকৌ চাই ৰলোঁ ওপৰলৈ ৰাঙলী সূৰুযটোৱে   হাঁহিছে সেয়েহে ময়ো হাঁহিলোঁ। কিয়নো মই উচুপি কান্দিলোঁ কিয়নো…

চিঞৰ

ৰৌচন আলি চিঞৰবোৰ গুচি যায় উভতি নাহে বিচাৰি ফুৰোঁ কালি মৰা চিঞৰটো আদবাটত আজি  আয়ে তাহানিতে ‘পোনাকণ’ বুলি মৰা চিঞৰটো বিচাৰিয়েই  নৈৰ ঘাট পাওঁগৈ ইপাৰৰ গঁৰাত ঘঁহনি খাই উভতি আহিছিল যি চিঞৰ সেই চিঞৰেই তেতিয়া চিঞৰ হৈ চিঞৰিছিল আমাক !…

আবেলি

যশোৱন্ত নিপুণ এৰি অহা ঠাইবোৰ আকৌ বিচাৰি ছাঁবোৰো দীঘল হৈ গুচি গৈছে । ইমান খালি হৈ যাম বুলি জনাহ’লে বজাৰলৈ হয়তো কেতিয়াও নগ’লোহেঁতেন । সকলো খৰচ হৈ যোৱাৰ পাছত  মোনাখন খেপিয়াই খেপিয়াই চাওঁ, হাতত উঠি আহে এমুঠি শূন্যতা কেইখিলামান জৰাজীৰ্ণ…

বগলী

অৰুণ গগৈ                 আবেলি বিয়লি বগলী বিলৰ পাৰত পৰে পানীৰ মাজৰ পুঠিমাছ থাপ মাৰি ধৰে ৷   বহলাই বহে বৰপথাৰত দাঙি এটা ঠেং মুখৰ আগত পালেই খায় সৰু সৰু বেং ৷   শুকুলা…

ৰজাৰ মূৰত শিং গজিল

অৰ্চনা পূজাৰী ১) জনম জনম সাধুৰ সংসৰ্গ সেই সাধুবোৰৰে ঠেং দীঘল পেটত অদ্ভুত কথাৰ মেৰপেচ   ২) ৰজাৰ চুলি দীঘল হৈ গৈ আছে নাপিতে কাটে কিদৰে চলাবলৈ লৈ কেঁচি ৰৈ যায় নাপিত জ্বৰ ঘমা দিয়ে কি কাল কি ঘটনা !…