অকণিয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
ৰঞ্জুমণি মহন্ত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা–চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা…
সঞ্জীৱ সভাপণ্ডিত ডেকা-গাভৰু বয়সত দেহা উজান–ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত–ভৱিষ্যতৰ মাজত উজান–ভাটী কৰি থাকে৷ ডেকা-গাভৰু বয়সত যৌৱনৰ জোৱাৰত মন-কাগজৰ নাওখন উজান–ভাটী কৰে সংগমৰ তাড়নাত বা মিলনৰ আকাংক্ষাত৷ তেতিয়া কামনাৰ বাসনাত মন দহে, দেহা জ্বলে৷ তেতিয়া অনেক কথাই তুচ্ছ হৈ পৰে৷ পৰিয়াল–সমাজ-বয়সৰ সকলো বান্ধোন ছিঙি পেলাবলৈ…
ড০ ৰাস্না ৰাজখোৱা জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চনত ‘জেৰুজালেম ইহুদী সম্প্ৰদায় সমাধি সমাজে’ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে মহানগৰখনৰ আটাইতকৈ ডাঙৰ সমাধি ক্ষেত্ৰ ‘হাৰ হেমেনুচ’ট’ (Har Hamenuchot)-ৰ এটা পাহাৰত খনন কাৰ্য চলাই আৰু প্ৰায়…
গীতাঞ্জলি বৰকটকী কেঁচা খৰিৰ গোন্ধ উজাই অহা ৰাতি দুচকুত দোৰোণফুলীয়া হাঁহি পঢ়া টেবুলৰ পৰা জুহাললৈ তাঁতবাতি কঠিন অংকত উজুটি খাই পৰে টোপনি জুহালৰ কাষত ককা-আইতাৰ সাধুকথাত আছিল বহু অজানা কাহিনী ফুল হৈ যোৱা ছোৱালীজনী চৰাই হৈ দেউতাকৰ হাতত পৰি তামোল…
কিছুদিনৰ পূৰ্বে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা অসম চৰকাৰৰ এখন বিজ্ঞাপনৰ ফলকত কোনোবা বাংলাভাষী সংগঠনৰ লোকে অসমীয়া আখৰত ৰং সানি ‘বাংলা লিখুন’ বুলি লিখাক লৈ সামাজিক মাধ্যম তথা প্ৰচাৰ মাধ্যমত যথেষ্ট হৈ চৈ সৃষ্টি হৈছিল৷ আৰু সতেত যিটো হয় সেইটোৱেই…
ড০ ভাৰত বৰুৱা য়েল্ল’ষ্ট’ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছিল ১৮৭২ চনত। উদ্যানখন শেষ নোহোৱা উলূৱনি, লানি নিছিগা পৰ্বতমালা, আৰু দেধাৰ বন্যপ্ৰাণীৰে ভৰা। ৱায়‘মিং প্ৰদেশৰ উত্তৰ-পশ্চিম কোণৰপৰা ই ম‘ণ্টানা আৰু…
এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি -জীৱন কিশোৰ ———————– (১) ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ…
শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ আগবঢ়াইছোঁ৷ জীৱনৰ অনেক শিক্ষাৰ আদিপাঠ যিকোনো পৰিৱেশতে যিকোনো সময়তে সন্ধান কৰিবলৈ অবিৰতভাৱে যত্ন কৰোঁ৷ সমুখত আহি পৰা যিকোনো শিক্ষা পাঠ…
অভিজিত শৰ্মা বৰুৱা আজি এই সভাত উপস্থিত জ্যেষ্ঠ-কণিষ্ঠ সকলোলৈকে শ্ৰদ্ধা-সম্ভাষণ জনাই বিজ্ঞানক বিষয়ৰূপে লৈ প্ৰতি বছৰে আয়োজন কৰা ‘অন্যযুগ বক্তৃতামালা’ৰ উদ্যাক্তা ‘অন্যযুগ’ আলোচনীৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজ্ঞান শব্দটো সংস্কৃতৰ পৰাই আহিছে আৰু ইয়াৰ অর্থ হ’ল- বিশেষ জ্ঞান। অর্থাৎ বিজ্ঞান…