sdblogs2011

sdblogs2011

তুমি অহাৰ দিন

অমিতাভ ফুকন তুমি অহাৰ দিনাই নৈৰ পাৰত কঁহুৱা জোনাকত মুকুতা সুৱাসত শেৱালি তুমি অহাৰ দিনাই গ্ৰহণ লুকায় কোলাহল ঘৰচিৰিকাৰ হেঁপাহৰ ডোঙা তুমি অহাৰ দিনাই নাচোনত দেও-দৰিকণা সখিয়তীৰ উলাহ তুমি অহাৰ দিনাই সুগন্ধি শাৰদী আই ৰাংঢালী সুৰীয়া বীণ সুদিনৰ শব্দ মেলা…

সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ছাৰ আইজাক নিউটন

 ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই ক’ম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হ’লে বিজ্ঞান আজিৰ এই অৱস্থান…

ডেইৰি টেকন’লজি (Dairy Technology)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ডেইৰি টেকন’লজিৰ স্নাতক পাঠ্যক্রম (B. Tech / B.Sc. )-ত নাম ভৰ্তি কৰিব পাৰে। ডেইৰি টেকন’লজিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ…

তলসোঁত

দিগন্ত শইকীয়া   পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল   দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল   ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি   নাওবোৰ ফিৰি অহা নাই আন কিছুমান চকুলৈ লোণ সংক্ৰমণ,   বিষৰোধী অৱসাদক   ভাগে ভাগে আয়োগ বিনিয়োগ…

মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম ( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷) প্ৰাচীন মেডিচিন : অতি প্ৰাচীন কালৰ পৰাই মানুহে…

মোৰ প্ৰশ্ন আপুনি

ঋষভ নাথ   কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত আৰু সিপিনৰ সেঙেটা আন্ধাৰত বতাহৰ চপৰা পিটিকি হাতবোৰ তাত, ঠিক স্থৱিৰতাত।   জুয়ে চোবাই চুহি শুহি শৰীৰৰ তেজ-মঙহ খালেও হাতেৰে ধোঁৱা ঢুকি পাব নোৱাৰি তাত বাৰু মোৰ কোনো সন্দেহ নাই বিশ্বাসো অটুট…

ইচ্ছাবৰ্ণনা

 প্ৰদীপ শইকীয়া   আউজনী গাৰু মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন   ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড              আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়ত তিনিটা দিন ইচ্ছা ২ ৷ মহেঞ্জোদাৰো ভীমবেটকা ৰাখি গঢ়ীত               আলেঙে আলেঙে কাৰোবাক বিচৰাৰ ইচ্ছা ৩ …

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত (যোৱা সংখ্যাৰ পিছৰ পৰা) প্ৰথম অধ্যায় ৩৬) শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথত গমন কৰিলে দুয়ো আশ্ৰমলৈ বুলি দেখি এনে লাগে যেন বাৰিষাৰ মেঘমালাত  ঐৰাৱত আৰু বিজুলী । স্নিগ্ধগম্ভীৰনির্ঘোষমেকং স্যন্দনমাশ্রিতৌ | প্রাবৃষেণ্যং পয়োবাহং বিদ্যুদৈৰাবতাবিব ||…

অনুভৱ তুলসীৰ ‘অলপ বেছি’ : এটি আলোচনা

ড° দীপমণি দাস কবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত  এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ  প্ৰকাশ আলোচনীত প্ৰকাশিত তেওঁৰ ‘অলপ বেছি’  শীৰ্ষক কবিতাটো পঢ়ি পাঠক হিচাপে আমাৰ মনলৈ অহা  নান্দনিক তুলসীৰ লগত কলপটুবাৰ মুক্তি প্ৰতিক্ৰিয়াবোৰৰ লিপিবদ্ধকৰণ  কৰাৰ সৰল…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (১৪)   শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল,  মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় ক’ব পাৰিবানে? : জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো…