sdblogs2011

sdblogs2011

মই পাহৰি থকা এটা দিন

মৈত্ৰেয়ী পাটৰ দিনৰ দিনটো দিন এটা পাহৰি থাকিলোঁ আঙুলিত এতিয়া শীত সেমেকা নীৰৱতা দিন এটা পাহৰি থকাৰ দৰে পাহৰি থাকোঁ নিজকো বাঢ়ি আহে সুখময় বিষাদ পাহৰাৰ কুচকাৱাজ পাগুলি থাকোঁ হেৰাই যোৱা বহুতো বাট পাহৰণি এটা গান গুণগুণাই থাকোঁ এতিয়া মই…

প্লেটফৰ্ম নং ২১

দ্বীপৰাজ আজি জীৱনৰ কথাকে কোৱা যাওক : (অলপ পাছতে মই ৰাজহুৱাকৈ ঘোষণা কৰিম  মদ নাখাওঁ ২১-ত ২০ নম্বৰ ষ্টেচনতে শেষ চুৰটটো শেষ কৰি মোহাৰি পেলাম ভৰিৰে…) কাইলৈৰ পৰা কেলেণ্ডাৰখন পঢ়া টেবুলত থাকিব  ভেঁকুৰা ডায়েৰীবোৰ সোমাব আলমাৰীত… এদিন ল’ছালীয়ে পঢ়িব, কিদৰে…

নিজগৰী

নীলিমা ঠাকুৰীয়া হক  কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ তাৰ আকাশখনো বিবৰ্ণ জিন্‌ছতলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থানখেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰেজীৱনৰ এছোৱা…

এজন ওখ মানুহৰ প্ৰয়োজন

ভৰত ৰাজখোৱা জিলাখনৰ এমূৰীয়া পঞ্চায়তটোত বাস কৰা মানুহখিনিৰ এটাই দুঃখ তেওঁলোকে এজন ওখ মানুহ বিচাৰি পোৱা নাই৷ এজন ওখ মানুহৰ অভাৱে আজি দীৰ্ঘদিন ধৰি মানুহখিনিক কষ্ট দি আহিছে৷ পঞ্চায়তটোক সন্মিলিত জনগোষ্ঠীৰ পঞ্চায়ত বুলি ক’লেও ভুল কৰা নহ’ব৷ সকলো ধৰ্ম আৰু…

আমাৰ কৰচন চৰাইৰ অভিযান

(প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে) ৰূপজ্যোতি হাজৰিকা পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা এটা হবি৷ আজৰি সময়ৰ বেছিভাগ সময় চৰাই চোৱা কামটোতে ব্যস্ত হৈ থাকি‍ ভাল পাওঁ৷ সেইবাবে কেইজনমান বন্ধুৰ লগত বা কেতিয়াবা অকলেই এই কামটোত…

সম্পাদকীয়

সুখৰ আধুনিক উৎস মাঘবিহুৰ উৰুকাৰ আগদিনা সন্ধিয়া৷ চুবুৰি‍ৰ ৰাইজে সাজি তোলা ভেলাঘৰটোৰ সন্মুখতে জুই পুৱাই চাহমেলত বহিছে৷ মেলৰ বিষয় পাছদিনাৰ ভোজ আৰু মেজি৷ চুবুৰি‍ৰ এজন প্ৰাক্তন বাসিন্দা হিচাপে কিছু সময়ৰ বাবে ৰাইজৰ সান্নিধ্য বিচাৰি গৈ বহিছিলোঁগৈ৷ চহৰৰ এক আৱাসিক অঞ্চলৰ…

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস

 সমুজ্জ্বল শইকীয়া (১) কল্পবিজ্ঞান সাহিত্য বুলিলে বিজ্ঞানক ভিত্তি কৰি মানুহৰ বিশ্বাসযোগ্য হোৱাকৈ লিখা এক শ্ৰেণীৰ কল্প কাহিনীক বুজায়৷ এই কাহিনীত কল্পনাৰে বিজ্ঞানৰ আৱিষ্কাৰ, আৱিষ্কাৰৰ সুফল অথবা কুফল আৰু মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়াক দেখুওৱা হয়৷ কল্পবিজ্ঞান সাহিত্যত কল্পনাৰে বিজ্ঞানৰ চমৎকাৰী দিশ আৰু ইয়াৰ…

পাঠাগাৰ

 সভ্যতা ১ সম্পাদনা : বিপ্লৱজ্যোতি ভূঞা৷  বহু-আনন্দ, নগাঁও, ২০২১     অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতত বিভিন্ন সময়ত বিভিন্ন লিটল্‌ মেগাজিন্ বা সাময়িকী প্ৰকাশ পাই আহিছে যদিও প্ৰায়বোৰ আলোচনীয়েই জীৱনকালৰ ফালৰ পৰা অতিকে ক্ষণস্থায়ী বুলি পৰিগণিত হৈছে৷ যোৱা শাতিকাৰ অষ্টম দশকত প্ৰকাশিত সংলাপ  আৰু সংজ্ঞা,…

সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত [যোৱা সংখ্যাৰ পাছৰ অংশ]     দুদিনৰ মূৰে মূৰে সেউজপুৰৰ ৰাজসভাত সভাসদসকল সমৱেত হৈ উপস্থিত সমস্যাটোৰ সমাধানৰ পথ উলিয়াবলৈ যত্ন কৰিবলৈ ধৰিলে৷ কিন্তু বিদেশী শিক্ষক দুজন আৰু তেওঁলোকৰ লগ লোৱা গাহৰিসকলে এতিয়ালৈকে পোনপটীয়াকৈ একো কৰা নাই…

‘বাঘৰাণী খইৰী’

বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম শিম্‌লিপাল। উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ এক ঘূৰণীয়া পাহাৰীয়া অঞ্চল। ক্ষেত্রফল প্রায় তিনিহাজাৰ বৰ্গ কিল’মিটাৰ। এই অৰণ্যাঞ্চল শালগছেৰে ভৰা। কোনো ঠাইত ঘন, কোনো ঠাইত সেৰেঙা। আকৌ…