sdblogs2011

sdblogs2011

নাৰীবাদৰ অ-আ-ক-খ

 ভৃগুমণি নাথ বিংশ শতিকাৰ ষষ্ঠ দশকৰপৰাই নাৰী অধ্যয়ন বিষয়টোৱে গৱেষক আৰু বুদ্ধিজীৱীসকলৰ মাজত এক বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ এই বিষয়টোৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সমাজে ইয়াক বৰ্তমান সমাজবিজ্ঞানৰ এক স্বতন্ত্ৰৰীয়া শাখা হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ প্ৰাচীন কালৰেপৰা বৰ্তমানলৈকে মহিলাসকলৰ…

সম্পাদকীয়

উচ্চশিক্ষাৰ সংস্কাৰ আৰু কিছুমান এৰাব নোৱৰা প্ৰসঙ্গ         আধুনিক পৃথিৱীৰ শিক্ষাব্যৱস্থাৰ মানচিত্ৰত আমেৰিকান বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ স্থান আছে৷ বিশেষকৈ আমেৰিকান বিশ্ববিদ্যালয়সমূহে মৌলিক গৱেষণাৰ দিশত স্বতন্ত্ৰভাৱে আগ বাঢ়িব পাৰে কাৰণেই বিভিন্ন দেশৰ প্ৰতিভাশালী শিক্ষাৰ্থী আৰু শিক্ষাৱিদ-বিজ্ঞানীৰ বাবে আমেৰিকা আগ্ৰহৰ স্থান৷…

শেঁতা পৰা আলোক-সংকেত

ড° ভাৰত বৰুৱা         আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰত বিদেশৰ পৰা আহি প্ৰতি বছৰে এক নিযুততকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰেহি। উচ্চশিক্ষা হৈছে আমেৰিকাৰ এক বিশাল ৰপ্তানি সেৱা যিটোৱে  ৪২  বিলিয়ন ডলাৰৰ ৰাজহ যোগান ধৰে। কিন্তু শেহতীয়াকৈ সেই ধনৰ প্ৰৱাহ প্ৰায় বন্ধ হ’বলৈ…

বাঘিনীৰ সত্য জীৱন কাহিনী

   ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম সেইদিনা ৰাতি হৰিশে মোক জগাই খইৰীয়ে তাক কামোৰাৰ কথা জনোৱা নাছিল৷ কাৰণ সি জানিছিল যে কৰ্তব্যৰ সময়ত সি খইৰীক পহৰা নিদি শুই আছিল বুলি জানিলে তাৰ ওপৰত মই বিৰক্ত হ’ম…

জোতা

 নীলোৎপল বৰুৱা  বেদ বৰাই বুটজোতা ল’লে। শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে। প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ যুদ্ধ জিকি উভতি অহা বিজয়ী চামুৰাই এজনৰ মুখ ভংগিমাৰে তেওঁ ঘৰলৈ আহিল!! দামী জোতা। কিচকিচিয়া ক’লা চামৰাৰ বুটজোৰৰ ওপৰত কে’বাটাও ষ্টিলৰ…

দুটা কবিতা

বিশাল অনুৰাগ শীত তুমি এৰাসুঁতি এটা হ’লে  মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁ আৰু ৰ’দলৈ বাট চাওঁ  বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ  মইতো নহ’লো পানী-মকৰা  পৰালৈকে পাৰতে থাকিম  তোমাৰ চেঁচা কঁপনিক নিচুকাই  গঁৰাৰ স’তে এনেয়োতো খহিম বাৰিষাত  পূৰ্ণিমা  আজি নিজৰেই…

ভালে আছোঁ

ইলামণি শইকীয়া     কেনে  আছা বুলি সুধিলেই  সকলো ‘ভালে আছোঁ’ বুলি কোৱাটো এটা নিয়ম একো ভালে নথকাৰ এক অনৰ্থ প্ৰতীকী মুখা আঁৰি ল’ব লগা হয় মুখত পিন্ধাব লগা হয় চকুত সাগৰৰ সূৰ্যৰ এচপৰা চকু ছাটমৰা চিকমিকনি দেহলৈ আনি ল’ব…

ঘাম

গজেন মিলি জোনে সদায় গা ধোৱে বেলিৰ কুহুমীয়া নৈত জোনৰ ঘাম সৰে ৰাতি নিতৌ নিশা ঘামত তিতি ঘাঁহ-বনে পৃথিৱীৰ মৰম বিচাৰি গেঁৰ ধৰে ফুল-ফল ধৰি নদন বদন হয় সপোনৰ আলিঙ্গনত আমাৰো তৃষ্ণাই সাঁতোৰে ঘামৰ নৈত   দৈবাৎ এহালি গঙা চিলনী হৈ…

দৃষ্টিভঙ্গীয়ে সফলতাক কেনেকৈ প্ৰভাৱিত কৰে?

ড° পুলক সভাপণ্ডিত  শৰীৰৰ যিটো অংগই মানুহক আন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে সেইটো হ’ল মানুহৰ মস্তিষ্ক৷ মানৱ মস্তিষ্ক (human brain) বা মগজু হ’ল মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগ৷ মস্তিষ্কৰ মূল গঠন-উপাদান হ’ল নিউৰন (স্নায়ুকোষ)৷ মানুহৰ মস্তিষ্কত…

একলা আকাশ

 ৰঞ্জু শৰ্মা   সোঁৱৰণ…         টুলুঙা নাও কিছুমানৰ দৰে মেঘৰ চপৰাৰে ভৰি থকা এখন পানীৰঙী আকাশ, সেই আকাশৰ চন্দ্রাতপে ঢাকি ৰখা এখন পাহাৰ। ওখ! খু– উ– উব ওখ! য’ত পাইন গছ আৰু দেৱদাৰুৰ বাদে এক্কোৱেই নাথাকে। সেই পাহাৰৰ এটা সুন্দৰ ঢালত আমি এটা …