sdblogs2011

sdblogs2011

বন্ধু

 পংকজ প্ৰতিম বৰদলৈ দিফলুজান সাক্ষী হৈ আছে বহু উত্থান-পতনৰ। দিফলুপাৰৰ প্ৰতিঘৰ মানুহৰ বহু গুপ্ত কথাৰ সাক্ষী দিফলুজান দিফলুজানৰ সোঁতত বৈ গৈছে বহু আৱেগ, বহু স্মৃতি, বহু আনন্দ-উত্সাহ। দিফলুজানে কঢ়িয়াই ফুৰে বহুতৰ যন্ত্রণা। বহু নোকোৱা কথা। দিফলুজানৰ লগত কথা পাতি শাঁত পৰে…

মূল কবিতা : The Hollow Men (ৰচনাকাল : ১৯২৫)

কবি : টি. এছ. এলিয়ট অনুবাদ : ড° দীপশিখা ভাগৱতী  ৰিক্ত মানুহ বৃদ্ধ জনৰ বাবে একড়ি (১)     শুকান তৃণৰে পূৰ্ণ কৰি শিৰসজ্জা, সমগ্ৰতাৰে হাওলি পৰা, আমি ৰিক্ত মানুহ, আমি অসাৰ মানুহ৷ অস্! নিৰ্জৰ কণ্ঠৰ বৃন্দগীত যেন এই দুৰ্বল কোলাহল, যেন আৰৈয়া ঘাঁহত বতাহৰ…

মূল কবিতা: ছাৰা টীজডে’ল

অসমীয়া অনুবাদ: গীতুমণি তালুকদাৰ(ছাৰা টীজডে’ল (৮ আগষ্ট, ১৮৮৪ – ২৯ জানুৱাৰি‍, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ সম্পূৰ্ণ নাম ছাৰা ট্ৰেভ’ৰ টিজডেল৷ তেখেতেই ১৯১৮ চনত  কবিতাৰ বাবে  ‘কলম্বিয়া  বঁটা’ লাভ কৰা প্ৰথমগৰাকী কবি,  যিটো পাছত পুলিৎজাৰ বঁটা (কবিতাৰ ক্ষেত্ৰত) হিচাপে জনা যায়৷)  ৷৷ দুৰ্গুণ ৷৷তেওঁলোকে মোৰ ওচৰলৈ আহিছিলআপোনাৰ দুৰ্গুণবোৰৰ…

অঁ

কিশোৰ বড়ো(অঁ- অ)পিৰালিত বহি নখৰ চেপাত ওকণিক বিদায় জনায়উৰ্ণা নোলোৱাকৈ গা লৰাই গাভৰু এজনী পাৰ হৈ যায়‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’… জিভাত ফুটে তেতিয়া আৰু এতিয়াৰ পাৰ্থক্যৰ আখৈ (অঁ- আ)পিৰালিৰ পৰাই চিঞৰি সোধে— বোলোঁ ভালনে? ক’লৈ ঢপলিয়াইছে?মুখামুখি হ’লে সৌহাৰ্দ্যপূৰ্ণ ভাব বিনিময়পিঠি দেখুৱাই আঁৰ হ’লেই…

ৰাতি আৰু মই

মুনমুন সৰকাৰ শইকীয়া বোন্দাপৰ দিয়া ৰাতিটো  হাঁহি-কান্দি কান্দি-হাঁহি সি কৈ আছে আৰু কৈ গৈছে তাৰ ক’লা বৰণৰ আঁৰৰ কাহিনী।   তাৰ কাহিনীত বুৰ গৈময়ো ৰাতিৰ বৰণ লৈছোঁ;মোৰ দাঁত আৰু হাতৰভৰিৰনখকেইটাৰ বাহিৰেমোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰআধিপত্য।   মোৰো ক’বলগীয়া আছিল—এন্ধাৰৰ আঁৰৰ কাহিনী।ক’ব নোৱাৰিলোঁ,মই…

উঁই হাফলুৰ ঘৰ

 অৰ্চনা পূজাৰী পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ   ভিতৰখন তলাতল ঘৰ বিচুৰ্তি  হোৱাৰ পাল কি দেখিলোঁ কি দেখিলোঁ অ’ সৰুকণ সামান্য পোক খলপা-খলপি বিশাল সাম্ৰাজ্য   বাঁহগছৰ চুপাটোৰ গুৰিতে উঁইহাফলু উঁইহাফলু ভাঙোতে দেখিছিলি নে অ’ সৰুকণ ৰত্নাকৰৰ ছাঁ   ওৰে বাটতো…

পুৰণি বগা চোলাটো

ডেইজী অনুৰঞ্জনা পুৰণি বগা চোলাটো মোৰ আলনাত এতিয়া নাথাকে    এসোপা কজলা দাগেৰে সি এতিয়া মাথোঁ বিচাৰি ফুৰে পিৰিক-পাৰাক চকুৰ বাট  . ৰ লাগি চাব পৰাকৈ আগৰ ভমকাফুলীয়া চাৱনিটো এতিয়া আৰু তাৰ নাই নতুনৰ চিকচিকীয়া গোন্ধটোও হেৰাল . মাজে মাজে সেমেকা চকুৰে…

শিক্ষা, শিক্ষা ব্যৱস্থা আৰু সংগঠিত ছাত্ৰ সমাজ

 কৰৱী বৰ্মন কলিতা   শিক্ষা মানৱৰ জীৱনব্যাপি চলা এক অবিৰত প্ৰক্ৰিয়া। এখন ৰাষ্ট্ৰৰ বা দেশৰ উন্নতিৰ বাবে প্ৰতিজন নাগৰিক শিক্ষিত হোৱাটো খুবেই প্ৰয়োজনীয়। আনুষ্ঠানিক শিক্ষা লাভৰ মাধ্যমেৰে প্ৰতিজন দেশৰ শিশুৱেই দেশৰ ভৱিষ্যৎ গঢ়িব বুলি আশা কৰা যায়। দেশৰ পিতা মহাত্মা গান্ধীয়ে…

অনূদিত কবিতা

মূল : ফৰাচী ঝঁ ফ’ল্যাঁ (Jean Follain) অনুবাদ : ড° প্ৰশান্ত মিশ্ৰ (১৯০৩ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ঝঁ ফ’লাঁ (Jean Follain) পেছাত আৰম্ভণিতে অধিবক্তা আৰু পাছলৈ এগৰাকী ন্যায়াধীশ হয়গৈ। ফ্ৰান্সৰ অন্য কবিসকলতকৈ  কিছু পৃথক এই কবিগৰাকীৰ কবিতাত পূব এছিয়াৰ সাহিত্যৰ, ঘাইকৈ…

চম্পা

মনোজ নেওগ   চেঁচা। সাবটি শুবলৈ মানুহৰ গাৰ দৰে কাঠৰ তাপ নাই। মানুহ। কাঠ। অৰণ্যত মৰাগছৰ ঠাণি কঁপাই কৰতীয়াল বতাহ।   অযথা হেজাৰ মাত হেৰোৱা দিনত হাজিৰাৰ খীণ মাত এটা শিলিখা সোৱাদৰ এটা মাত   — চম্পা অ’, নিৰাপদ নহয় নগৰ।…